Logo
image

২১-২৭ জুনলৈ গুৱাহাটীৰ বিদ্যালয়ে পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিব

‘আমাৰ অসম’, ৭ জুনঃ শক্তিপীঠ কামাখ্যা দেৱালয়ত পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি ২২ জুনৰ পৰা অনুষ্ঠিত হ’ব মহা অম্বুবাচী মেলা৷ লাখ লাখ ভক্ত-দৰ্শনাৰ্থীয়ে ভিৰ কৰিবলগীয়া অম্বুবাচী মেলাক লৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে৷ অৱশ্যে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত অম্বুবাচীৰ সময়ছোৱাতে একাংশ শিক্ষানুষ্ঠানে বিভিন্ন পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবেও ইতিমধ্যে সময়সূচী ঘোষণা কৰিছে৷ অম্বুবাচীৰ সময়ত পৰীক্ষা অনুষ্ঠিত কৰিলে বিভিন্ন সমস্যা উদ্ভৱ হোৱাৰ আশংকাতে বিশেষ নীতি-নিৰ্দেশনা জাৰি কৰিছে মহানগৰ উপায়ুক্তই৷ কামৰূপ মহানগৰ জিলা উপায়ুক্তই এটা নিৰ্দেশনা যোগে অম্বুবাচীৰ সময়ছোৱাত অৰ্থাৎ ২১ জুনৰ পৰা ২৭ জুনলৈ  কোনো বিদ্যালয়ে পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিছে৷ গুৱাহাটীৰ চৰকাৰী আৰু বেচৰকাৰী সকলো বিদ্যালয়কে এই সময়ছোৱাত পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশনাটোত কোৱা হৈছে৷