Logo
image

ক্ষোভ প্ৰকাশ কৰিও কামত যোগ দিলে প্ৰতিবাদী মল্লযোদ্ধাই

‘আমাৰ অসম’, ৬ জুনঃ ভাৰতীয় ৰেছলিং ফেডাৰেশ্বনৰ সভাপতি ব্ৰীজভূষণ চাৰণ সিঙৰ বিৰুদ্ধে আন্দোলনৰত মল্লযোদ্ধাৰ মূল প্ৰতিবাদকাৰী সাক্ষী মালিক, বজৰং পুনিয়া আৰু ৱিনেশ ফোগাটে নিজৰ কৰ্মক্ষেত্ৰ ভাৰতীয় ৰে’ল বিভাগত পুনৰ কামত যোগদান কৰাৰ খবৰ আৰু যোৱা শনিবাৰে শীৰ্ষস্থানীয় মল্লযোদ্ধাই কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰাৰ বিষয়টোক লৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে সোমবাৰে উদ্দেশ্যপ্ৰণোদিতভাৱে বিভ্ৰান্তিকৰ বাতৰি প্ৰচাৰ কৰি চাঞ্চল্যৰ সৃষ্টি কৰে৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে হঠাতে সোমবাৰে দুপৰীয়া প্ৰচাৰ কৰে যে সাক্ষী মালিকে প্ৰতিবাদী কাৰ্যসূচীৰ পৰা নিজকে আঁতৰাই নিছে আৰু ইতিমধ্যে ৰে’ল বিভাগৰ কামত যোগদান কৰিছে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে শনিবাৰে নিশা বৈঠক কৰাৰ পাছতেই সাক্ষী মালিকে নিজস্বভাৱে আন্দোলন প্ৰত্যাহাৰ কৰি পুনৰ চাকৰিত যোগদান কৰা বুলি সকলো ৰাষ্ট্ৰীয় চেনেলে একে সময়তে বাতৰি প্ৰচাৰ কৰাত গভীৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ পিছে এই খবৰ যে ভুৱা সেয়া প্ৰথমে বজৰং পুনিয়া আৰু পাছত সাক্ষী মালিকে স্পষ্ট কৰি দিয়ে৷ তেওঁলোকে জনায় যে আন্দোলনৰ পৰা নিজকে সাক্ষী মালিকে আঁতৰাই নিয়াৰ খবৰ সম্পূৰ্ণ ভুৱা৷ যেতিয়ালৈকে ন্যায় বিচাৰ নাপায় তেতিয়ালৈকে তেওঁলোকে আন্দোলন চলাই যাব৷ তদুপৰি কৰ্মক্ষেত্ৰত যোগদান নকৰাকৈ অনন্তকাল থাকিব নোৱাৰি৷ আন্দোলনৰ পৰৱৰ্তী কৰ্মপন্থা নিৰ্ধাৰণ কৰি থকা হৈছে আৰু সেই অনুসৰি তেওঁলোক পুনৰ আন্দোলনত জঁপিয়াই পৰিব৷ অমিত শ্বাহৰ সৈতে বৈঠকৰ পাছত নহয়, যোৱা ৩১ মে’ত তেওঁলোকে কৰ্মক্ষেত্ৰত যোগদান কৰা বুলিও স্পষ্ট কৰি দিয়ে৷ তদুপৰি সাক্ষী মালিকৰ উপৰি বজৰং পুনিয়া আৰু ৱিনেশ ফোগাটেও চাকৰিত যোগদান কৰিছে৷ যোৱা ২৮ মে’ত আন্দোলনকাৰীক দিল্লী আৰক্ষীয়ে যন্তৰ-মন্তৰৰ পৰা উৎখাত কৰাৰ পাছত সম্প্ৰতি মল্লযোদ্ধাসকলক দিল্লীৰ ক’তো প্ৰতিবাদৰ অনুমতি দিয়া নাই৷ সেয়ে তেওঁলোকে আন্দোলনৰ কৌশল সলনি কৰি পুনৰ প্ৰতিবাদ কৰি যাব বুলি স্পষ্ট কৰি দিছে৷ সেইপৰ্যন্ত তেওঁলোকে চাকৰি কৰি যাব আৰু সেই বিষয়চোক লৈ ভুৱা বাতৰি প্ৰচাৰ নকৰিবলৈ সাক্ষী মালিকে সকলোকে অনুৰোধ কৰে৷

ইপিনে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে যোৱা শনিবাৰে প্ৰতিবাদী মল্লযোদ্ধাৰ বৈঠক ব্যৰ্থ হোৱা বুলি সাক্ষী মালিকৰ স্বামী সত্যাৰ্থ কাদিয়ানে ইতিপূৰ্বে প্ৰকাশ কৰিছে৷ সেয়ে অমিত শ্বাহৰ সৈতে বৈঠকৰ পাছত সাক্ষী মালিক আন্দোলনৰ পৰা আঁতৰি অহাৰ খবৰৰ সত্যতা শূন্য৷ শনিবাৰে নিশা ১১ বজাত অমিত শ্বাহৰ সৈতে বৈঠকত মিলিত হয় চাৰি প্ৰতিবাদকাৰী সাক্ষী মালিক, বজৰং পুনিয়া, ৱিনেশ ফোগাট আৰু সত্যাৰ্থী কাদিয়ান৷ তেওঁলোকে ব্ৰীজভূষণ চাৰণ সিঙক গ্ৰেপ্তাৰ আৰু দ্ৰুত চাৰ্জশ্বিট দাখিলৰ দাবী জনালেও অমিত শ্বাহে তেওঁলোকক তেনে আশ্বাস নিদিলে৷ অমিত শ্বাহে ক’লে– ‘আইন সকলোৰে বাবে সমান৷ আইন আইনৰ পথেৰে চলিব৷’ অৱশ্যে তেওঁলোকক ন্যায় পোৱাৰ আশ্বাস প্ৰদান কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে৷ অমিত শ্বাহৰ বক্তব্যত অসন্তুষ্ট হৈ প্ৰতিবাদী মল্লযোদ্ধাসকল তেওঁৰ বাসভৱনৰ পৰা ওলাই আহে৷