কলেষ্টেৰল নিয়ন্ত্ৰণৰ বাবে এইবোৰ খাদ্য খাওক
বেছিভাগ লোকেই খাদ্যাভ্যাসৰ বাবেই বিভিন্ন ৰোগত আক্ৰান্ত হয়৷ বিশেষকৈ বাৰ্গাৰ, ফ্ৰেন্স ফ্ৰাই তথা তল্যজাতীয় খাদ্য বেছিকৈ খালে স্বাস্থ্যৰ ক্ষতি হয়৷ যিহেতু এনেধৰণৰ খাদ্য খালে তেজত কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি পায়৷ যাৰ বাবে ৰক্তচাপ, ডায়েবেটিছ, হাৰ্ট এটেকৰ আশংকাও বৃদ্ধি পায়৷ স্বাস্থ্য বিশেষজ্ঞৰ মতে বিশেষ কিছুমান খাদ্য খালে তেজত ক্ষতিকাৰক কলেষ্টেৰলৰ পৰিমাণ হ্ৰাস পায়৷
⬛চাইটাছ ফ্ৰুইটঃ আপেল, আঙুৰ, ষ্ট্ৰবেৰী, কমলাৰ দৰে চাইটাছ ফল খালে শৰীৰৰ বাবে ক্ষতিকাৰক কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস পায়৷ এই ধৰণৰ ফলত পেক্টিন নামৰ এবিধ উপাদান থাকে যি চৰ্বি হ্ৰাস কৰাৰ উপৰি কলেষ্টেৰল নিয়ন্ত্ৰণত সহায় কৰে৷
⬛ওটছঃ কলেষ্টেৰল হ্ৰাস কৰাৰ বাবে ওটছ অতি উপযোগী৷ ওটছত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে৷ যি শৰীৰৰ বাবে ক্ষতিকাৰক কলেষ্টেৰল নিয়ন্ত্ৰণত সহায় কৰে৷
⬛মাহজাতীয় পাচলিঃ বিনৰ দৰে মাহজাতীয় পাচলিত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে৷ তদুপৰি মাহজাতীয় পাচলি খালে সহজতে হজম হয়৷ এনে ধৰণৰ পাচলিয়ে কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে৷ সেইবাবে খাদ্য তালিকাত বিনজাতীয় পাচলি নিয়মীয়াকৈ ৰাখিব লাগে৷
⬛চয়াবিনঃ চয়াবিন খাদ্য তালিকাত ৰাখিলেও বেয়া কলেষ্টেৰল নিয়ন্ত্ৰণত সহায় কৰে৷ প্ৰতিদিনে ২৫ গ্ৰাম চয়াপ্ৰ’টিন খালে এলডিএল ৫ পৰা ৬ শতাংশ পৰ্যন্ত হ্ৰাস পায়৷ সেয়েহে শৰীৰৰ বাবে ক্ষতিকাৰক কলেষ্টেৰলৰ পৰা হাত সাৰিবলৈ এনেধৰণৰ খাদ্যাভ্যাস গঢ়ি তুলিব পাৰে৷ কলেষ্টেৰল জাতীয় সমস্যাৰ সৃষ্টি হ’লে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে৷