Logo
image

মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আপৰ নেতা আটক

ডিজিটেল ডেস্ক, নগাঁওঃ দেশত লাগিছে কিহৰ ধুমধাম, এক ইউনিট বিদ্যুতৰ ১০ টকা দাম, এক লিটাৰ পেট্ৰলৰ ১০০ টকা দাম, এটা গেছৰ চিলিণ্ডাৰৰ ১২০০ টকা দাম, ১ কিলো দাইলৰ ১৫০ টকা দাম ইত্যাদি শ্ল'গানেৰে নগাঁও চহৰত অভিনৱ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ হ'ল বিৰিঞ্চি বৰা আৰু দুলাল বৰা নামৰ দুজন লোক । 'ৰজাৰ পদূলিত ৰাইজ'  শীৰ্ষক আবেদনৰে বৃহস্পতিবাৰে  আপৰ নেতা বিৰিঞ্চি বৰা আৰু বিভিন্ন শিশু অনুষ্ঠানৰ লগত জড়িত দুলাল বৰাই বিদ্যুতৰ মাচুল বৃদ্ধি, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱৰ বিজেপি বিধায়কৰ বাসভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। 

কান্ধত মূল্যবৃদ্ধিৰ ভাৰলৈ খাটিখোৱা কৃষকৰ ৰূপত আপৰ নেতা বিৰিঞ্চি বৰাই প্ৰতিবাদ সাব্যস্ত কৰে। আপৰ নেতাজনৰ লগতে প্ৰতিবাদী কাৰ্যসূচীত সহযোগিতা আগবঢ়াই দুলাল বৰাই। দুয়োজনে এই প্ৰতিবাদৰ জৰিয়তে মূল্যবৃদ্ধি ৰোধ কৰা আৰু জনতাৰ ওপৰত জাপি দিয়া বৰ্ধিত কৰৰ বোজা ৰেহাই দিয়াৰ দাবী উত্থাপন কৰে। পৰৱৰ্তী সময়ত দুয়োগৰাকী প্ৰতিবাদকাৰীয়ে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ নগাঁৱৰ আমোলাপট্টিস্থিত বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰোতেই আৰক্ষীয়ে দুয়োজনকে আটক কৰে।

প্ৰতিবাদকাৰী বিৰিঞ্চি বৰাই  ৰজাৰ পদূলিত মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবী জনাবলৈ বিজেপি বিধায়কৰ বাসগৃহৰ সন্মুখত উপস্থিত হোৱা বুলি মন্তব্য কৰে। বৰ্তমানৰ চৰকাৰে মূল্যবৃদ্ধিৰ নামত কেৱল মাধমাৰ সোধোৱা বুলি মন্তব্য কৰে আপৰ নেতাজনে। প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে আপৰ নেতা বিৰিঞ্চি বৰা।