Logo
image

লুইতৰ পাৰ আন্ধাৰ কৰি ক্ৰমশঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পতন

‘আমাৰ অসম’, ৭ জুনঃ জিলিকাব লুইতৰে পাৰ/ এন্ধাৰৰ ভেটা ভাঙি / প্ৰাগজ্যোতিষত বয় / জেউতি নিজৰাৰে ধাৰ৷ / শত শত বন্তিৰ জ্ঞানৰে দীপালীয়ে/ জিলিকাব লুইতৰ পাৰ৷ অধ্যাপক হিচাপে যোগদান কৰোতে সুধাকণ্ঠ ভূপেন হাজৰিকাই গুৱাহাটী বিশ্ববিদ্যালয়খনৰ ভাৱমূৰ্তি অনাগত দিনত উন্নতৰ পৰা উন্নততৰ হ’ব বুলি এই গীত গাইছিল৷ ভূপেন হাজৰিকাৰ সেই গীত কালজয়ী হৈ ৰৈ গ’ল, কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ে ক্ৰমশঃ পতনৰ দিশলৈ গতি কৰি লুইতৰ পাৰ আন্ধাৰ কৰি তুলিছে৷ ঐতিহ্যমণ্ডিত, উত্তৰ পূবৰ প্ৰথমখন বিশ্ববিদ্যালয়, যি বিশ্ববিদ্যালয়ক অসমৰ শীৰ্ষৰ প্ৰজ্ঞাৰ অনুষ্ঠান বুলি অভিহিত কৰা হয়, সেই বিশ্ববিদ্যালয়ে ‘নেচনেল ইনষ্টিটিউচনেল বেংকিং ফ্ৰেমৱৰ্ক’ত [এনআইআৰএফ] এইবাৰৰ ৮৮ সংখ্যক স্থান অৰ্জন কৰি সৰ্বদিশতে লুইতৰ পাৰ আন্ধাৰ কৰি ক্ৰমশঃ পতন ঘটাটো আনুষ্ঠানিকভাৱে স্পষ্ট কৰি তুলিছে৷ এবছৰৰ ভিতৰত এনআইআৰএফ ৰেংকিঙত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পতন ঘটিছে ৫২টা স্থান৷ অৱশ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৰ্বভাৰতীয় ৰেংকিঙত এই পতন মুঠেই নতুন নহয়৷ প্ৰত্যেক বছৰেই অলপ অলপকৈ পতন ঘটি ২০২৩ চনৰ সৰ্বভাৰতীয় চৰকাৰী ৰেংকিঙত ৮৮সংখ্যক স্থানলৈ অৱনমিত হৈছে ৰাজ্যৰ প্ৰজ্ঞাৰ শীৰ্ষতম শিক্ষানুস্থানখন৷ কিয়নো ২০১৬চনত এই ৰেংকিঙত ২২সংখ্যক স্থান অৰ্জন কৰা গুৱাহাটী বিশ্ববিদ্যালয় ২০১৭ চনত ২৭লৈ, ২০১৮ চনত ৩৯লৈ ২০১৯ত ৪২লৈ, ২০২০ত ৪৭সংখ্যক স্থানলৈ অৱনমিত হৈছিল৷ মাজতে ২০২১ত ৪৫ আৰু ২০২২ত ৩৬ সংখ্যক স্থানলৈ উন্নীত হ’লেও ২০২৩চনত পুনৰ পতনৰ ধাৰা অব্যাহত ৰাখিছে গুৱাহাটী বিশ্ববিদ্যালয়ে৷ বিশ্বত পৰিচিত বিদ্বান কৃষ্ণকান্ত সন্দিকৈয়ে অধ্যাপনা কৰা আৰু প্ৰথম উপাচাৰ্য হিচাপে দায়িত্ব পালন কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই সৰ্বক্ষেত্ৰতে পতনত ৰাজ্যৰ বিদ্বতমহল স্বাভাৱিকতে উদ্বিগ্ন আৰু লজ্জিত৷

‘বিদ্যায়ো সাধয়েতা’ অৰ্থাৎ শিক্ষা আৰু জ্ঞানৰ জৰিয়তে কৃতকাৰ্যতা লাভ কৰাৰ অংগীকাৰ থকা বাক্য যিখন বিশ্ববিদ্যালয়ৰ প্ৰতীকত খোদিত আছে, সেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই পতন ৰাজ্যবাসীৰ বাবে কাংক্ষিত নহয়৷ উল্লেখ্য, সম্প্ৰতি ‘এনআইআৰএফ’ৰ ৰেংকিং অনুযায়ী দেশৰ উচ্ছ শিক্ষাৰ প্ৰতিষ্ঠানৰ মান নিৰ্দ্ধাৰণ  কৰা হয়৷ ‘এন আইআৰএফ’ৰ ৰেংকিঙত বিচাৰ কৰা উচ্ছ শিক্ষা প্ৰতিষ্ঠানখনৰ– ১] শিক্ষাদান, শিকনি, সমল [টিএলআৰ], ২]  গৱেষণা আৰু বাস্তবিক অনুশীলন [আৰপি], স্নাতকৰ ফলাফল [জিঅ’], প্ৰচাৰ আৰু অন্তৰ্ভূক্তি[অ’আই] আৰু উপলব্ধি [পিআৰ] বিশ্লেষণ কৰিয়েই স্থান প্ৰদান কৰা হয়৷ গুৱাহাটী বিশ্ববিদ্যালয় বিচাৰৰ এই সকলো কাৰকৰ ক্ষেত্ৰতে ব্যৰ্থ হৈছে৷ উল্লেখ্য, দেশৰ উচ্ছ শিক্ষাৰ প্ৰতিষ্ঠানৰ মান নিৰ্দ্ধাৰণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰনালয়ে এই ‘এনআইআৰএফ’ ৰূপৰেখা  নিৰ্দ্ধাৰণ কৰিছিল৷ সেই অনুসৰি বিগত সময়ছোৱাত ‘এনআইআৰএফে’ এই  প্ৰণালীৰ জৰিয়তে দেশৰ উচ্ছ শিক্ষা প্ৰতিষ্ঠানৰ মান নিৰ্দ্ধাৰণ কৰি আহিছে৷ 

১৯৪৮ চনৰ ২৬ জানুৱাৰীত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন বিশ্ববিদ্যালয় হিচাপে প্ৰতিষ্ঠা হোৱা গুৱাহাটী বিশ্ববিদ্যালয়ে ক্ৰমাৎ গৰিমা হেৰুৱাইছে৷ যিখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল পণ্ডিত কৃষ্ণকান্ত সন্দিকৈ, সূৰ্যকুমাৰ ভূঞা, যিখন বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল বিদ্বান দেৱপ্ৰসাদ বৰুৱা, বাণীকান্ত কাকতি, মহেশ্বৰ নেওগ, ভবেন্দ্ৰ নাথ শইকীয়া, হীৰেণ গোঁহাই, নিৰ্মলাপ্ৰভা বৰদলৈ আৰু আনকি ভূপেন হাজৰিকা, সেইখন বিশ্ববিদ্যালয়ৰ এই পতনে ৰাজ্যবাসীক স্তম্ভিত কৰি তুলিছে৷ হতাশ হৈ পৰিছে শিক্ষাবিদ, বিজ্ঞজন৷ প্ৰশ্ন উঠিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই পতনৰ কাৰণ কি?