Logo
image

আহি আছিল ৰাজধানী কথমপি প্ৰাণৰক্ষা বহু যাত্ৰীৰ

‘আমাৰ অসম’, ৮জুনঃ  ওড়িশাৰ বালাছ’ৰত শুকুৰবাৰে সংঘটিত ভয়ংকৰ ৰে’ল দুৰ্ঘটনাৰ বিভীষিকাৰ মাজতে বুধবাৰে অসমতো এখন মালবাহী ৰে’ল লাইনচ্যুত হয়৷ বালাছ’ৰৰ ৰে’ল দুৰ্ঘটনাটোত প্ৰায় ২৮৮জন যাত্ৰীয়ে প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ পাছত এইবাৰ অসমতো যেন আন এক অনাকাংক্ষিত ৰে’ল দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে  দিল্লী-ডিব্ৰুগড় অভিমুখী ছুপাৰফাষ্ট ৰাজধানী এক্সপ্ৰেছ৷ বুধবাৰে মালবাহী ৰে’লখনৰ লাইনচ্যুত ঘটনাৰ কিছু সময়ৰ তাৰতম্য হোৱা হ’লেই ৰাজধানী এক্সপ্ৰেছ ৰে’লখন এই দুৰ্ঘটনাটোৰ চিকাৰ হ’লহেঁতেন বুলি এতিয়া চৰ্চা লাভ কৰিছে৷ কিয়নো ৰঙিয়া-বঙাইগাঁও বিজি-ৰ ৰে’ল লাইনৰ মেৰামতি চলি থকাৰ পৰিপ্ৰেক্ষিতত ৰাজধানী এক্সপ্ৰেছৰ লগতে কেইবাখনো দূৰণীবটীয়া ৰে’ল যোগীঘোপা-কামাখ্যা পথেৰে চলাচল কৰি আহিছে৷ বুধবাৰে এই পথটোৱে ৰাজধানী এক্সপ্ৰেছৰ লগতে কামাখ্যা-জয়পুৰ কবিগুৰু এক্সপ্ৰেছখনৰো যাত্ৰাৰ সময়সূচী আছিল৷ সময়ৰ কিছু তাৰাতম্য হোৱা হ’লেই এই দুখন যাত্ৰীবাহী ৰে’ল দুৰ্ঘটনাটোত পতিত হ’লহেঁতেন বুলি ৰে’লৱে কৰ্তৃপক্ষই মত ব্যক্ত কৰিছে৷ উল্লেখ্য, বুধবাৰে আবেলি প্ৰায় তিনি বজাত দক্ষিণ কামৰূপৰ খলিহাত কামাখ্যা-যোগীঘোপা ৰে’ল পথেৰে বঙাইগাঁৱৰ পৰা গুৱাহাটী অভিমুখী কয়লা পৰিবাহী ৰে’লখনৰ ১৬টাকৈ ডবা লাইনচ্যুত হয়৷ অৱশ্যে, ৬টা ডবাসহ ইঞ্জিনটো বহু দূৰলৈ আগুৱাই গ’লেও সৌভাগ্যক্ৰমে এই দুৰ্ঘটনাটোত কোনো লোক হতাহতি হোৱা নাই৷ স্বাভাৱিকতেই বালাছ’ৰৰ দুৰ্ঘটনাৰ আতংক মাৰ নৌযাওঁতেই দক্ষিণ কামৰূপত মালবাহী ৰে’ল লাইনচ্যুত হোৱা কাৰ্যই ৰে’ল মন্ত্ৰণালয়কো চিন্তিত কৰি তুলিছে৷ এই দুৰ্ঘটনাটোত মালবাহী ৰে’ল নহৈ যদিহে আন যাত্ৰীবাহী ৰে’ল দুৰ্ঘটনাত পতিত হোৱা হ’লে বহু যাত্ৰীৰ প্ৰাণনাশৰ আশংকা কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷ কামৰূপৰ বকো থানাৰ অন্তৰ্গত শিংৰাত মালবাহী ৰে’লখন লাইনচ্যুত হোৱা ঘটনাৰ এতিয়া উচ্ছ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে ৰে’লৱে কৰ্তৃপক্ষই৷ প্ৰাথমিক অনুসন্ধানত ৰে’লৰ ট্ৰেকৰ বিসংগতিৰ বাবে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ ব্যক্ত কৰিছে৷ ৰে’ল কৰ্তৃপক্ষই সুৰক্ষাৰ দিশটোত কোনোৱে অৱহেলা কৰিছিল নেকি সেই দিশটোৰ অনুসন্ধান আৰম্ভ কৰিছে৷ বুধবাৰে ৰাজ্যৰ গ্ৰীষ্মৰ উষ্ণতাই ৩৯ ডিগ্ৰী ছেলছিয়াছ স্পৰ্শ কৰাত ৰে’ল ট্ৰেক নিৰীক্ষণ সঠিকভাৱে হৈছিল নে নাই, সেই দিশটোকো অনুসন্ধানৰ পোষকতা কৰা হৈছে৷ অৱশ্যে, উত্তৰ পূব সীমান্ত ৰে’লৱে সূত্ৰই সদৰী কৰা অনুসৰি ৰে’ল মন্ত্ৰণালয়ৰ অধীনত প্ৰায় তিনি লাখ পদ দীৰ্ঘদিনৰে পৰা খালী হৈ আছে৷ যাৰ পৰিপ্ৰেক্ষিতত ৰে’ল লাইন সময়মতে নিৰীক্ষণত মানৱ সম্পদৰ অভাৱৰ বাবে ৰে’লৱে কৰ্তৃপক্ষক সমস্যাত পেলাই আহিছে বুলিও সদৰী কৰিছে৷ এই সমস্যাৰ বাবেই সঘন ৰে’ল দুৰ্ঘটনা সংঘটিত হোৱা বুলিও চৰ্চা লাভ কৰিছে৷ ইফালে দুৰ্ঘটনাগ্ৰস্ত ৰে’লখনৰ ১৬টা দবা লাইনচু্যত হৈ ৰে’ল ট্ৰেকৰ পৰা প্ৰচণ্ড শব্দৰে বাগৰি পৰাত আতংকিত হৈ পৰা দেখা যায় স্থানীয় লোকসকলক৷ দুৰ্ঘটনাটোৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷ ইপিনে, ভাৰতীয় ৰে’ল বিভাগৰ উচ্ছ পদস্থ বিষয়া আৰু কৰ্মচাৰীৰ দলে খলিহাৰ দুৰ্ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাটোৰ ওপৰত তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে৷ শেহতীয়াভাৱে, দুৰ্ঘটনাটোৰ বাবে কামাখ্যা-যোগীঘোপা ৰে’ল পথেৰে আন আন ৰে’লৰ চলাচল ব্যাহত হৈ পৰে৷ এন এফ ৰে’লৱে কৰ্তৃপক্ষই কেইবাখনো ৰে’লৰ চলাচল বাতিল কৰাৰ লগতে পথ সলনি কৰাৰ জাননী জাৰি কৰিছে৷