Logo
image

১৫ জুনৰ ভিতৰত তদন্ত সমাপ্তিৰ আশ্বাস, আন্দোলন স্থগিত

‘আমাৰ অসম’, ৮জুনঃ  অৱশেষত বৰফ গলিল৷ যোৱা জানুৱাৰীৰ পৰা ভাৰতীয় ৰেছলিং ফেডাৰেছনৰ সভাপতি ব্ৰীজভূষণ চাৰণ সিঙৰ যৌন নিৰ্যাতনৰ বিৰুদ্ধে ৰাজহুৱাকৈ প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰা দেশৰ বিশ্বখ্যাত মল্লযোদ্ধাই তেওঁলোকৰ আন্দোলন বুধবাৰে সাময়িকভাৱে স্থগিত ৰখা বুলি ঘোষণা কৰিলে৷ বুধবাৰে কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰৰ সৈতে প্ৰতিবাদী মল্লযোদ্ধাৰ  ৬ ঘণ্টাজোৰা বৈঠকৰ অন্তত পাঁচ মাহ ধৰি চলি থকা অচলাৱস্থাৰ অৱসান ঘটিছে৷ মূলতঃ কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰা আশ্বাসৰ বাবেই প্ৰতিবাদী মল্লযোদ্ধাই আন্দোলনৰ সাময়িক স্থগিতকৰণ ঘোষণা কৰিছে৷ কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰৰ আশ্বাস অনুসৰি অহা ১৫ জুনলৈকে মল্লযোদ্ধাসকলে আন্দোলন নকৰে৷ কিয়নো ১৫ জুনৰ ভিতৰত তদন্ত শেষ কৰি এই গোচৰৰ অভিযোগনামা দাখিল কৰা হ’ব৷ তদুপৰি ৩০ জুনৰ ভিতৰত ভাৰতীয় ৰেছলিং ফেডাৰেছনৰ নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব৷ অনুৰাগ ঠাকুৰৰ এই দুয়োটা প্ৰতিশ্ৰুতিত প্ৰতিবাদী মল্লযোদ্ধা সন্মত হোৱাৰ বাবেই অচলাৱস্থাৰ অৱসান ঘটে৷ প্ৰতিবাদকাৰী মল্লযোদ্ধাই কেন্দ্ৰীয় ক্ৰীড়মন্ত্ৰীক দাবী জনাইছে– ব্ৰীজভূষণ চাৰণ সিং আৰু তেওঁৰ ঘনিষ্ঠ ব্যক্তি যাতে ফেডাৰেচনৰ সভাপতি বা শীৰ্ষ স্থানীয় পদবীলৈ নিৰ্বাচিত নহয়৷ কিয়নো, ব্ৰীজভূষনে ইতিমধ্যে কোনো নিৰ্বাচন অনুষ্ঠিত নকৰাকৈ তিনিটা কাৰ্যকাল সম্পূৰ্ণ কৰিছে৷ প্ৰতিবাদকাৰী মল্লযোদ্ধাই ফেডাৰেচনৰ শীৰ্ষ পদত এগৰাকী মহিলা অধিষ্ঠিত হোৱাৰো পোষকতা কৰিছে৷ তদুপৰি ভাৰতীয় ৰেছলিং ফেডাৰেচনত এখন আভ্যন্তৰীণ কমিটী গঠন কৰা হ’ব, য’ৰ শীৰ্ষত থাকিব এগৰাকী মহিলা৷ প্ৰতিবাদী মল্লযোদ্ধাৰ প্ৰায় আটাইকেইটা দাবী কেন্দ্ৰীয় চৰকাৰে মানি লোৱাৰ ফলত তেওঁলোকে আন্দোলন সাময়িকভাৱে স্থগিত ৰখা বুলি ঘোষণা কৰে৷ 

বৈঠকৰ অন্তত অলিম্পিকৰ পদকবিজয়ী বজৰং পুনিয়াই কয়– ‘কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে আলোচনা হৈছে৷ আমি আমাৰ দাবী জনাইছোঁ৷ তেওঁ জনাইছে, পোন্ধৰ জুনৰ ভিতৰত তদন্ত শেষ হ’ব৷ সেয়ে পোন্ধৰ জুনলৈকে আমি আন্দোলন স্থগিত ৰাখিছোঁ৷ ১৫ জুনৰ পাছত পৰৱৰ্তী সিদ্ধান্ত ল’ম৷’ আনহাতে আন্দোলনৰ মূল নেত্ৰী সাক্ষী মালিকে কয়– ‘কেন্দ্ৰীয় চৰকাৰে আশ্বাস দিছে৷ আমি চৰকাৰৰ ওচৰতে দাবী জনাইছিলো৷ সেয়ে চৰকাৰৰ সৈতেই বৈঠক কৰিছো৷ চৰকাৰৰ আশ্বাস শুনিয়েই আমি ১৫ জুনলৈকে আন্দোলন স্থগিত ৰাখিছোঁ৷ অন্যথা ১৫ জুনৰ পাছত পুনৰ আন্দোলন আৰম্ভ হ’ব৷’

বুধবাৰে কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰীৰ ওচৰত প্ৰতিবাদী মল্লযোদ্ধাসকলে মুঠতে পাঁচটা দাবী উত্থাপন কৰিছিল৷ দাবীসমূহ আছিল– [১] ভাৰতীয় ৰেছলিং ফেডাৰেচনৰ অচিৰেই নিকা আৰু স্বচ্ছ নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব, [২] ফেডাৰেচনৰ শীৰ্ষ পদবীত মহিলা থাকিব লাগিব, [৩] ব্ৰীজভূষণ আৰু তেওঁৰ পৰিয়াল, আত্মীয়, ঘনিষ্ঠ ফেডাৰেচনৰ সৈতে জড়িত থাকিব নোৱাৰিব, [৪] নতুন সংসদ ভৱনৰ সন্মুখত ধৰ্ণা দিবলৈ যাওঁতে মল্লযোদ্ধাৰ বিৰুদ্ধে আইন ভংগৰ অভিযোগত যি গোচৰ ৰুজু হৈছে, সেয়া প্ৰত্যাহাৰ কৰিব লাগিব, [৫] ব্ৰীজভূষণক গ্ৰেপ্তাৰ কৰিব লাগিব৷ ইয়াৰ ব্ৰীজভূষণৰ গ্ৰেপ্তাৰৰ বাহিৰে বাকীকেইটা দাবী কেন্দ্ৰীয় চৰকাৰে মানি লৈছে৷ সেই কথা কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰেও জনাইছে৷ অৱশ্যে তেওঁৰ বক্তব্যত ফেডাৰেচনৰ শীৰ্ষ পদত মহিলা অধিষ্ঠিত হোৱা আৰু ব্ৰীজভূষণ স্বয়ং কিম্বা তেওঁৰ পৰিয়াল তথা ঘনিষ্ঠ ফেডাৰেচনলৈ নিৰ্বাচিত হোৱাত চৰকাৰে বাধাপ্ৰদান কৰাৰ কোনো আশ্বাস নাই৷ আনহাতে, ব্ৰীজভূষণৰ গ্ৰেপ্তাৰৰ দাবীও অনুৰাগ ঠাকুৰে নাকচ কৰে৷ প্ৰসংগতঃ, যোৱা শনিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে প্ৰতিবাদী মল্লযোদ্ধাৰ বৈঠক অনুষ্ঠিত হোৱাৰ পাছতে এই পথ প্ৰশস্ত হয়৷ 

প্ৰসংগতঃ, ব্ৰীজভূষণৰ বিৰুদ্ধে নিৰ্যাতিতা মল্লযোদ্ধাই দুখন এজাহাৰ দাখিল কৰিছিল৷ তাৰে এখন নিৰ্যাতিতা নাবালিকা মল্লযোদ্ধাই এককভাৱে আৰু আনখন ৬গৰাকী প্ৰাপ্তবয়স্ক মল্লযোদ্ধাই একেলগে ৰুজু কৰিছিল, য’ত ব্ৰীজভূষণৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ ১০টা নিৰ্দিষ্ট অভিযোগ অনা হৈছিল৷ তদন্ত হৈছে এই এজাহাৰৰ ওপৰত ভিত্তি কৰি৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২১-২৪ জুনত আমেৰিকা ভ্ৰমণলৈ যোৱাৰ পূৰ্বেই ৭ গৰাকী মহিলা মল্লযোদ্ধাৰ যৌন নিৰ্যাতনৰ বিষয়টোৰ সমাধান হোৱা আৰু ক্ষোভ প্ৰশমিত হোৱাতো যে কেন্দ্ৰীয় চৰকাৰে বিচাৰিছে সেয়া বুধবাৰে অনুৰাগ ঠাকুৰে গ্ৰহণ কৰা পদক্ষেপতে প্ৰতীয়মান হৈছে৷ স্থায়ী সমাধান হওক বা নহওক, অন্ততঃ বিশ্বখ্যাত মল্লযোদ্ধাসকল প্ৰতিবাদৰ পৰা আঁতৰি থকাটো কামনা কৰিছে মোদী চৰকাৰে৷ সেই উদ্দেশ্যেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰতিবাদী মল্লযোদ্ধাৰ সৈতে শনিবাৰে মাজনিশা বৈঠক অনুষ্ঠিত কৰিছিল৷ এই বৈঠক ফলপ্ৰসূ নহ’লেও সেয়া সমস্যা সমাধান তথা পৰিস্থিতি সাময়িকভাৱে শান্ত হৈ থকাৰ ক্ষেত্ৰত প্ৰথম পদক্ষেপ বুলি অভিহিত কৰা হৈছিল৷ প্ৰায় একে সময়তে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰেও একেই উদ্দেশ্য লৈ প্ৰতিবাদী মল্লযোদ্ধাৰ সৈতে বৈঠক অনুষ্ঠিত কৰিছিল৷ অৱশ্যে সেই বৈঠকতো কোনো সমাধানসূত্ৰ নোলাল৷ কিন্তু শেহতীয়াকৈ ৰেছলিং ফেডাৰেশ্বনৰ সভাপতি তথা বিজেপিৰ সাংসদ ব্ৰীজভূষণ চাৰণ সিঙৰ বিৰুদ্ধে উত্থাপিত অভিযোগ আৰু ৰুজু হোৱা এজাহাৰৰ ক্ষেত্ৰত তাৎক্ষণিকভাৱে অভিযোগনামা দাখিল কৰাতো বিচাৰি আছিল কেন্দ্ৰীয় চৰকাৰে৷ মূলতঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২১-২৪ জুনৰ আমেৰিকা ভ্ৰমণ আৰু মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনক মোদীয়ে সাক্ষাৎ কৰাৰ পূৰ্বে তেনে এক পদক্ষেপৰ বাবে কেন্দ্ৰীয় চৰকাৰে জোৰদাৰ প্ৰস্তুতি চলাই আছিল৷ কিয়নো এনেধৰণৰ বিষয়ত আনুষ্ঠানিকভাৱে আমেৰিকা অতিশয় সংবেদনশীল৷ মহিলাৰ ক্ষেত্ৰত হোৱা যৌন নিৰ্যাতন অথবা নিৰাপত্তা বাহিনীয়ে চলোৱা শাৰীৰিক নিৰ্যাতনৰ ক্ষেত্ৰত আমেৰিকা অতি স্পৰ্শকাতৰ৷ তদুপৰি যিকেইগৰাকী মল্লযোদ্ধাই যৌন নিৰ্যাতনৰ বিৰুদ্ধে মাহজুৰি প্ৰতিবাদ অব্যাহত ৰাখিছে, তাৰ প্ৰত্যেকগৰাকীয়েই আন্তৰ্জাতিক খ্যাতিসম্পন্ন ক্ৰীড়াবিদ৷ অলিম্পিকৰ পদকবিজয়ী সাক্ষী মালিক, বজৰং পুনিয়া, এছিয়াডৰ পদকবিজয়ী ৱিনেশ ফোগাটৰ উপৰি কমনৱেল্‌থ গেম্‌ছৰ পদক বিজয়ী মল্লযোদ্ধায়ো যৌন নিৰ্যাতনৰ অভিযোগত প্ৰতিবাদ কৰি আছিল৷  মল্লযোদ্ধাসকলক শাৰীৰিকভাৱে বল প্ৰয়োগ কৰি দিল্লী আৰক্ষীয়ে প্ৰতিবাদস্থলীৰ পৰা উৎখাত কৰাৰ ঘটনাত ক্ষুব্ধ হৈ ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক এছ’চিয়েশ্বনে কঠোৰ ভাষাৰে নিন্দা কৰিছিল আৰু ভাৰতীয় আইনৰ আধাৰত মল্লযোদ্ধাসকলৰ অভিযোগ সমাধানৰ আহ৩ান জনাইছিল৷ এনে পৰিপ্ৰেক্ষিতত আন্তৰ্জাতিক খ্যাতিসম্পন্ন মল্লযোদ্ধাসকলৰ যৌন নিৰ্যাতনৰ বিষয়টো প্ৰধানমন্ত্ৰী মোদীৰ বাবে আমেৰিকা ভ্ৰমণকালত অস্বস্তিকৰ হৈ পৰিব পাৰে৷ সেই উদ্দেশ্যেই  বিষয়টোৰ সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰা বুলি প্ৰতীয়মান কৰাৰ বাবেই তাৎক্ষণিকভাৱে কেতবোৰ কাৰ্যপন্থা গ্ৰহণৰ দিশে আগবাঢ়িছে মোদী চৰকাৰ৷ অন্ততঃ মাৰ্কিন ৰাষ্ট্ৰপতিৰ ৰাষ্ট্ৰীয় অতিথি হিচাপে যাবলগীয়া প্ৰধানমন্ত্ৰী মোদী যাতে এই বিষয়ক লৈ আমেৰিকাত অস্বস্তিকৰ পৰিস্থিতিৰ মুখত পৰিবলগীয়া নহয় সেয়ে মল্লযোদ্ধাসকলৰ ক্ষোভ প্ৰশমনৰ চেষ্টা চলাই প্ৰধানমন্ত্ৰী অস্বস্তিৰ সন্মুখীন নোহোৱাতো নিশ্চিত কৰা হৈছে৷ আনহাতে, বিশ্বখ্যাত মল্লযোদ্ধাৰ অতি দীঘলীয়া প্ৰতিবাদত বিজেপি দলৰ ভিতৰতো অস্বস্তিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ কিয়নো অভিযুক্ত ব্ৰীজভূষণ ৬ বাৰৰ লোকসভাৰ সাংসদ, যি বিগত ৫ বাৰ বিজেপিৰ প্ৰাৰ্থী হিচাপে বিজয়ী হৈ আহিছে৷ অথচ বিজেপি নেতৃত্বাধীন চৰকাৰখনে অভিযুক্তৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱাৰ উদ্যোগ গ্ৰহণ কৰা নাছিল আৰু স্পৰ্শকাতৰ বিষয়টোৰ প্ৰতি দীৰ্ঘদিন উদাসীনতা প্ৰদৰ্শন কৰিছিল৷ আনকি বিজেপিৰ সাংসদ মানেকা গান্ধী, প্ৰীতম মুণ্ডে, হিছাৰৰ সাংসদ ব্ৰীজেন্দ্ৰ সিঙে ৰাজহুৱাকৈ প্ৰতিবাদকাৰী মল্লযোদ্ধাক সমৰ্থন জনাইছিল৷ এনে একাধিক কাৰণত এতিয়া কেন্দ্ৰীয় চৰকাৰে মোদীৰ আমেৰিকা ভ্ৰমণৰ পূৰ্বে পৰিস্থিতি স্বাভাৱিক কৰিবলৈ উঠিপৰি লাগিছে৷