Logo
image

হৃদয় বিদাৰক! ওড়িশাৰ ৰে’ল দুৰ্ঘটনাত বাইডেনৰ শোক

ডিজিটেল ডেস্কঃ ওড়িশাৰ বালাছ’ৰত দুই জুনত সংঘটিত হোৱা ভয়ংকৰ ৰে’ল দুৰ্ঘটনাটোৱে ভাৰতৰ লগতে বিশ্বকো জোকাৰি গৈছে৷ বিগত পোন্ধৰ বছৰত ভাৰতত হোৱা সবাতোকৈ ভয়ংকৰ  ৰে’ল দুৰ্ঘটনাটোত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে গভীৰ শোক প্ৰকাশ কৰে৷ এটা বিবৃতি জাৰি কৰি বাইডেনে এই ভয়ংকৰ ৰে’ল দুৰ্ঘটনাটোক হৃদয় বিদাৰক আখ্যা দিয়ে৷ বিবৃতিত তেওঁ কয়– ‘ভাৰতত হোৱা ভয়ংকৰ ৰে’ল দুৰ্ঘটনাটোত ফাৰ্ষ্ট লেডী জিল আৰু মই অন্তৰত গভীৰ বেদনা অনুভৱ কৰিছোঁ৷ এই দুৰ্ঘটনাত যিসকলে প্ৰাণ হেৰুৱালে, তেওঁলোকৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷ আহত লোকসকলৰো দ্ৰুত আৰোগ্য কামনা কৰিলোঁ৷’ বিবৃতিত তেওঁ আৰু কয় যে ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক অতি গভীৰ৷ দুয়োখন দেশে পাৰিবাৰিক আৰু সাংস্কৃতিক দিশেৰেও বান্ধ খাই আছে৷ গতিকে ভাৰতত হোৱা ভয়ংকৰ ৰে’ল দুৰ্ঘটনাটোত আমেৰিকাৰ প্ৰতিজন নাগৰিকেই গভীৰ বেদনা অনুভৱ কৰিছে আৰু এই দুখৰ মুহূৰ্তত সমবেদনা জ্ঞাপন কৰিছে৷ উল্লেখ্য, শুকুৰবাৰে নিশা হোৱা ভয়ংকৰ ৰে’ল দুৰ্ঘটনাটোৰ পাছতে ভাৰতীয় সেনা, এনডিআৰএফ, ওড়িশা দুৰ্যোগ দ্ৰুত কৰ্ম বাহিনী, অগ্নিনিৰ্বাপক বাহিনী, স্থানীয় ৰাইজ, আৰক্ষী আদিয়ে সকলোধৰণে সহায় আগবঢ়াইছে৷