Logo
image

আমৰ গুটি পেলাই নিদি এইবোৰ কামত ব্যৱহাৰ কৰিব পাৰে

এতিয়া আমৰ বতৰ৷ বজাৰত বিধে বিধে উভৈনদী হৈ পৰিছে সোৱাদভৰা আম৷ আম খাই সাধাৰণতে আমি ইয়াৰ গুটিটো পেলাই দিওঁ৷ কিন্তু জানি আচৰিত হ’ব যে আমৰ গুটিতো আছে বহু উপকাৰী ঔষধি গুণ৷ 

গৱেষকসকলৰ মতে প্ৰতিটো এশগ্ৰাম ওজনৰ আমৰ গুটিত  থাকে ৬ গ্ৰাম প্ৰ’টিন, ২০ গ্ৰাম মেগনেছিয়াম, ৩২ গ্ৰাম কাৰ্বহাইড্ৰেট, ৩ গ্ৰাম ডায়েটৰি ফাইবাৰ আৰু প্ৰচুৰ পৰিমাণৰ ভিটামিন ‘বি-৬’ তথা বি-১২৷

তদুপৰি আমৰ গুটিত প্ৰচুৰ পৰিমাণৰ এমিনো এচিড, খনিজ পদাৰ্থ আৰু এণ্টি অক্সিডেণ্ট উপাদান থাকে৷ এনে উপাদানসমূহৰ বাবে আমৰ গুটি বিভিন্ন স্বাস্থ্যজনিত সমস্যাত ব্যৱহাৰ কৰিব পৰা যায়৷ উল্লেখ কৰা হ’ল আমৰ গুটিৰ পৰা কি কি উপকাৰ পোৱা যায়–

⬛উফিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আমৰ গুটি ব্যৱহাৰ কৰিব পাৰে৷ ইয়াৰ বাবে আমৰ গুটি শুকুৱাই গুড়ি কৰি লওক৷ এইবাৰ সামান্য পৰিমাণৰ আমৰ গুটিৰ গুড়িৰ সৈতে দুই বা তিনিচামুচ সৰিয়হৰ তেল মিহলাই চুলিৰ গুৰিত ভালদৰে ঘঁহক৷ দেখিব, উফি লাহে লাহে নাইকিয়া হ’বলৈ ধৰিছে৷ আমৰ গুটিৰ ব্যৱহাৰৰ এই পদ্ধতিয়ে চুলিৰ উজ্বলতাও বৃদ্ধি কৰে৷

⬛ছালৰ উজ্জ্বলতা বঢ়োৱাৰ ক্ষেত্ৰতো আমৰ গুটি উৎকৃষ্ট৷ ইয়াৰ বাবে আমৰ গুটিৰ গুড়িৰ সৈতে সৰিয়হৰ তেল মিহলাই ছালত ঘঁহিলেই হ’ল৷ নিতৌ এসপ্তাহ এনেদৰে কৰিলে ছালৰ উজ্জ্বলতা বাঢ়ে৷

⬛দাঁতৰ যতন লোৱাৰ ক্ষেত্ৰতো আমৰ গুটি ব্যৱহাৰ কৰিব পাৰে৷ আমৰ গুটি গুড়ি কৰি লৈ নিতৌ পুৱা দাঁতত ঘঁহিলে দাঁত পৰিষ্কাৰ হোৱাৰ লগতে ইয়াৰ উজ্জ্বলতা বাঢ়ে৷ লগতে দাঁতৰ মাৰি সুস্থ হৈ থাকে৷

⬛পৰুৱা, মৌ-মাখি বা আন কীট-পতংগই কামুৰিলে হোৱা যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাবলৈ আমৰ গুটি ব্যৱহাৰ কৰিব পাৰে৷ এইক্ষেত্ৰত যিডোখৰ স্থানত পৰুৱাই কামোৰে তাত আমৰ ৰস অথবা আমৰ গুটিৰ গুড়ি লগালে দ্ৰুত যন্ত্ৰণা উপশম হয়৷ 

⬛ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাৰ ক্ষেত্ৰতো আমৰ গুটি ব্যৱহাৰ কৰিব পাৰে৷ ইয়াৰ বাবে যিকোনো খাদ্যৰ সৈতে আমৰ গুটিৰ গুড়ি মিহলাই খালেই হ’ল৷ উচ্ছ কলেষ্টেৰল, উচ্ছ ৰক্তচাপ, স্থূলতা আৰু ডায়েবেটিছৰ দৰে সমস্যা নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰতো আমৰ গুটি উপকাৰী৷