Logo
image

ক্ষান্ত হোৱা নাই বিশ্বজিৎ-ভৱেশ, বিৰক্ত মন্ত্ৰী ৰঞ্জিত

‘আমাৰ অসম’, ৮জুনঃ ‘লোভেই পাপ, পাপেই মৃত্যু’–আমাৰ সমাজ জীৱনৰ অতি বহুলভাৱে প্ৰচলিত এই আপ্ত বাক্যশাৰী কাৰ্যতঃ নস্যাৎ কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে৷ অধ্যক্ষজনৰ মতে মানুহ লোভী হ’ব লাগে, তেতিয়াহে মানুহে উন্নতিৰ জখলা বগাব পাৰে৷ তেওঁৰ মতে বাক্যশাৰী এনেধৰণৰ–‘আগৰ সময়ত লোভ মানে আছিল পাপ৷ আজি কালি লোভেই উন্নতিৰ মূল৷ মানুহৰ লোভ থাকিব লাগিব৷ লগত টকা নাই পইচা নাই এনেদৰে নচলিব৷ মানুহৰ সদায় লোভ থাকিব লাগে৷ মোক নিৰামিষ নহয় সদায় মাংসই লাগিব এনে লক্ষ্য লৈ  আগবাঢ়িব লাগিবই৷ আৰু এইটো লক্ষ্য পূৰ কৰিবলৈ উপাৰ্জন কৰিবই লাগিব৷ লোভ নথকা মানুহে জীৱনত একো কৰিব নোৱাৰে৷’ বিধানসভাৰ অধ্যক্ষজনৰ এনে আজব মন্তব্যকলৈ সৰ্বত্ৰ চৰ্চা হৈছে৷ দিন দিয়েক পূৰ্বে বিধানসভাৰ অধ্যক্ষজনে বিদ্যুৎ ব্যয় ৰোধৰ বাবে ৰাইজক ফেনৰ বতাহ লোৱাৰ পৰিৱৰ্তে গছৰ তলত বহি থাকিবলৈ পৰামৰ্শ দিছিল৷ তেওঁৰ স্পষ্ট কথা–বিদ্যুতৰ বিল বাঢ়িলে ফেন বন্ধ কৰি গছৰ তলত বহক৷ বিদ্যুতৰ মাছুল বাঢ়িছে ফেন-চেন বিলাক নলগাব৷ গছৰ তলত থাকিব৷ তেতিয়া খৰচ কমিব৷ বিধানসভাৰ অধ্যক্ষজনৰ এনে বক্তব্যৰ পাছতে ছ’চিয়েল মিডিয়াত তোলপাৰ লাগিছে৷ বিভিন্ন ৰাজনৈতিক দলে প্ৰতীকী ৰূপত ইয়াৰ প্ৰতিবাদ কৰিছে৷ প্ৰদেশ কংগ্ৰেছৰ অন্যতম কাৰ্যকৰী সভাপতি কমলাক্ষ দে পুৰকায়স্থই মঙলবাৰে অধ্যক্ষজনৰ চৰকাৰী আৱাসৰ সন্মুখত গছৰ তলত বহি প্ৰতীকী প্ৰতিবাদ কৰে৷ কংগ্ৰেছ বিধায়িনী দলৰ উপদলপতি ৰকিবুল হুছেইনে৷ অধ্যক্ষজনৰ বক্তব্যৰ প্ৰতিবাদ জনাই মঙলবাৰে সপৰিয়ালে গছৰ তলত আহাৰ গ্ৰহণ কৰে৷ ৰিপুন বৰাৰ নেতৃত্বত অসম তৃণমূল কংগ্ৰেছে গুৱাহাটীৰ জয়ানগৰত অধ্যক্ষৰ বক্তব্যৰ প্ৰতিবাদ জনায়৷ ইফালে মূল্যবৃদ্ধি সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতায়ো কৰিছিল আজৱ মন্তব্য৷ তেওঁৰ বক্তব্য–মানুহে বেছিকৈ খোৱাৰ বাবে মূল্যবৃদ্ধি হৈছে৷ ভাৰত বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ৷ ইমান মানুহে খাই থাকিলেতো মূল্যবৃদ্ধি হ’বই৷ এইটো ডেফিনিট কথা৷ পূৰ্বে প্ৰদেশ বিজেপিৰ সভাপতিজনে পেট্ৰ’লৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ এখন বাইকত তিনিজনকৈ উঠিবলৈ পৰামৰ্শ দিছিল৷ তুলুঙা মন্তব্য কৰাত বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা বা বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ক্ষান্ত হোৱা নাই৷ এনে কথাই ৰাজ্যবাসীক যে প্ৰকাৰন্তৰে আঘাট দিছে তেনে নহয়, বিজেপিৰ জ্যেষ্ঠ নেতায়ো এনে বক্তব্যত অসন্তুষ্ট প্ৰকাশ কৰিছে৷ বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি মন্ত্ৰী ৰঞ্জিত দাসে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়–ভগবানে মানুহক আনন্দ দিয়াৰ বাবে জন্ম দিছে৷ আনক কষ্ট দিবলৈ নহয়৷ মানুহে কষ্ট দিয়া কাম কৰিব বা কথা ক’ব নাপায়৷ শব্দই ব্ৰহ্ম এই কথা বিজেপিৰ প্ৰতিজন কৰ্মকৰ্তাই মনত ৰখা উচিত৷