Logo
image

নিজ সমষ্টিতে ৰাইজৰ ৰোষত পৰিল মন্ত্ৰী অতুল বৰা

ডিজিটেল সংবাদ, বোকাখাতঃ নিজৰ সমষ্টিতে ৰাইজৰ ৰোষত পৰিল কৃষিমন্ত্ৰী অতুল বৰা৷ পথ নিৰ্মাণৰ শুভাৰম্ভ কৰিবলৈ যোৱা মন্ত্ৰী অতুল বৰাক স্থানীয় ৰাইজে দিলে পহুখেদা। বিগত দুটা দিনত বোকাখাত সমষ্টিত এলানি কাৰ্যসূচীত অংশগ্ৰহণ কৰি হিতাধিকাৰীৰ মাজত আয়ুস্মান কাৰ্ড বিতৰণ, গৃহ প্ৰৱেশ, কৃষি গৱেষণা কেন্দ্ৰৰ লগতে কেতবোৰ পথ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰিছিল কেবিনেট মন্ত্ৰী তথা বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰাই৷ 

বুধবাৰে নিজ সমষ্টিৰ বান অধ্যুষিত দুসুঁতিমুখ পঞ্চায়তৰ এটা পথ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিবলৈ গৈছিল মন্ত্ৰী অতুল বৰা৷ বানে গৰকা অঞ্চলটোৰ মূল পথ নিৰ্মাণ নকৰি গাঁৱৰ ভিতৰৰ তিনি কিলোমিটাৰৰ এটা পথ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰিবলৈ অতুল বৰা যোৱাৰ বাবে অঞ্চলটোৰ ৰাইজ ক্ষোভিত হৈ পৰে৷ অঞ্চলটোৰ মূল পথ নিৰ্মাণৰ বিপৰীতে স্বজন প্ৰীতিৰে চুবুৰীলৈ যোৱা এটা সৰু পথ নিৰ্মাণ কৰি অঞ্চলটোৰ জনসাধাৰণক প্ৰতাৰিত কৰা স্থানীয় ৰাইজ সমবেত হৈ মন্ত্ৰী অতুল বৰাক দুসুঁতিমুখ অঞ্চলৰ পৰা পহু খেদা দিয়ে। স্থানীয় ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি সেই স্থান এৰি পলায়ন কৰাবলৈ বাধ্য হয় কৃষি মন্ত্ৰী অতুল বৰা। মন্ত্ৰীগৰাকীৰ সন্মুখতে ক্ষোভিত ৰাইজে মুৰ্দাবাদ ধ্বনি দিয়ে। বানে গৰকা অঞ্চলটোৰ যাতায়ত ব্যৱস্থা অতি শোচনীয় হোৱাৰ বাবে অঞ্চলটোৰ ৰাইজে মন্ত্ৰীগৰাকীৰ সন্মুখতে মুৰ্দাবাদ ধ্বনি দিয়ে ৷ নিজ গৃহ সমষ্টিতে মন্ত্ৰী অতুল বৰা ৰাইজৰ ৰোষত পৰিবলগীয়া হোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।