Logo
image

জে’লতেই চিনাকি দুই প্ৰযোজকৰ, কন্দল এৰি বুজাবুজিতেই মুক্তি ‘শ্ৰী ৰঘুপতি’ৰ

‘আমাৰ অসম’, ৬ জুনঃ কেইবাদিনজোৰা অচলাৱস্থাৰ পাছত অৱশেষত কন্দল এৰি বুজাবুজিতেই মুক্তি লাভ কৰিলে প্ৰসিদ্ধ অভিনেতা ৰবি শৰ্মাৰ নতুন অসমীয়া ছবি ‘শ্ৰী ৰঘুপতি’৷ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ পৰামৰ্শক্ৰমে অসম ৰাজ্যিক চলচ্ছিত্ৰ [বিত্ত আৰু উন্নয়ন] নিগমৰ অধ্যক্ষ সীমান্ত শেখৰৰ মধ্যস্থতাত ‘শ্ৰী ৰঘুপতি’ৰ পূৰ্বৰ আৰু বৰ্তমানৰ দুয়োজন প্ৰযোজক আলোচনাত মিলিত হয় আৰু অসমীয়া চিনেমাৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি আদালতত ৰুজু কৰা গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত লয়৷ লগে লগে ‘শ্ৰী ৰঘুপতি’ৰ মুক্তিক কেন্দ্ৰ কৰি চলি থকা অনি(য়তাৰ অন্ত পৰিল আৰু চিনেমাখনৰ মুক্তিৰ পথ প্ৰশস্ত হ’ল৷     শ্ৰী ৰঘুপতি’ক লৈ চলি থকা অচলাৱস্থাৰ অন্ত পৰাৰ কথা ঘোষণা কৰি সীমান্ত শেখৰে কয়– ‘টীম ৰঘুপতিলৈ অশেষ শুভেচ্ছা থাকিল৷ দুয়োগৰাকী প্ৰযোজকৰ সহমৰ্মিতাত মহামান্য আদালতৰ ওচৰত বৰ্তমানে থকা গোচৰটো তেখেতসকলে প্ৰত্যাহাৰ কৰিছে আৰু সেয়ে মহামান্য আদালতৰ নিৰ্দেশমৰ্মে অসমীয়া চলচ্ছিত্ৰ ‘শ্ৰী ৰঘুপতি’ পুনৰ দৰ্শকৰ মাজলৈ ঘূৰি আহিছে৷ অসমীয়া চলচ্ছিত্ৰৰ ভৱিষ্যতৰ বাবে তেওঁলোকৰ সিদ্ধান্তক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ৷ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ– তেখেতৰ মৰম আৰু নিৰ্দেশনাৰ বাবে৷’ আনহাতে, এই সন্দৰ্ভত ‘টীম শ্ৰী ৰঘুপতি’ৰ মধ্যমণি, জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই এইদৰে কয়– ‘অসমৰ ৰাইজৰ স্বাৰ্থত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ পৰামৰ্শক্ৰমে অসম ৰাজ্যিক চলচ্ছিত্ৰ [বিত্ত আৰু উন্নয়ন] নিগমৰ অধ্যক্ষ সীমান্ত শেখৰৰ অনুৰোধ মানি শ্ৰী ৰঘুপতিৰ উভয়পক্ষৰ প্ৰযোজক মীমাংসাত উপনীত হয়৷ ব্যক্তিগত মতভেদ এৰি অসমীয়া চিনেমাৰ বাবে, অসমীয়া চিনেমাৰ দৰ্শকৰ বাবে ছবিখন আজিৰে পৰা [সোমবাৰ] অসমৰ ছবিগৃহত মুক্তি দিয়া হ’ব৷ এই সিদ্ধান্ত অসমীয়া চিনেমাৰ হকে৷ এই সিদ্ধান্ত অসমীয়া চিনেমাৰ দৰ্শকৰ হকে৷ অসমবাসীক ধন্যবাদ যে বিপদৰ সময়ত মোক সমৰ্থন দিছে, মোৰ কাষত থিয় দিয়ে৷ ছবিখনক লৈ অচলাৱস্থা আঁতৰ হোৱাৰ পাছতে সাংবাদিকসকল মোৰ ওচৰলৈ আহিছে৷ ইয়াৰ বাবে মই সংবাদ মাধ্যম আৰু অসমৰ ৰাইজক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ৷ অসমবাসীয়ে ছবিখন চাবলৈ গভীৰ প্ৰত্যাশাৰে ৰৈ আছে৷ সোমবাৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ে ছবিখনৰ মুক্তিত জাৰি কৰা স্থগিতাদেশ বাতিল কৰে৷ অভিযোগকাৰীয়েও তেওঁলোকৰ ব্যক্তিগত সংঘাতৰ বাবে ছবিখন আৰু অসমবাসীৰ মাজত সোমাব খোজা নাই আৰু সেইবাবেই অভিযোগকাৰীয়ে গোচৰটো প্ৰত্যাহাৰ কৰিছে৷ উচ্ছ ন্যায়ালয়েও স্থগিতাদেশ বাতিল কৰিছে৷’ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে ২ জুনত ছবিঘৰলৈ আহিবলগীয়া ‘শ্ৰী ৰঘুপতি’ৰ মুক্তিৰ পূৰ্বে কামৰূপ মহানগৰ জিলাৰ নিম্ন আদালতে ‘শ্ৰী ৰঘুপতি’ৰ মুক্তিত স্থগিতাদেশ জাৰি কৰে৷ ‘শ্ৰী ৰঘুপতি’ৰ প্ৰযোজক শৈলেন কুমাৰ শৰ্মা৷ চিনেমাখনৰ কাহিনী আৰু সংলাপ ৰবি শৰ্মাৰ৷ প্ৰাপ্ত তথ্য মতে, চিনেমাখনৰ পূৰ্বৰ নাম আছিল ‘ৰঘুপতি’৷ পৰৱৰ্তী সময়ত নাম দিয়া হয় ‘শ্ৰী ৰঘুপতি’৷ ছবিখনৰ ট্ৰেইলৰ ভাইৰেল হৈ পৰাৰ লগে লগে চিনেমাখনৰ পূৰ্বৰ প্ৰযোজক [ৰঘুপতি] সৰোজ শৰ্মাৰ পুত্ৰ ধৃতিমান শৰ্মাই ৰবি শৰ্মা আৰু চিনেমাখনৰ বৰ্তমানৰ প্ৰযোজক শৈলেন কুমাৰ শৰ্মাৰ [শ্ৰী ৰঘুপতি] বিৰুদ্ধে গোচৰ ৰুজু কৰে৷ লক্ষণীয়ভাৱে সৰোজ শৰ্মা আৰু শৈলেন শৰ্মাৰ চিনাকি হৈছিল কাৰাগাৰত৷ সৰোজ শৰ্মা এজন আঢ্যৱন্ত ব্যৱসায়ী৷ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ আমোলত সংঘটিত এছআই কেলেংকাৰিৰ অন্যতম অভিযুক্ত সৰোজ শৰ্মা প্ৰায় আঢ়ৈ বছৰ জে’লত আছিল৷ ইফালে, জলসম্পদ বিভাগৰ ঠিকাদাৰ শৈলেন শৰ্মাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ভুৱা বিল আৰু জালিয়াতিৰ অভিযোগত৷ বৰপেটা কাৰাগাৰত দুয়োজনৰে মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি উঠে৷ এই সন্দৰ্ভত সৰোজ শৰ্মাই ‘আমাৰ অসম’ক এইদৰে কয়– ‘২০১৯ চনৰ ২৮ ডিচেম্বৰত তৃষ্ণা মোচন পিক্‌চাৰ্ছে নিৱেদন কৰা ৰঘুপতিৰ প্ৰথম দৃশ্যগ্ৰহণ আৰম্ভ হৈছিল চিৰাং জিলাৰ ডেইজিং ফেষ্টিভেলত৷ ৰঘুপতিৰ প্ৰযোজনা কৰিছিলোঁ মই৷ সুব্ৰত কাকতিৰ চিত্ৰনাট্য-পৰিচালনা আৰু ৰবি শৰ্মাৰ কাহিনী-সংলাপেৰে সমৃদ্ধ চিনেমাখনৰ অভিনয়শিল্পীসকলৰ ভিতৰত অন্যতম অৰুণ হাজৰিকা, প্ৰীতিকংকনা, সিদ্ধাৰ্থ শৰ্মা, মনোজিত শৰ্মা আৰু প্ৰিয়ম পল্লৱী অন্যতম৷ গুৱাহাটী, গোলাঘাট আৰু বঙাইগাঁৱকে ধৰি বিভিন্ন ঠাইৰ লোকেচনত চিনেমাখনৰ দৃশ্যগ্ৰহণ কৰা হৈছিল৷ মোৰ প্ৰযোজনাতে চিনেমাখনৰ ৮০ শতাংশ কাম সম্পূৰ্ণ হৈছিল৷ প্ৰায় আঢ়ৈ বছৰ কাল মই কাৰাগাৰত আছিলোঁ৷ জে’লতে মই শৈলেন শৰ্মাক লগ পালোঁ৷ শৈলেন শৰ্মাই ৰঘুপতিৰ বাকী ২০ শতাংশ কাম সম্পূৰ্ণ কৰাৰ দায়িত্ব লয়৷ শৈলেন শৰ্মাই বৰপেটা কাৰাগাৰৰ পৰা মুক্তি লাভ কৰাৰ পাছত ২০২২ চনৰ ৩০ জুনত ‘লটাছ ক্ৰিয়েটিভ প্ৰডাকচন’ৰ নামত এখন বন্ধুত্বমূলক চুক্তি সম্পাদন কৰে৷ চৰকাৰী ন’টাৰী নৱাশিস চক্ৰৱৰ্তীৰ তত্ত্বাৱধানত পঞ্জীয়ন কৰা এই চুক্তিত চহী কৰে শৈলেন শৰ্মাৰ কন্যা ময়ূৰাশ্ৰী শৰ্মা আৰু মোৰ ল’ৰা ধৃতিমান শৰ্মাই৷ চুক্তিত স্পষ্টকৈ উল্লেখ কৰা আছে যে লটাছ ক্ৰিয়েটিভ প্ৰডাকচনৰ প্ৰথম পক্ষ আৰু দ্বিতীয় পক্ষই একেলগে ৰঘুপতি নিৰ্মাণ, বিতৰণ আৰু ব্যৱসায়ৰ কাম কৰিব৷ কেইমাহমানৰ পাছত আমাৰ সৈতে শৈলেন শৰ্মাৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে৷ হঠাৎ ৰঘুপতিৰ এটা গানৰ ভিডিঅ’ মুক্তি দিয়া হয়– সুবীৰ সিঙৰ প্ৰযোজনাত৷ ইয়াৰ পাছতে ধৃতিমান শৰ্মাই আদালতত গোচৰ ৰুজু কৰে৷ ছবিখনৰ নাম ৰঘুপতিৰ পৰা সলনি কৰি শ্ৰী ৰঘুপতি কৰা হয়৷ মই কাৰাগাৰৰ পৰা মুক্তি লাভ কৰাৰ পাছত শৈলেন শৰ্মাক যোগাযোগ কৰোঁ যদিও শৈলেন শৰ্মাই মোক গালি পাৰে৷ অৱশেষত ২৫ মে’ত সুলিন গ্ৰেণ্ড হোটেলত ৰবি শৰ্মাৰ সৈতে আলোচনাত মিলিত হওঁ৷ এই আলোচনাত ৰবি শৰ্মাই শৈলেন শৰ্মাৰ সৈতে আলোচনা কৰি মোক মোৰ প্ৰাপ্য আদায় দিবলৈ আহ্বান জনাব বুলি মোক জনায়৷ এই আলোচনাৰ পাছতো একো ফল নোলোৱাত আমি আদালতৰ শৰণাপন্ন হ’লোঁ৷ ৰবি শৰ্মাই ‘ৰঘুপতি’ৰ ৬ শতাংশ লভ্যাংশ লাভ কৰিব বুলি চুক্তিত উল্লেখ আছিল৷’ কাৰাগাৰৰ ভিতৰত কেলেংকাৰিত অভিযুক্ত দুই কাৰাবন্দীৰ প্ৰযোজনাত এখন অসমীয়া চিনেমা নিৰ্মাণ হোৱাৰ পথ প্ৰশস্ত হোৱা আৰু এই প্ৰক্ৰিয়াত ৰবি শৰ্মাৰ দৰে জনপ্ৰিয় শিল্পীৰ নাম সাঙোৰ খাই পৰা ঘটনাই স্বাভাৱিকতে ৰাইজৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ অৱশ্যে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ পৰামৰ্শমৰ্মে ৰাজ্যিক চলচ্ছিত্ৰ নিগমৰ অধ্যক্ষ সীমান্ত শেখৰৰ মধ্যস্থতাত সৰোজ শৰ্মা আৰু শৈলেন কুমাৰ শৰ্মাৰ মাজত আলোচনাত অনুষ্ঠিত হয় আৰু এই আলোচনাৰ সফলতাৰ সূত্ৰে ‘শ্ৰী ৰঘুপতি’ৰ মুক্তিৰ পথ প্ৰশস্ত হয়৷