Logo
image

উত্তপ্ত হৈ পৰিছে জলাশয়ৰ পানী, জাকে জাকে মৰিছে মাছ

‘আমাৰ অসম’, ৪ জুনঃ  ৰাজ্যত বিগত প্ৰায় এসপ্তাহ ধৰি চলি তাপমাত্ৰা অভাবনীয়ভাৱে বৃদ্ধি হোৱাৰ ফলত স্তব্ধপ্ৰায় জনজীৱন৷ তাপমাত্ৰা একেৰাহে ৩৭-৩৮ ডিগ্ৰী চেলছিয়াছ হৈ থকাৰ পৰিপ্ৰেক্ষিতত উত্তপ্ত হৈ পৰিছে জলাশয়ৰ পানী৷ অভাবনীয়ভাৱে গৰম হৈ পৰিছে পুখুৰী, খাল-বিলৰ পানী৷ খাল-বিল, জলাশয়ৰ পানী অস্বাভাৱিক ধৰণে উত্তপ্ত হৈ পৰাৰ পৰিপ্ৰেক্ষিতত জাকে জাকে মৰিছে মাছে৷ ফলত নলবাৰী, নগাঁও, বৰপেটাৰ মৎস্য পালক বিমোৰত পৰিছে৷ নলবাৰীৰ গোৱৰাদলত সমবায় ভিত্তিত মৎস্য পালন কৰা তিনিটা পুখুৰীত বহু সংখ্যক মাছ মৰিছে পুখুৰীৰ পানী উত্তপ্ত হৈ পৰাৰ পৰিপ্ৰেক্ষিতত৷ গোৱৰাদল অঞ্চলত নিবনুৱা  যুৱক-যুৱতীক স্বনিয়োজনৰ বাট দেখুওৱাৰ লক্ষ্য লৈ বিমল শৰ্মাই অমৃত উপবন বহুমুখী সমিতি লিমিটেডৰ অধীনত প্ৰায় ১২ বিঘাৰ তিনিটা পুখুৰীত মীন পালন কৰিবলৈ লয়৷ তেওঁলোকৰ পুখুৰীৰ পানী উত্তপ্ত হৈ পৰাত অস্বাভাৱিকভাৱে বহু সংখ্যক ৰৌ-ভকুৱা মৃত্যু হোৱাৰ উপৰি জাকে জাকে মাছ পুখুৰীত ভাহি উঠিছে৷ ধিঙৰ নব কাকতি নামৰ এজন মৎস্যপালকৰ পুখুৰীত কেইবা কুইণ্টল মাছ মৰি যোৱাত মানসিকভাৱে ভাগি পৰিছে৷ উৎকট গৰমৰ বাবে খাল-বিলৰ মাছো মৰিছে জাকে জাকে৷ যদি আৰু কেইদিনমানলৈ বৰষুণ নহয় তেতিয়াহ’লে হয়তো আৰু ভয়ংকৰ অৱস্থা হ’ব৷ চৰকাৰে মৎস্যপালনৰ প্ৰসাৰৰ নামত কোটি কোটি টকা ব্যয় কৰি বিজ্ঞাপন প্ৰকাশ কৰে যদিও প্ৰকৃত মীনপালক যে চৰকাৰৰ সা-সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে সেই কথা বৰ্ণনা কৰাটো হয়তো বাহুল্য হ’ব৷ তেনে পৰিস্থিতিত স্বনিয়োজনৰ বাবে গাঠিৰ ধন ভাঙি মীনপালন কৰিবলৈ লোৱা সকলৰ বাবে কোনে সুদৃষ্টি দিব তাক লৈ প্ৰশ্নৰ উদয় হৈছে৷

‘আমাৰ অসম ধিং আৰু বেবেজীয়াৰ প্ৰতিবেদকঃ যোৱা কেইদিনমানৰ পৰা খৰাং সদৃশ পৰিবেশৰ সৃষ্টি হোৱাৰ লগতে উষ্ণতাৰ পৰিমাণো যথেষ্ট পৰিমাণে বৃদ্ধি হৈ আহিছে৷ যাৰ লগে লগে পানীৰ উষ্ণতাও বৃদ্ধি পাই গৈছে৷ তাৎক্ষণিক ভাবে হোৱা এনে খৰাং সদৃশ পৰিস্থিতিৰ বাবে নগাঁও জিলাৰ ধিঙৰ মৎস্যপালক সকলেও মূৰে-কপালে হাত দিব লগা অবস্থাৰ সৃষ্টি হৈছে৷ কিয়নো উষ্ণতা বৃদ্ধিৰ ফলত পুখুৰী সমূহত পানীৰ উচ্ছতা হঠাৎ নিম্নগামী হৈ পৰাৰ উপৰি অস্বাভাৱিক ভাবে পানীৰ উষ্ণতা বৃদ্ধি হৈছে ফলতেই জলজ জীৱসমূহৰ মৃত্যু ঘটিছে৷ এনে এক পৰিস্থিতিৰ ফলতে ধিঙৰ বৰভেটিৰ নব কাকতি নামৰ মৎস্য পালকজনৰ পুখুৰীত থকা ৰৌ, বৰালী, ভকুৱাকে আদি কৰি একৰ পৰা পাচঁ কেজি ওজনৰ বহু কুইণ্টল মাছ মৰি যোৱাত এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে মৎস্য পালক গৰাকী৷ উল্লেখ্য, নগাঁৱৰ উত্তৰ পশ্চিমাঞ্চলৰ বহু মৎস্য পালকে বিগত প্ৰায় এসপ্তাহ ধৰি নিজৰ নিজৰ পুখুৰীত মেচিনেৰে অহৰহ বাহিৰৰ পৰা পানীৰ যোগান ধৰি আহিছে যদিও আন একাংশই ধনৰ অভাৱত পানী যোগান ধৰিব পৰা নাই ফলত পুখুৰীত পানীৰ পৰিমাণ কমি যোৱাৰ মাছ মৰি আছে৷