Logo
image

মাতৃভাষা ৰক্ষাৰ দাবীত ৰাজ্যজুৰি আছুৰ সত্যাগ্ৰহ

‘আমাৰ অসম’, ৭ জুনঃ ৰাজ্য চৰকাৰৰ মাতৃভাষাবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনোৱা গণ সত্যাগ্ৰহ কাৰ্যসূচীত কঁপি উঠিল ৰাজধানী চহৰ গুৱাহাটী৷ ছাত্ৰ সন্থাই ২৮ মে’ৰ পৰা হাতত লোৱা এমাহজোৰা আন্দোলনৰ অংশ গণ সত্যাগ্ৰহ কাৰ্যসূচীত স্বতঃস্ফূৰ্তভাৱে চামিল হয় সদৌ অসম কৰ্মচাৰী পৰিষদ, অসম সাহিত্য সভা, সদৌ অসম মধ্য ইংৰাজী শিক্ষক সন্থা, অসম মাধ্যমিক শিক্ষক-কৰ্মচাৰী সন্থা, সদৌ অসম উচ্ছতৰ মাধ্যমিক শিক্ষক-কৰ্মচাৰী সন্থা, সদৌ অসম হাইস্কুল শিক্ষক সন্থা, সদৌ অসম মজলীয়া শিক্ষক সমাজ, সদৌ অসম কেন্দ্ৰীয় আৰু অৰ্ধকেন্দ্ৰীয় কৰ্মচাৰী পৰিষদৰ নেতৃত্ব৷ গণ সত্যাগ্ৰহ কাৰ্যসূচী আনুষ্ঠানিকভাৱে আৰম্ভ কৰি ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাই কয়– অসমত এতিয়া ফেচিষ্ট, স্বেচ্ছাচাৰী চৰকাৰৰ শাসন চলিছে৷ মুখ্যমন্ত্ৰীয়ে ৰাতি যি সপোন দেখে পুৱা তাক কাৰ্যকৰী কৰে৷ চৰকাৰখনে অসমীয়া তথা আন মাতৃভাষাৰ বিদ্যালয় ধবংস কৰিবলৈ ষষ্ঠ শ্ৰেণীৰ পৰা গণিত-বিজ্ঞান ইংৰাজীত পঢ়ুওৱাৰ পদক্ষেপ লৈছে৷ মাধ্যমক লৈ হেতালি খেলিবলৈ দিয়া নহ’ব৷ ইতিহাসক উলাই কৰিবলৈ দিয়া নহ’ব৷ অসমীয়া ভাষাক টেটুচেপি ধৰিবলৈ দিয়া নহ’ব৷ মাধ্যম ৰক্ষাৰ বাবে যিমান যোৰদাৰ আন্দোলন কৰিব লাগে কৰিম৷ হিমন্ত বিশ্ব শৰ্মা ৰাজনৈতিক চৰ্দাৰ৷ অনুষ্ঠানত ভাগ লৈ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়– হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ মাতৃভাষাৰ প্ৰতি যে কোনো দায়বদ্ধতা নাই, মাতৃভাষাক ভাল নাপায় সেয়া স্পষ্ট৷ যি মানুহে মাতৃভাষাক ভাল নাপায় তেওঁ মাতৃভূমি বা মাতৃকো ভাল পাব নোৱাৰে৷ চৰকাৰৰ মাধ্যমবিৰোধী সিদ্ধান্ত মানি লোৱা নহয়৷ চৰকাৰখনৰ ৰাজ্যিক বোৰ্ডৰ প্ৰতি সদ্ভাৱ নাই৷ আইৰ মুখৰ মাত বন্ধ কৰিব বিচৰা হৈছে৷ চৰকাৰখনে মাতৃভাষা বিদ্বেষী সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবই লাগিব৷ অসমত মাতৃভাষা মাধ্যম সুৰক্ষিত নোহোৱালৈকে আন্দোলন অব্যাহত থাকিব৷ গণ সত্যাগ্ৰহস্থলীত অনুষ্ঠিত প্ৰতিবাদী সভাত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাস, সদৌ বিদায়ী সভাপতি দীপাংক কুমাৰ নাথ, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি অখিল চন্দ্ৰ দাস, প্ৰধান সম্পাদক ৰাতুল গোস্বামী, সদৌ অসম কৰ্মচাৰী পৰিষদ তথা সদৌ অসম মধ্য ইংৰাজী শিক্ষক সন্থাৰ সভাপতি দ্বীপেন শৰ্মা, অসম সাহিত্য সভাৰ কোষাধ্যক্ষ মিহিৰ বৰুৱা, অসম হাইস্কুল শিক্ষক সন্থাৰ সভাপতি সুনন্দ কলিতা, সদৌ অসম কেন্দ্ৰীয় অৰ্ধকেন্দ্ৰীয় কৰ্মচাৰী পৰিষদৰ সভাপতি মাধৱ হাজৰিকা, সদৌ অসম মজলীয়া স্কুল শিক্ষক সন্থাৰ সম্পাদক প্ৰধান লোহিত চন্দ্ৰ ডেকা, অসম মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক গোবিন্দ কলিতা, সদৌ অসম উচ্ছতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ হিৰণ্য কুমাৰ নাথে অসম চৰকাৰক মাতৃভাষা মাধ্যমবিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়৷ সকলোৱে একেমুখে কয় যে অসমত অসমীয়া ভাষা, মাধ্যম; বড়ো ভাষা, মাধ্যম; অসমৰ সকলো জনগোষ্ঠীৰ ভাষা, মাধ্যমৰ স্বাৰ্থ ৰক্ষা হ’বই লাগিব৷ অসম চৰকাৰৰ সিদ্ধান্ত অদূৰদৰ্শী, অবিজ্ঞানসন্মত৷ চৰকাৰৰ সিদ্ধান্ত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰিপন্থী৷ অসমীয়া মাধ্যম, বড়ো মাধ্যম আৰু মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠানত ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়ুৱাবলৈ চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তই অসমীয়া মাধ্যম, বড়ো মাধ্যম আৰু মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠানক ধবংসৰ মুখলৈ ঠেলি দিব৷ সত্যাগ্ৰহ কাৰ্যসূচী সামৰণি মাৰি ছাত্ৰ সন্থাৰ উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্যই কয়– ‘অসম চৰকাৰে আকোঁৰগোজ মনোভাৱ গ্ৰহণ কৰি ছাত্ৰ সন্থাক আন্দোলনৰ পথলৈ ঠেলি দিছে৷ অসমীয়া ভাষা, মাধ্যম; বড়ো ভাষা, মাধ্যম; মাতৃভাষা মাধ্যম ৰক্ষা কৰিবলৈ ছাত্ৰ সন্থাই অহিংস গণতান্ত্ৰিক আন্দোলন গ্ৰহণৰ বিকল্প নাই৷ ছাত্ৰ সন্থাই আন্দোলনৰ কাৰণে আন্দোলন নকৰে৷ সমস্যাৰ স্থায়ী সমাধানৰ বাবে আন্দোলন কৰে৷ সমাধানৰ পথ হ’ল– ক] অসম চৰকাৰে মাধ্যমত হাত নিদিব৷ খ] অসমীয়া মাধ্যম, বড়ো মাধ্যম, মাতৃভাষা মাধ্যমৰ ছাত্ৰ-ছাত্ৰীক ইংৰাজী ভাষা ভালকৈ শিকাওক৷ যাতে ছাত্ৰ-ছাত্ৰীয়ে সলসলীয়াকৈ ইংৰাজী ভাষা ক’ব পাৰে, শুদ্ধকৈ ইংৰাজী লিখিব পাৰে৷ গ] মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠানত আধুনিক সা-সুবিধাৰে গঢ়ি তোলক৷ ঘ] মাতৃভাষাত পঢ়ি গণিত, বিজ্ঞানত ইংলিছ টাৰ্মিন’ল’জী শিকোৱাত আপত্তি নাই৷ মাধ্যম ঠিকেই থাকিব লাগিব৷ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীয়ে মাতৃভাষাত পঢ়াৰ কথা কয়, অসমত ওলোটাটো হৈছে৷ অসমত অসমীয়া ভাষা আৰু অসমীয়া মাধ্যম, বড়ো ভাষা আৰু বড়ো মাধ্যম তথা জনগোষ্ঠীয় ভাষা আৰু জনগোষ্ঠীয় মাধ্যমৰ উত্তৰণৰ এটা পটভূমি আছে৷ ইংৰাজৰ দিনত ৩৭ বছৰ অসমত অসমীয়া ভাষা নোহোৱা কৰিছিল৷ আনন্দৰাম ঢেকিয়াল ফুকন, গুনাভিৰাম বৰুৱা, ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ নেতৃত্বত অসমীয়া ভাষাই মৰ্যাদা ঘূৰাই পালে৷ পাছলৈ আনন্দচন্দ্ৰ আগৰৱালা, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামীৰ নেতৃত্বত জোনাকী যুগত অসমীয়া ভাষাই প্ৰসাৰ লাভ কৰিলে৷ ১৯৬০ চনত ভাষা আন্দোলন আৰু ১৯৭২ চনৰ মাধ্যম আন্দোলন অসমীয়া ভাষা আৰু অসমীয়া মাধ্যম ৰক্ষাৰ মাইলৰ খুঁটি৷ অনুৰূপ ভাবে বড়ো ভাষা আৰু বড়ো মাধ্যম ৰক্ষাৰ্থে আন্দোলন হৈছিল৷  আন আন জনগোষ্ঠীয় ভাষা আৰু মাধ্যমৰ উত্তৰণৰ একোটা সংগ্ৰামী ইতিহাস আছে৷ অসম চৰকাৰে এই পটভূমি আৰু ইতিহাসক অশ্ৰদ্ধা কৰিলে নচলিব৷ দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে মাতৃভাষা আৰু মাতৃভাষা মাধ্যমৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে মুকলি আহ৩ান জনাই আহিছে৷ আনকি মেডিকেল আৰু ইঞ্জিনিয়াৰিং পাঠ্যক্ৰমো মাতৃভাষাত প্ৰৱৰ্তনৰ পোষকতা কৰিছে৷ শেহতীয়াকৈ বিশ্ববিদ্যালয় অনুদান আয়োগে স্নাতকোত্তৰ স্তৰলৈ মাতৃভাষাত অধ্যয়ন আৰু মাতৃভাষাত পৰীক্ষা দিব পৰাকৈ প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ ভাৰতবৰ্ষৰ সকলো বিশ্ববিদ্যালয় উপাচাৰ্যলৈ লিখিতভাৱে আহ্বান জনাইছে৷ তাৰ বিপৰীতে অসম চৰকাৰে ষষ্ঠ শ্ৰেণীৰ পৰা বিজ্ঞান আৰু গণিত বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়াবলৈ গ্ৰহণ কৰা সিদ্ধান্ত পৰস্পৰ বিৰোধী৷ অসম চৰকাৰে সমান্তৰালভাৱে চৰকাৰী খণ্ডৰ মাতৃভাষা মাধ্যমৰ বহু বিদ্যালয় কেন্দ্ৰীয় ব’ৰ্ডৰ অধীনত ইংৰাজী মাধ্যমলৈ ৰূপান্তৰ কৰিবলৈ জাননী জাৰি কৰিছে৷ অসমত মাতৃভাষা মাধ্যম আৰু ৰাজ্যিক বোৰ্ডক নিঃশেষ কৰাৰ ই অন্য এক ষড়যন্ত্ৰ৷ মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠান সমূহৰ আন্তঃগাঁথনি উন্নীত কৰি আধুনিক সা-সুবিধাৰে সজাই পৰাই তোলক৷ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে মাতৃভাষা বিৰোধী সিদ্ধান্ত লৈ আছে৷ আমি কেইবাবাৰো মাতৃভাষা বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছো, আহ্বান জনাইছোঁ কিন্তু চৰকাৰখনৰ গা লৰা নাই৷ চৰকাৰৰ হঠকাৰী সিদ্ধান্ত সলনি কৰিবলৈ আমি আন্দোলনৰ পথ ল’বলৈ বাধ্য হৈছোঁ৷ চৰকাৰখনে আমাক ধাৰাবাহিক আন্দোলনৰ পিনে ঠেলি দিছে৷ আমি বিচাৰিছিলো আলোচনাৰ মাধ্যমেৰে সমস্যাটোৰ সমাধান হওঁক৷ ষষ্ঠ শ্ৰেণীৰ পৰা বিজ্ঞান-গণিত ইংৰাজীত কৰি বিদ্যালয়ে বিদ্যালয়ে বিতৰণ কৰাৰ পাছত আমি অনুভৱ কৰিছো এতিয়া আন্দোলনৰ বিকল্প নাই৷ এইখন চৰকাৰৰ ওচৰত গণতান্ত্ৰিক চিন্তাৰ স্থান নাই৷ গণতান্ত্ৰিক সত্বাক চৰকাৰখনে ভৰিৰে মোহাৰি পেলাইছে৷ চৰকাৰৰে মাধ্যমত হাত দিব নালাগে৷ আমাৰ চৰকাৰলৈ সকীয়নী–আপোনালোকে মাধ্যমত হাত নিদিব৷ অসম বিজ্ঞান সমিতিয়ে কৈছে ষষ্ঠ শ্ৰেণীৰ পৰা বিজ্ঞান-গণিত ইংৰাজী মাধ্যমত শিকাবলৈ লোৱাটো চূড়ান্ত অন্যায়, অবিজ্ঞানসন্মত চিন্তা৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহে মাতৃভাষাত উচ্ছ শিক্ষাৰ পোষকতা কৰিছে৷ বিশ্ববিদ্যালয় অনুদান আয়োগে ইতিমধ্যে এই সন্দৰ্ভত জাননী জাৰি কৰিছে৷ তাৰ পাছত অসম চৰকাৰৰ মাতৃ ভাষা বিৰোধী সিদ্ধান্ত–এয়া হ’ব নোৱাৰে৷