Logo
image

ডব্লিউ টি চিৰ ফাইনেলৰ প্ৰস্তুতি ভিন্নৰঙী বলেৰে অনুশীলন ভাৰতৰ

‘আমাৰ অসম’, ৪ জুনঃ যোৱাবাৰৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত  ভাৰতৰ পৰাজয়ৰ এটা প্ৰধান কাৰণ আছিল দুৰ্বল ফিল্ডিং৷ এইবাৰ যাতে তেনে নহয় তাৰ বাবে আগতীয়াকৈয়ে প্ৰস্তুতি চলাইছে ভাৰতীয় দলে৷ ইংলেণ্ডৰ পৰিৱেশত বল ধৰাত যাতে অসুবিধা নহয় তাৰ বাবে ৰংবিৰঙৰ ৰবৰৰ বলেৰে অনুশীলন কৰা দেখা গৈছে বিৰাট কোহলি, ৰোহিত শৰ্মা আদি ভাৰতীয় দলক সদস্য সকলক৷ ইংলেণ্ডৰ আৰুনডালত অংশ লোৱা অনুশীলনত ৰঙা, হালধীয়া, সেউজীয়া ৰঙৰ ৰবৰৰ বলেৰে কেচ  ধৰা দেখা গৈছে ভাৰতীয় দলৰ ক্ৰিকেটাৰসকলক৷ এই বল বোৰক ‘ৰিয়েকশ্বন বল’ বুলি কোৱা হয়৷ সাধাৰণতে ইংলেণ্ড, নিউজীলেণ্ডত এনেধৰণৰ বলেৰে কেচ ধৰাৰ অনুশীলন কৰে ক্ৰিকেটাৰে৷ এনে বলৰ ওজন কম৷ ফলত বতাহত যিকোনো সময়ত বলৰ দিশ পৰিৱৰ্তন হ’ব পাৰে৷ সেয়ে এই বলেৰে অনুশীলন কৰিলে ক্ৰিকেটাৰৰ কেচ ধৰাত সুবিধা হয়৷ বেংগালুৰুৰ নেশ্বনেল ক্ৰিকেট একাডেমীৰ এজন প্ৰশিক্ষকে কয়–‘ইংলেণ্ড আৰু নিউজীলেণ্ডত ঘাঁহৰ তলত আদ্ৰতা থাকে৷ সেয়ে বল অধিক ছুয়িং হয়৷ এই দুই দেশত বেটৰ কাষত লাগি বল যেতিয়া ফিল্ডাৰৰ কাষলৈ যায়  তেতিয়া হঠাৎ দিশ সলনি কৰে৷ ফলত কেচ ধৰা কঠিন হৈ পৰে৷ সেয়ে এই বিশেষ  বলেৰে অনুশীলন কৰিছে ভাৰতীয় দলে৷ উল্লেখ্য সাত জুনৰ পৰা অ’ভেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অৱতীৰ্ণ হ’ব ভাৰতীয় দল৷