Logo
image

ৰামানুজন ১৯, কটন ১

‘আমাৰ অসম’, ৭ জুনঃ কালি ঘোষিত উচ্ছতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ১৯টাকৈ স্থান দখলেৰে এক প্ৰকাৰে ‘ক্লীন ছুইপ’ কৰিলে নগাঁৱৰ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে৷ বিদ্যালয়খনৰ ছাত্ৰ সংকল্পজিৎ শইকীয়াই ৫০০ নম্বৰৰ ভিতৰত ৪৯০ নম্বৰ লাভ কৰি কলা শাখাত প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে আন জ্জগৰাকী ছাত্ৰ-ছাত্ৰী ক্ৰমে দিয়া মহন্তই দ্বিতীয় স্থান, চুকলেংমুং চেতিয়াই  চতুৰ্থ স্থান, শ্বেখ ছানিয়া তাছনিম ৰহমানে পঞ্চম স্থান, শ্ববনম শইকীয়াই সপ্তম স্থান, জেৰিফা আহমেদে অষ্টম স্থান, মৃন্ময় কুমাৰ বৰা আৰু ৰক্তিম পাটৰে যুটীয়াভাৱে অষ্টম স্থান লাভ কৰিলে৷ একেদৰে বিজ্ঞান শাখাতো প্ৰথম স্থান লাভ কৰিলে ৰামানুজনৰেই আন এগৰাকী ছাত্ৰ নিখিলেশ দত্তই৷ বিজ্ঞান শাখাতো ১১জন ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰাত কলা-বিজ্ঞান মিলি মুঠ ১৯জন ছাত্ৰ-ছাত্ৰীয়ে স্থান পোৱাৰ এক বিৰল কৃতিত্বৰ অধিকাৰী হ’ল ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল৷ বিজ্ঞান শাখাত বিদ্যালয়খনৰ পৰা স্থান লাভ কৰাসকল হ’ল ক্ৰমে– প্ৰথম স্থানত নিখিলেশ দত্ত; দ্বিতীয় স্থানত অৰিজিত ৰয়, বিশ্বজ্যোতি দাস, ঋষভ উপাধ্যায়; তৃতীয় স্থানত প্ৰাৰ্থনা প্ৰিয়ম শইকীয়া; চতুৰ্থ স্থানত সত্যজিৎ কামান; ষষ্ঠ স্থানত ভাৰ্গৱ শিৱম; সপ্তম স্থানত বিকাশজ্যোতি চহৰীয়া; অষ্টম স্থানত শতৰুপা বৰকাকতি; দশম স্থানত কৃষ্ণা ডেকা আৰু অভিলাশা হিমাশ্ৰী দাস৷ উল্লেখ্য, এইবাৰেই যে উচ্ছতৰ মাধ্যমিক পৰীক্ষাত ৰামানুজনে এনে ভাল ফলাফল লাভ কৰিছে এনে নহয়৷ ২০২০ চনতো বিদ্যালয়খনৰ ১৯গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৰামানুজনৰ পৰা স্থান লাভ কৰিছিল৷ ২০২৩ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাতো নিশান্ত বৰা নামৰ এজন ছাত্ৰই বিদ্যালয়খনৰ পৰা স্থান লাভ কৰিছিল৷ ২০১৯ চনতো বিদ্যালয়খনৰ পৰা বিজ্ঞান শাখাত বিতোপন আৰন্ধৰাই বিজ্ঞান শাখাত প্ৰথম স্থান, হূদি প্ৰিয়ম শৰ্মাই দ্বিতীয় স্থান, বিশাল বৰুৱাই পঞ্চম স্থান, অয়ন কৌশিকে পঞ্চম স্থান, সুভাশিষ দেৱে পঞ্চম স্থান, অভিযান ডি বাঢ়ৈয়ে নৱম স্থান, কৌস্তৱ কিশোৰী কলিতাই দশম স্থান লাভ কৰিছিল৷ ২০১৮ বৰ্ষতো এই শিক্ষানুষ্ঠানৰ সম্প্ৰীতি ৰাজখোৱাই কলা শাখাত প্ৰথম স্থান লাভ কৰিছিল, ২০২০ চনত কলা শাখাত প্ৰথম স্থান লাভ কৰিছিল শ্ৰদ্ধা বৰগোহাঁয়ে৷ এনে ধাৰাবাহিক সফলতাৰ আঁৰত কি আছে৷ এই সন্দৰ্ভত শিক্ষানুষ্ঠানৰ প্ৰতিষ্ঠাপক তথা মধ্যমণি অধ্যক্ষ দিলীপ বৰাক প্ৰশ্ন কৰাত তেওঁ কয়– ‘অসমৰ ৰাইজৰ আশীৰ্বাদ, আমাৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ একানপটীয়া প্ৰচেষ্টা, অভিভাৱকসকলৰ সহযোগিতা তথা ছাত্ৰ-ছাত্ৰীসকলৰ পৰিশ্ৰমেই এই সফলতাৰ মূল মন্ত্ৰ৷’ বিদ্যালয়খনৰ বহু ছাত্ৰ-ছাত্ৰীয়ে ১-২ নম্বৰৰ বাবে স্থান লাভ নকৰাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয়– ‘সকলো ছাত্ৰ-ছাত্ৰীয়েই সমান৷ তেওঁলোকৰ মেধাৰ প্ৰতি সন্দেহ নাই৷ হয়তো ভাগ্যৰ বাবেহে স্থান লাভ কৰাৰ পৰা বঞ্চিত হ’ল৷ দিলীপ বৰাৰ মতে তেওঁৰ বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে ছাত্ৰ-ছাত্ৰীসকলক মাক-দেউতাকতকৈও বেছি যতন লয়৷ পূৰ্বেৰ প্ৰশ্নকাকত তেওঁলোকক সমাধান কৰিবলৈ দিয়া হয়৷ এজন ছাত্ৰই ১০০খন পৰ্যন্ত প্ৰশ্নকাকত সমাধান কৰিব লাগে৷ শিক্ষানুষ্ঠানখনত কেৱল পৰীক্ষাকেন্দ্ৰিক ফলাফলৰ ওপৰতে গুৰুত্ব দিয়া নহয়৷ ছাত্ৰ-ছাত্ৰীসকলক সমাজৰ প্ৰতি দায়িত্বশীল আৰু প্ৰকৃত মানুহ হিচাপে গঢ় দিয়াৰো যত্ন কৰা হয়৷ প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ-ছাত্ৰীসকলে যাতে সফলতা লাভ কৰিব পাৰে তাৰ বাবেও পাঠ্যক্ৰমৰ ব্যৱস্থা আছে৷ স্বতঃস্ফূৰ্তভাৱে সৃষ্টি হোৱা আন্তৰিক সম্পৰ্কই ছাত্ৰ-ছাত্ৰীসকলক নিজৰ প্ৰতিয়েই দায়বদ্ধ কৰি তোলে৷ দায়বদ্ধতাই সফলতাৰ মহামন্ত্ৰ হৈ পৰে৷’ লক্ষণীয় যে আজি ঘোষিত উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত কলা, বিজ্ঞান আৰু বাণিজ্য তিনিওটা শাখাতে স্থান লাভ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰে জয়জয় ময়ময় পৰিলক্ষিত হ’ল৷ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ লগতে নলবাৰীৰ শংকৰদেৱ একাডেমী, বৰপেটাৰ আনন্দৰাম বৰুৱা একাডেমী, নগাঁৱৰ কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, ডিব্ৰুগড়ৰ ছল্ট বুক একাডেমী আদি ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে গঢ়িলে অভিলেখ৷ ইয়াৰ বিপৰীতে ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ মাত্ৰ এজন ছাত্ৰইহে বিজ্ঞান শাখাত স্থান লাভ কৰে৷ কটনৰ শয়ন পোদ্দাৰে বিজ্ঞান শাখাত আন দুই ব্যক্তিগত শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে যুটীয়াভাৱে নৱম স্থান লাভ কৰে৷ বাণিজ্য শাখাত চৰকাৰী খণ্ডৰ কে চি দাস কমাৰ্চ কলেজৰ বৰ্ষা বোথ্ৰাই প্ৰথম স্থান, তিনিচুকীয়া ৱ’মেন কলেজৰ স্মৃতি ঠাকুৰে সপ্তম স্থান, নলবাৰী কমাৰ্চ কলেজৰ কুনালজ্যোতি বৈশ্যই অষ্টম স্থান লাভ কৰে৷ যদি ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলক ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ প্ৰতীক বুলি ধৰা হয় আৰু কটনক ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠানৰ প্ৰতীক বুলি ধৰা হয়, তেন্তে স্ক’ৰ হ’ব ১৯ঃ১৷ কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ ৰমেশ চন্দ্ৰ ডেকাই ফলাফলৰ সন্দৰ্ভত এনেদৰে ক’লে– ‘কটনতে যে ৰিজাল্টটো সদায় ভাল হৈ থাকিব লাগিব বা শিক্ষাটো যে কটনতে সীমাবদ্ধ হৈ থাকিব লাগিব এনে নহয়৷ কিছুমান শিক্ষানুষ্ঠানত অকল মাৰ্কছৰ পিছত দৌৰিবৰ কাৰণেই শিকায়৷ কটনে কেৱল মাৰ্কছৰ পিছত দৌৰিবলৈ ট্ৰেইনিং নিদিয়ে৷ আমাৰ ট্ৰেইনিংটো হলিষ্টিক ডেভেলপমেণ্ট৷ কটনৰ গৰিমাটো কমি যোৱা বুলি নাভাবো৷ আমাৰ কাৰণে এইটো খুব ভাল কথা যে এতিয়াও স্থানপ্ৰাপ্ত আমাৰ কলেজত আছে৷ চাইন্সত আমাৰ ১৯০জনে প্ৰথমে বিভাগ পাইছে৷ ৯১জনে ষ্টাৰ পাইছে৷ আগতে গোটেই নৰ্থ-ইষ্টৰ ভাল ল’ৰা-ছোৱালীবিলাকেই কটনত পঢ়িছিল৷ এতিয়া চৰকাৰে বিভিন্ন ঠাইত সুবিধা কৰি দিছে৷ প্ৰাইভেট অনুষ্ঠানবিলাকো আছে৷ পূৰ্বৰ দৰে বহু দূৰণিৰ ল’ৰা-ছোৱালী হয়তো এতিয়া কটনলৈ নাহে৷ বহু স্কুল-কলেজত হয়টো কটনিয়ানেই পঢ়াই আছে৷ আমাৰ একেজন শিক্ষকে হায়াৰ ছেকেণ্ডাৰী, পিজিটো ক্লাছ ল’ব লাগে৷ পিএইচডিৰ ষ্টুডেণ্টকো গাইড কৰিব লগা হয়৷ সেই বুলি আমি হায়াৰ ছেকেণ্ডাৰীটো অৱহেলা কৰা নাই৷ শিক্ষকৰ যথেষ্ট কষ্ট হয়৷’ উল্লেখ্য, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই নিশা ২ বজাত টুইটাৰযোগে ফলাফল ঘোষণা কৰিব বুলি জনোৱাৰ পাছতে মঙলবাৰে পুৱা ৯ বজাত ফলাফল ঘোষণা কৰে উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদে৷ এইবাৰ উচ্ছতৰ মাধ্যমিক কলা শাখাৰ পৰীক্ষাত মুঠ ২,৬১,২৩১গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিপৰীতে উত্তীৰ্ণ হৈছে ৰ,৮৩,১৮০গৰাকী ছাত্ৰ-ছাত্ৰী৷ আনহাতে, অনুতীৰ্ণ হয় ৭৮,০৫১গৰাকী ছাত্ৰ-ছাত্ৰী৷ কলা শাখাত উত্তীৰ্ণৰ হাৰ হৈছে ৭০.১২ শতাংশ৷ বাণিজ্য শাখাত মুঠ ২০,৪১২গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হোৱাৰ বিপৰীতে ১৬,২৪৫গৰাকী উত্তীৰ্ণ হয়৷ বাণিজ্যত উত্তীৰ্ণৰ হাৰ হৈছে ৭৯.৫৭ শতাংশ৷ আনহাতে, বিজ্ঞান শাখাত মুঠ ৪৬,৩৮৩গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিপৰীতে ৩৯,৪০৫গৰাকী উত্তীৰ্ণ হৈছে৷ বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ হৈছে ৮৪.৯৬ শতাংশ৷ লক্ষণীয় যে কলা, বাণিজ্য, বিজ্ঞান– এইবাৰৰ তিনিওটা শাখাৰে পৰীক্ষাৰ ফলাফল বিগত ১০ বছৰৰ তুলনাত নিম্নগামী হৈছে৷ ২০১৪ চনৰ পৰা কলা শাখাত উত্তীৰ্ণ হাৰ চোৱা যায় তেন্তে সেয়া আছিল এনেধৰণৰ– ২০১৪ চনত ৭২.২৯ শতাংশ, ২০১৫ চনত ৭৪.০৭ শতাংশ, ২০১৬ চনত ৭৯.৯২ শতাংশ, ২০১৭ চনত ৭৩.১৬ শতাংশ, ২০১৮ চনত ৭৪.৬৮ শতাংশ, ২০১৯ চনত ৭৫.১৪ শতাংশ, ২০২০ চনত, ৭৮.২৮ শতাংশ, ২০২১ চনত ৯৮.৯০ শতাংশ, ২০২২ চনত ৮৩.৪৮ শতাংশ৷ আৰু এইবাৰ হ’ল ৭০.১২ শতাংশ৷ বিজ্ঞান শাখাত ২০১৪ চনত উত্তীৰ্ণ হাৰ আছিল ৮৫.৩১ শতাংশ, ২০১৫ চনত ৮৬.৭৬ শতাংশ, ২০১৬ চনত ৯০.৯৬ শতাংশ, ২০১৭ চনত ৮৬.২৪ শতাংশ, ২০১৮ চনত ৮৫.৭৪ শতাংশ, ২০১৯ চনত ৮৬.৫৯ শতাংশ, ২০২০ চনত ৮৮.০৬ শতাংশ, ২০২১ চনত ৯৯.০৬ শতাংশ আৰু ২০২২ চনত ৯২.১৯ শতাংশ আছিল৷ এইবাৰ এই হাৰ হ’ল ৮৪.৯৬ শতাংশ৷ বাণিজ্যত ২০১৮ চনত উত্তীৰ্ণৰ হাৰ আছিল ৮২.৭০ শতাংশ, ২০১৫ চনত ৮১.৮২ শতাংশ, ২০১৬ চনত ৮৬.০১ শতাংশ, ২০১৭ চনত ৮২.৭২ শতাংশ, ২০১৮ চনত ৮৪.৬৪ শতাংশ, ২০১৯ চনত ৮৭.৫৯ শতাংশ, ২০২০ চনত ৮৮.১৮ শতাংশ, ২০২১ চনত ৯৯.৫৭ শতাংশ আৰু ২০২২ চনত ৮৭.২৭ শতাংশ৷ এইবাৰ বাণিজ্যত উত্তীৰ্ণৰ হাৰ হ’ল ৭৯.৫৭ শতাংশ৷ চলিত বৰ্ষৰ কলা শাখাৰ উচ্ছতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ২৮৬৫১ গৰাকীয়ে প্ৰথম বিভাগ, ৫৮,৮৬৯ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৯৫,৬৬০ গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰিছে৷ বিজ্ঞান শাখাত ১৮,৮৬৮ গৰাকীয়ে প্ৰথম বিভাগ, ১৬,৪৫৫ গৰাকীয়ে দ্বিতীয় বিভাগ, ৪,০৮২ গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰে৷ বাণিজ্যত ৫,২৫৪ গৰাকীয়ে প্ৰথম বিভাগ, ৬,৪৮৬ গৰাকীয়ে দ্বিতীয় বিভাগ, ৪,৫০৫ গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰে৷ কলা শাখাত ৯০.৭৪ শতাংশ উত্তীৰ্ণৰে জিলাসমূহৰ ভিতৰত শীৰ্ষত থাকে ধেমাজি জিলা৷ ধেমাজিৰ পৰা কলা শাখাত পৰীক্ষাত অৱতীৰ্ণ মুঠ ৭,৩৬৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ৮২৭ গৰাকীয়ে প্ৰথম বিভাগ, ৩,০৬৫ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ২,৭৯০ গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰে৷ কলা শাখাত সৰ্বনিম্ন উত্তীৰ্ণৰ হাৰ হৈছে কাৰ্বি আংলং জিলাৰ৷ মুঠ ৫১.৯৩ শতাংশ ছাত্ৰ-ছাত্ৰী জিলাখনত উত্তীৰ্ণ হয়৷ বাণিজ্য শাখাত উত্তীৰ্ণৰ শীৰ্ষস্থানত আছে পশ্চিম কাৰ্বি আংলং জিলা৷ জিলাখনৰ উত্তীৰ্ণৰ হাৰ ৯৭.১৮ শতাংশ৷ মুঠ ৭১ গৰাকী ছাত্ৰ-ছাত্ৰী জিলাখনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল৷ ইয়াৰে ২০ গৰাকীয়ে প্ৰথম বিভাগ, ৩০ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ১৯ গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰিছে৷ বাণিজ্য শাখাত সৰ্বনিম্ন উত্তীৰ্ণৰ হাৰ হৈছে ডিমা হাচাও জিলাৰ৷ জিলাখনৰ ৪৭.৯৫ শতাংশ ছাত্ৰ-ছাত্ৰীহে উত্তীৰ্ণ হৈছে৷ আনহাতে, বিজ্ঞান শাখাত মুঠ ৯৫.৬৯ শতাংশ উত্তীৰ্ণৰে এইবাৰ বাগ্‌সা জিলা শীৰ্ষত আছে৷ জিলাখনৰ মুঠ ৯২৮ জন প্ৰাৰ্থী বিজ্ঞান শাখাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিপৰীতে ইয়াৰে ৪৯৩ জনে প্ৰথম বিভাগ, ৩৪০ জনে দ্বিতীয় বিভাগ আৰু ৫৫ জনে তৃতীয় বিভাগ লাভ কৰিছে৷ লক্ষণীয় পশ্চিম কাৰ্বি আংলং জিলাৰ পৰা এইবাৰ উচ্ছতৰ মাধ্যমিক বিজ্ঞান শাখাৰ পৰীক্ষাত এগৰাকী শিক্ষাৰ্থীও পৰীক্ষাত অৱতীৰ্ণ হোৱা নাছিল৷ বিজ্ঞান শাখাৰ পৰীক্ষাত ৫৮.৩৮ শতাংশ উত্তীৰ্ণৰে সৰ্বনিম্ন উত্তীৰ্ণৰ হাৰৰ জিলা হিচাপে পৰিগণিত হয় ডিমা হাচাও জিলা৷

ৰামানুজনৰ ১৯জনৰ স্থান লাভ

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ চলিত বৰ্ষৰ উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কুৰিৰ অধিক ছাত্ৰ- ছাত্ৰীৰ শীৰ্ষস্থান লাভেৰে ৰাজ্যৰ ভিতৰতে পুনৰ উজ্জ্বলি উঠিল কলংপৰীয়া চহৰ নগাঁও৷ উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত নগাঁও চহৰৰ ২২ গৰাকীকে ধৰি জিলাখনৰ মুঠ ২৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম দহৰ ভিতৰত স্থান লাভ কৰি নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে৷ এই স্থানপ্ৰা সকল পাঁচখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী৷ নগাঁও চহৰৰ চাৰিখন ব্যক্তিগত শিক্ষানুষ্ঠানৰ ২২ গৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰিবলৈ সক্ষম হয়৷ কেৱল ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰাই ১৯গৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰি শিক্ষানুষ্ঠানখনলৈ গৌৰৱ কঢ়িয়াই আনে৷ তাৰ ভিতৰত দুগৰাকী ছাত্ৰই বিজ্ঞান আৰু কলা দুয়োটা শাখাত প্ৰথম স্থান দখল কৰি ঈৰ্ষণীয় সফলতা প্ৰদৰ্শন কৰে৷ ১৯ গৰাকী শিক্ষাৰ্থীয়ে প্ৰথম দহৰ ভিতৰত স্থান লাভ কৰাত শিক্ষানুষ্ঠানখনত এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হয়৷ শিক্ষানুষ্ঠানখনৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰী সকলে নৃত্য গীত পৰিৱেশন কৰি আনন্দত আত্মহাৰা হৈ পৰে৷   ৰাজ্যখনৰ ভিতৰতে প্ৰথম দহটাৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ আনহাতে এইবাৰ শিক্ষানুষ্ঠানখনে ইতিহাস ৰচি এই সফলতা লাভ কৰিবলৈ সক্ষম হয়৷ শিক্ষানুষ্ঠানখনৰ পৰা বিজ্ঞান শাখাত ১১ গৰাকী আৰু কলা শাখাত ৮ গৰাকী শিক্ষাৰ্থীয়ে প্ৰথম দহটা স্থানৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হয়৷ ইপিনে নগাঁও চহৰৰ কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, আলফা বিটা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, নৱৰূপ জাতীয় বিদ্যাপীঠ আৰু হোজাইৰ শংকৰদেৱ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা এজনকৈ শিক্ষাৰ্থীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা স্থান লাভ কৰাসকল হৈছে-বিজ্ঞান শাখাত প্ৰথম স্থান নিখিলেশ দত্ত, দ্বিতীয় স্থানত ক্ৰমে বিশ্বজ্যোতি দাস, ঋষভ উপাধ্যায় আৰু অৰিজিৎ ৰয়, তৃতীয় স্থানত প্ৰাৰ্থনা প্ৰিয়ম শইকীয়া, চতুৰ্থ স্থানত সত্যজিৎ কামান, ষষ্ঠ স্থানত ভাৰ্গৱ শিৱম, সপ্তম স্থানত বিকাশ জ্যোতি চহৰীয়া, অষ্টম স্থানত শতৰূপা বৰকাকতি, দশম স্থানত ক্ৰমে কৃশা ডেকা আৰু অভিলাষা হিমাশ্ৰী দাস৷ একেদৰে কলা শাখাত প্ৰথম স্থানত সংকল্পজিৎ শইকীয়া, দ্বিতীয় স্থানত দিয়া মহন্ত, চতুৰ্থ স্থানত চুক্লেনমুং চেতিয়া, পঞ্চম স্থানত ছেখ চনিয়া টাছনিম ৰহমান, সপ্তম স্থানত শ্বৱনম শইকীয়া, অষ্টম স্থানত জেৰিফা আহমেদ, দশম স্থানত ক্ৰমে মৃন্ময় কুমাৰ বৰা আৰু ৰক্তিমা পাটৰ৷ আনহাতে কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা কলা শাখাত দশম স্থানত কৃষ্টিনা দেৱী, আলফা বিটা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা বিজ্ঞান শাখাত নৱম স্থান হিমানীশ দত্ত, নৱৰূপ জাতীয় বিদ্যাপীঠৰ পৰা কলা শাখাত তৃতীয় স্থানত শ্ৰেয়া সৰকাৰ আৰু হোজাইৰ শংকৰদেৱ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা বাণিজ্য শাখাত দ্বিতীয় স্থানত জিমি ঘোষ৷ নগাঁও জিলাত ২৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰি উৰ্ত্তীণ হোৱাত জিলাখনত উছাহৰ ঢল বয়৷