Logo
image

এইবাৰ দিহানামৰ গীনিজ ৰেকৰ্ডৰ প্ৰস্তুতি

‘আমাৰ অসম’, ৮জুনঃ  বিহুৰ পাছত এইবাৰ গীনিজ ৱল্ডৰ্ ৰেকৰ্ডছত স্থান লাভ কৰাৰ দিশে অসমৰ ‘দিহানাম’৷ এই সন্দৰ্ভত ইতিমধ্যে যুদ্ধকালীন তৎপৰতাৰে প্ৰস্তুতি চলিছে৷ বিহুৱে আন্তৰ্জাতিক স্বীকৃতি লাভ কৰাৰ পাছত অসমৰ বিভিন্ন সাংস্কৃতিক  উপাদানক গীনিজ ৱল্ডৰ্ ৰেকৰ্ডছত স্থান দিয়াৰ বাবে অসম চৰকাৰে চেষ্টা চলাব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই৷ খোলবাদন, বাগৰুম্বা নৃত্য, সত্ৰীয়া নৃত্য আদিৰ ক্ষেত্ৰতো বিশ্ব অভিলেখ স্থাপনৰ কথা চিন্তা কৰিছে অসম চৰকাৰে৷ সেই সময়তে ‘দিহানাম’ক বিশ্ববাসীৰ সৈতে পৰিচয় কৰাই দিয়াৰ লক্ষ্যৰে নগাঁও জিলাৰ কলিয়াবৰৰ বৰুৱাচুকত দেওবাৰে দিহানামৰ এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়৷ বৰুৱাচুক গাঁৱৰ নামঘৰত আয়োজিত দিহানামৰ বাছনি শিবিৰত বহু লোকৰ উপস্থিতিয়ে পৰিৱেশটো জীপাল কৰি তোলে৷ প্ৰথম পৰ্যায়ত বাছনি শিবিৰত ভাগ লোৱা এশগৰাকী দিহানামৰ শিল্পীৰ ভিতৰত ১২গৰাকী শিল্পীক বাছনি কৰা হয় বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে৷ পৰ্যায়ক্ৰমে কেইবাটাও বাছনি শিবিৰ অনুষ্ঠিত হ’ব৷ অন্তিম পৰ্যায়ত অনুষ্ঠিত হ’ব চূড়ান্ত বাছনি শিবিৰ৷ এই প্ৰক্ৰিয়াত ৬০ হাজাৰ নামতী আৰু ১,০০০ খোলবাদকৰ উপৰি সহস্ৰাধিক নাগাৰাবাদক আৰু তালবাদকক সামৰি লোৱাৰ পৰিকল্পনা কৰা হৈছে৷ এইক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ কৰিছে সদৌ অসম সাংস্কৃতিক দিহানাম সমিতিয়ে৷ চলিত বৰ্ষৰ নৱেম্বৰ মাহত বিশ্ব অভিলেখৰ লক্ষ্য পূৰণ কৰাৰ প্ৰস্তুতি চলোৱা হৈছে৷ ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত সাংগঠনিক কাম-কাজ আৰম্ভ কৰা সংগঠনটোৱে এই বিশাল কাৰ্যসূচী ৰূপায়ণৰ বাবে গুৱাহাটী আৰু নলবাৰীৰ যিকোনো এখন ঠাই নিৰ্বাচন কৰিব৷ এইক্ষেত্ৰত ৰাইজৰ দিহা-পৰামৰ্শ লোৱা হ’ব বুলি উদ্যোক্তাসকলে সদৰী কৰিছে৷