Logo
image

ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি আৰু মুখাৰ আঁৰৰ মুখবোৰ

বিগত কেইবা মাহ জুৰি অসমত ঘটি থকা কেতবোৰ অভূতপূৰ্ব, অনাহূত ঘটনাই ৰাজ্যখনৰ বাবে এক নেতিবাচক দিশ কঢ়িয়াই অনাৰ লগতে মানৱতাৰ অৱক্ষয়, যুৱ-প্ৰজন্ম এচামৰ মানসিকতাৰ প্ৰতিচ্ছবিখন প্ৰকট কৰি তুলিছে৷ শিক্ষিত চিকিৎসক দম্পতীয়ে বিকৃত ভাৱধাৰাক প্ৰতীয়মান কৰি নিজৰ পালিত সন্তানক নিষ্ঠুৰভাৱে অত্যাচাৰ কৰিছে অথচ আনফালে সংগীত চৰ্চাৰে এটাৰ পাছত এটাকৈ ভিডিঅ’ৰ দ্বাৰা পতি-পত্নীয়ে নিজৰ সাংস্কৃতিক মন (?)কো প্ৰদৰ্শন কৰিছে৷ বৈষয়িক লালসা পূৰণৰ বাবে পতিৰ লগতে শাহুৱেককো নৃশংসভাৱে হত্যা কৰি অকণো অনুতপ্ত হোৱা নাই যুৱতী৷ বৰঞ্চ সতীৰ্থৰ সৈতে তেওঁৰ আশা পূৰণত বাধা দিয়াসকলকো একে পথৰে পথিক কৰাৰো পৰিকল্পনা কৰিছিল যুৱতীয়ে৷ প্ৰশাসনৰ শীৰ্ষ পদত অধিষ্ঠিত আই এ এছ বিষয়াই নীতি-নিয়ম, আইন-কানুনক অংগুষ্ঠ প্ৰদৰ্শন কৰি জী-জোঁৱাই, সাংগো-পাংগোক লৈ শ কোটিৰো অধিক টকাৰ কেলেংকাৰী কৰিছে৷ উল্লেখ্য কেঁচু খান্দোতে সাপ ওলোৱাৰ দৰে এই কেলেংকাৰীত লিপ্ত হোৱা আৰ টি আই কৰ্মী, সাংবাদিক আৰু অন্য কৰ্মচাৰী সংগঠনৰ নেতা, দালাল এজনৰ পাছত এজনকৈ গ্ৰেপ্তাৰ হৈছে৷ এই ঘটনাই প্ৰকৃতাৰ্থত উন্মোচিত কৰিছে দুৰ্নীতি ৰোধৰ বাবে দায়িত্ব গ্ৰহণ কৰা এচাম লোকৰ মুখাৰ আঁৰৰ প্ৰকৃত মুখখন৷ এইবোৰ ঘটনাৰ সমান্তৰালকৈ অসমক জোঁকাৰি গৈছে জোনমণি ৰাভা নামৰ কম বয়সীয়া যুৱতী আৰক্ষী উপ-পৰিদৰ্শকগৰাকীৰ সন্দেহজনক মৃত্যুৱে৷ লক্ষণীয়ভাৱে এই ঘটনায়ো পোহৰলৈ আনিছে অসমত দীৰ্ঘকাল জুৰি চলি থকা নকল সোণ, জালনোটৰ ৰমৰমীয়া ব্যৱসায়ৰ লগত জড়িত নেপথ্যৰ বহু অকথিত কাহিনী৷ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষকৰ পৰা অ’ চি, অন্য আৰক্ষী বিষয়া সহিতে এই অবৈধ বেহাৰ লগত জড়িত চক্ৰটোৰ বুজাবুজি অবিহনে যে এইবোৰ চলিব নোৱাৰে তাক দোহৰাৰ প্ৰয়োজন নাই৷ এতিয়া জোনমণি ৰাভাৰ মৃত্যুৰ পাছত বহু ঘটনাক গাপ দিবলৈ চেষ্টা কৰা হৈছে যদিও ৰাইজে ইতিমধ্যে বুজিব লগা কথাবোৰ বুজি পাইছে৷ এই ঘটনাক লৈ অসমৰ বিভিন্ন স্থানত ক্ৰিয়া-প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে গুৱাহাটী আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ জ্জজন ছাত্ৰই মাজনিশা জালুকবাৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটি লোৱা হৃদয়বিদাৰক ঘটনাই অসমবাসীক জোঁকাৰি গৈছে৷ ছাত্ৰাৱাসত থকা ছাত্ৰই মাজনিশা ভাড়া গাড়ী লৈ তীব্ৰ বেগেৰে কি কাৰণত ওলাই গৈছিল, সেই সম্পৰ্কে এতিয়া বিভিন্ন ব্যাখ্যা চলি আছে৷ কিন্তু এই ঘটনাই এচাম মেধাসম্পন্ন ছাত্ৰৰো মানসিকতা কোনদিশে ধাৱমান হৈছে আৰু এইসকলক নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনিক, সামাজিক ব্যৱস্থাটোত থকা কেৰোণ সমূহকো উদঙাই দিছে৷ ওপৰত উল্লেখ কৰা প্ৰতিটো ঘটনাৰ পাছত ৰাজ্যৰ চৰকাৰ, শীৰ্ষ প্ৰশাসনিক বিষয়া, শীৰ্ষ আৰক্ষী বিষয়াৰ পৰা বিভিন্ন মহলে ঘটনা ঘটাৰ পাছত লোৱা ব্যৱস্থাসমূহ ৰাইজক সদৰি কৰিছে যদিও এনে ধৰণৰ অন্ততঃ প্ৰতিৰোধ কৰিব পৰা নীতিবহিৰ্ভূত কাৰ্যসমূহৰ ক্ষেত্ৰত যে সংশ্লিষ্ট পক্ষৰ হেমাহি, নিৰ্লিপ্ততা আছে তাক দোহৰাৰ প্ৰয়োজন নাই৷
চিকিৎসক দম্পতী উচ্ছ শিক্ষিত আৰু সামাজিকভাৱে প্ৰতিষ্ঠিত হোৱাৰ পাছত তেওঁলোকে কৰা কাৰ্যসমূহে আমাৰ সমাজত চলি থকা এচাম তথাকথিত আভিজাত্যৰ আচল চৰিত্ৰটোক উদঙাই দিছে৷ নিজে মানসিক ৰোগৰ চিকিৎসক হৈ বহুতৰ মানসিক স্থিতি নিৰাময় কৰাৰ দায়িত্বত নিয়োজিত তথা টিভি চেনেলত বিভিন্ন টক-শ্ব’ত মানুহক মানসিক সকাহ দিয়াজনেই যদি কণমানি শিশুক মানসিক-শাৰীৰিক নিৰ্যাতন কৰে তেন্তে কাৰ পৰা মানুহে আশা কৰিব? শিক্ষকৰ প্ৰশিক্ষণ, বি এড, ডি এল এড আদি ডিগ্ৰী প্ৰদান আদিৰ দৰে পবিত্ৰ কৰ্মত নিয়োজিত শীৰ্ষ আই এ এছ বিষয়াই বিভাগটোক গতিশীলতা প্ৰদানৰ পৰিৱৰ্তে নিয়োজিত হ’ল এচামক লগত লৈ লুণ্ঠন কাৰ্যত! ঠিক তেনেদৰে জোনমণি ৰাভাৰ মৃত্যুৰ পাছত উন্মোচিত হোৱা তথ্যবোৰে সূচাইছে কিদৰে পৰিচালিত হৈছে আমাৰ প্ৰশাসনিক ব্যৱস্থাটোৰ লগত আৰক্ষীৰ প্ৰশাসন! সৌ-সিদিনালৈকে এটাও নকল সোণৰ অবৈধ ব্যৱসায়ীক কৰায়ত্ত কৰিব নোৱাৰা আৰক্ষীয়ে চৰকাৰৰ গ্ৰীণ ছিগনেল লাভ কৰাৰ পাছত শতাধিকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ হয়তো কিবা ৰহস্যজনক কাৰণত এক গ্ৰীণ ছিগনেল দিয়া হোৱা নাছিল আৰু আৰক্ষীৰ প্ৰশাসনৰ দায়িত্বত থকা জিলা পৰ্যায়ৰ বিষয়াসকলৰ বাবে ই আছিল সোণৰ কণী পৰা হাঁহ সদৃশ! বিগত কিছুদিন ধৰি অসমত ঘটি থকা এনে বহুবোৰ ঘটনাই চিন্তাশীল সকলো লোককে গভীৰভাৱে উদ্বিগ্ন কৰি তুলিছে৷ তাৎপৰ্যৰ বিষয় এই যে অশিক্ষিত, অৰ্ধশিক্ষিত সকলতকৈ উপৰিউক্ত বহুবোৰ অপৰাধৰ লগত বা নিয়ন্ত্ৰণত জড়িত আছে এচাম উচ্ছ শিক্ষিত লোক৷ বাট এৰি অবাটে যোৱা মানুহবোৰৰ সংখ্যা দিনকদিনে বঢ়াৰ ফলত ৰাজ্যত এতিয়া বিভিন্ন ধৰণৰ অপৰাধ বৃদ্ধি পাইছে৷ অৱশ্যে এই সকলোবোৰ অপৰাধৰ বাবে চৰকাৰক দোষী সাব্যস্ত কৰাটো সমীচীন নহয়; সামাজিক কাঠামোটো সোলোক-ঢোলোক হোৱাটোও এই অৱক্ষয়ৰ অ্যনতম কাৰণ!