Logo
image

অহা সপ্তাহতহে চিবিআইলৈ হস্তান্তৰ জোনমণি-তদন্ত! ডিজিপি

‘আমাৰ অসম’, ৭ জুনঃ আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক দুৰ্ঘটনাত মৃত্যুৰ ঘটনাৰ কুৰি দিন অতিক্ৰম কৰিলে যদিও বৰ্তমানলৈ জোনমণিৰ মৃত্যুৰ চি বি আইৰ তদন্ত নহ’ল৷ অৱশ্যে অহা সপ্তাহত  জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাটোৰ তদন্তৰ ভাৰ চি বি আইলৈ হস্তান্তৰ হোৱাৰ আশ্বাস দিছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে৷ লেডী সিংঘম হিচাপে পৰিচিত নগাঁৱৰ মৰিকলং টাউন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া এছ আই জোনমণি ৰাভাৰ ১৬ মে’ৰ পুৱতি নিশা কলিয়াবৰত ৰহস্যজনক দুৰ্ঘটনাত মৃত্যু হোৱাৰ পাছতেই নকল সোণ আৰু জাল নোট চক্ৰৰে আৰক্ষীৰ নেক্সাছৰ তথ্য চৰ্চালৈ আহিছিল৷ জোনমণি ৰাভাই জাল নোট চক্ৰৰ এজন সদস্যৰ পৰা ৬ লাখ টকা বলপূৰ্বক আদায় কৰা অভিযোগত উত্তৰ লখিমপুৰ থানাত গোচৰ পঞ্জীয়ন হোৱাৰ বিপৰীতে এছ আই জোনমণি ৰাভাই নকল সোণৰ চক্ৰটোৰ লগতে লখিমপুৰ আৰক্ষীৰ পৰা ভাবুকি লাভ কৰাৰো ভয়ংকৰ অভিযোগ কৰিছিল হাছিনা বেগম নামৰ এগৰাকী মহিলাই৷ ইফালে জোনমণিৰ দুৰ্ঘটনাৰ পিছ মুহূৰ্ততে নগাঁৱৰ তদানীন্তন আৰক্ষী অধীক্ষক লীনা দলেয়ে জোনমণিৰ চৰকাৰী আৱাসত তালাচী চলাই নগদ তিনি লাখ টকা জব্দ কৰিছিল৷ কিন্তু এছ পি লীনা দলেয়ে কি কাৰণত নিশা জোনমণিৰ ঘৰত তালাচী চলাবলগীয়া হৈছিল তাক আজিলৈকে আৰক্ষীৰ ফালৰ পৰা স্পষ্ট নকৰিলে৷ জোনমণিৰ মৃত্যুৰ তদন্ত চি আই ডিক দিয়া হৈছিল যদিও পৰিয়ালৰ লোকো সন্তুষ্ট হোৱা নাছিল৷ আনকি সামাজিক মাধ্যমত বিভিন্নজনে জোনমণিৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ চি বি আইৰ তদন্তৰ দাবী উত্থাপন কৰিছিল৷ সেই সূত্ৰেই ডিজিপি জি পি সিঙে জোনমণিৰ মৃত্যুৰ গোচৰটোৰ তদন্ত চি বি আইলৈ হস্তান্তৰ কৰিব বুলি ঘোষণা কৰিছিল৷ কিন্তু এই ঘোষণাৰ কুৰি দিন অতিক্ৰম কৰাৰ পাছতো চি বি আইৰ ফালৰ পৰা সঁহাৰি জনোৱা নাই যদিও এইবাৰ ডিজিপি সিঙে অহা সপ্তাহৰ ভিতৰত জোনমণিৰ মৃত্যুৰ গোচৰটোৰ তদন্ত চি বি আইলৈ হস্তান্তৰ হ’ব বুলি ৰাজহুৱাকৈ মন্তব্য কৰিছে৷ চলিত সপ্তাহৰ ভিতৰত কোনো খবৰ নাহিলে অহা সপ্তাহত নিজেই চি বি আইৰ সদৰত গৈ ব্যক্তিগত প্ৰচেষ্টাৰে গোচৰটো হস্তান্তৰকৰণৰ ব্যৱস্থা কৰিব বুলি অসমবাসীক আশ্বাস দিছে জি পি সিঙে৷ এই সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কয়–জোনমণি ৰাভাৰ যিদিনা দুৰ্ঘটনাত মৃত্যু হৈছিল তাৰ পিছদিনাই গোচৰটোৰ তদন্ত কৰিবলৈ চি আই ডিক নিৰ্দেশ দিছিলো৷ কিন্তু অসমৰ ৰাইজে যিহেতু জোনমণিৰ মৃত্যুৰ চি বি আইৰ তদন্ত বিচাৰিছিল, সেয়ে আমি চি বি আইলৈ গোচৰটো হস্তান্তৰ কৰিবলৈ দিছিলো৷ চি বি আইৰ তদন্তৰ বাবে প্ৰক্ৰিয়া অব্যাহত আছে৷ তিনিদিন পূৰ্বে মই নিজেই চি বি আইৰ শীৰ্ষ বিষয়াসকলৰ সৈতে ফোনত কথা পাতিছিলো৷ তেওঁলোকে আমাৰ প্ৰস্তাৱটো বিবেচনাৰ চূড়ান্ত পৰ্যায়ত আছে বুলি জনাইছে৷ যদিহে এই সপ্তাহৰ ভিতৰত চি বি আইৰ তদন্তৰ নিৰ্দেশ নাহে, তেতিয়াহ’লে অহা সপ্তাহত মই নিজেই দিল্লীত গৈ চি বি আইৰ সঞ্চালক আৰু বিশেষ সঞ্চালক প্ৰধানৰ সৈতে কথা পাতি কামটো কৰি ল’ম৷ চি বি আইলৈ গোচৰ হস্তান্তৰ এটা দীঘলীয়া প্ৰক্ৰিয়া হয়৷ আমি প্ৰথমে চি বি আইৰ মূৰব্বী বিভাগ ডিপাৰ্টমেণ্ট অৱ পাৰ্চনেল টেইনিঙলৈ চিঠি লিখিব লাগে৷ তেওঁলোকে চি বি আইৰ সঞ্চালকলৈ পত্ৰ দিয়ে৷ চি বি আই সঞ্চালকে গুৱাহাটীস্থ চি বি আইৰ পৰাও গোচৰটোৰ মতামত আৰু তথ্য বিচাৰে৷ তাৰ পাছত চি বি আয়ে ডি অ’ পি টিলৈ লিখে আৰু ডি অ’ পি টি অৰ্থাৎ ডিপাৰ্টমেণ্ট অৱ পাৰ্চনেল টেইনিঙে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে৷ যদিহে চলিত সপ্তাহত নহয়, তেনেহ’লে অহা সপ্তাহত মই নিজেই দিল্লীত গৈ ব্যক্তিগত প্ৰচেষ্টাৰে জোনমণি ৰাভাৰ মৃত্যুৰ গোচৰটোৰ চি বি আইলৈ হস্তান্তৰৰ ব্যৱস্থা কৰিম৷

সকলো এছপিক মুখ বন্ধ কৰাৰ নিৰ্দেশ ডিজিপিৰ

‘আমাৰ অসম’ৰ বজালীৰ প্ৰতিবেদকঃ আজি নামনি অসমৰ প্তখন জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াসকলক লৈ  আৰক্ষী সঞ্চালকপ্ৰধান জে পি সিং উপস্থিত  পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ডিজিটেল প্ৰক্ষাগৃহত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়৷ এই গুৰুত্বপূৰ্ণ বৈঠকত বৰপেটা, বজালী, তামুলপুৰ, নলবাৰী আৰু বাগ্‌সা জিলা আৰক্ষী অধীক্ষক আৰু চি আই দি শীৰ্ষ বিষয়া উপস্থিত থাকে৷ এই গুৰুত্বপূৰ্ণ বৈঠকৰ পাছত  আৰক্ষী সঞ্চালকপ্ৰধানজনে সংবাদ মাধ্যমৰ আগত কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰে৷ অসমৰ সংবাদ মাধ্যমত বহুলচৰ্চিত জোনমণি ৰাভাৰ আকস্মিক দুৰ্ঘটনা তথা হত্যাকাণ্ড বুলি চৰ্চিত হৈ থকা বিষটোৰ সন্দৰ্ভত বিষয়াজনে কয় এই বিষয়টো শীৰ্ষ এক উচিত তদন্তৰ বাবে  অহা সপ্তাহৰ ভিতৰতে জোনমণি ৰাভাৰ গোচটো চি বি আইলৈ হস্তান্তৰ কৰা হ’ব বুলি কয়৷ ইতিমধ্যে মুখ্যমন্ত্ৰীৰ সেউজ সংকেত আৰু জোনমণিৰ পৰিয়াল আৰু ৰাইজে  ঘটনা সন্দৰ্ভত চিবিআইৰ তদন্ত বিচৰা বুলিও প্ৰকাশ কৰে৷ চিবিআইৰ তদন্ত দীঘলীয়া হ’ব যদিও এই সন্দৰ্ভত আমি চিবিআই সঞ্চালকপ্ৰধানৰ সৈতে কথা পাতিছোঁ৷ যদি এই সপ্তাহত নহয় তেতিয়াহ’লে অহা সপ্তমত মই নিজে দিল্লীলৈ গৈ চিবিআইৰ শীৰ্ষ বিষয়াক লগ ধৰিম৷ আনহাতে, চেলিব্ৰিটী আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ মুখ বন্ধ কৰাৰ সন্দৰ্ভত সঞ্চালকপ্ৰধানজনে কয় অকল আনন্দ মিশ্ৰই নহয় এতিয়াৰে পৰা সকলো আৰক্ষী অধীক্ষকে মুখ বন্ধ কৰিব লাগিব৷ অসমৰ কোনো জিলাৰ আৰক্ষী অধীক্ষকে সংবাদ মাধ্যমৰ আগত  কোনোধৰণৰ মন্তব্য দিব নোৱাৰিব আৰু আৰক্ষী বিষয়াসকলে কি কৰিছে সেয়া ৰাইজে নিৰ্ধাৰণ কৰিব, আৰক্ষীয়ে নিজৰ কথা জনাব নালাগে বুলিও জানিবলৈ দিয়ে৷ আনহাতে, অসমৰ প্ৰত্যেক জিলাতে আৰক্ষীৰ মুখপাত্ৰ নিয়োগ কৰা হ’ব বুলি প্ৰকাশ কৰাৰ লগতে সততে সংবাদ মেল অবিহনে সংবাদ মাধ্যমৰ আগত বক্তব্য ৰখাৰ পৰা বিৰত থাকিব লাগিব বুলি ঘোষণা আৰক্ষী সঞ্চালকপ্ৰধানৰ৷ আনহাতে, তামুলপুৰ  কেনাৰাম বসুমতাৰী বুলি যিজন যুৱকক হত্যা কৰা হৈছিল তেৱোঁ নিৰ্দোষী আছিল বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে সঞ্চালকপ্ৰধানজনে৷ অৰুণাচল আৰক্ষী অধীক্ষকৰ সৈতে বাৰ্তালাপ কৰি পাঁচজন গ্ৰেপ্তাৰ হোৱাৰ কথা দোহাৰে৷ আনহাতে, যোৱা কিছুদিন ধৰি নলবাৰী টিহু আৰক্ষীৰ কেতবোৰ অভিযোগ সন্দৰ্ভত সঞ্চালকপ্ৰধানজনে কয় নলবাৰী টিহুৰ আৰক্ষীৰ নিৰ্লজ কাণ্ড সন্দৰ্ভত নলবাৰী আৰক্ষী অধীক্ষকক ব্যৱস্থা হাতত ল’বলৈ নিৰ্দেশ প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে৷ আনহাতে,  যিসকল আৰক্ষীৰ উপ-পৰিদৰ্শকে ৰজুনৰ ভিতৰত সম্পত্তিৰ হিচাপ দাখিল কৰা নাই তেনে আৰক্ষীক থানা আৰু আৰক্ষী চকীত নিযুক্তি নিদিবলৈ নিৰ্দেশ প্ৰদান কৰা বুলি জানিবলৈ দি কয় ইতিমধ্যে ৯০ ৰ পৰা ৯৫ শতাংশ আৰক্ষী উপ-পৰিদৰ্শকে হিচাপ দাখিল কৰা বুলি মন্তব্য কৰে৷