Logo
image

২ অক্টোবৰত দুঘণ্টাৰ ভিতৰত ৰোপণ হ’ব ১ কোটি গছপুলি

‘আমাৰ অসম’, ৯ জুনঃ  গান্ধী জয়ন্তীৰ সৈতে সংগতি ৰাখি ২ অক্টোবৰত সমগ্ৰ ৰাজ্যত দুঘণ্টাৰ ভিতৰত ৰ কোটি গছপুলি ৰোপণ কৰা হ’ব৷ এই কাৰ্যসূচীত অংশ লোৱা প্ৰতিজন লোকলৈ গছজোপা প্ৰতিপালনত সহায়ক হোৱাকৈ ১০০ টকা আগবঢ়োৱা হ’ব৷ তিনিবছৰ পিছত যদি গছপুলিটো জীয়াই থাকে তেন্তে পুনৰ সেই লোকজনক চৰকাৰে ২০০ টকাকৈ দিব৷ এই ঘোষণা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ পৰিৱেশ আৰু বন বিভাগৰ উদ্যোগত বৃহস্পতিবাৰে কামৰূপ জিলাৰ চানডুবিত আয়োজিত অমৃত গছপুলি ৰোপণ কাৰ্যসূচীত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে এই ঘোষণা   কৰি কয়–অসমত বনকেন্দ্ৰিক সমান্তৰাল অৰ্থনীতি যাতে গঢ় লৈ উঠে তাৰ বাবে চৰকাৰী প্ৰচেষ্টাত শাল, চেগুন আদিৰ দৰে বাণিজ্যিকভাৱে চাহিদা থকা গছপুলি ৰোপণত উদগনি যোগোৱা হ’ব৷ বনভূমিৰ সংৰক্ষণ কেৱল মাত্ৰ সামাজিক কাৰণতে নহয়, ব্যক্তিগত অৰ্থনীতিৰ লগতে ৰাজ্যৰ অৰ্থনীতি তথা ৰাজ্যৰ ভৱিষ্যতৰ বাবে৷ ভৱিষ্যৎ প্ৰজন্মৰ বাবে বনভূমি সংৰক্ষণৰ ওপৰত সকলোৱে গুৰুত্ব আৰোপ কৰিব লাগিব অসমৰ প্ৰায় ২০ শতাংশ বনভূমি বেদখলকাৰীৰ কবলত আছে, যাৰ কু-প্ৰভাৱ সকলোৱে প্ৰত্যক্ষ কৰিছে৷  বনাঞ্চল আৰু পাহাৰাঞ্চল ধবংস কৰি মানুহে বাসস্থান নিৰ্মাণ কৰিছে৷ ইয়াৰ সমান্তৰালকৈ  ডিজেল, পেট্ৰ’ল আদিৰ অত্যাধিক ব্যৱহাৰ বা জীৱাষ্ম ইন্ধনৰ ব্যৱহাৰৰ ফলস্বৰূপে সম্প্ৰতি গোলকীয় উষ্ণতা এক ভয়াবহ সমস্যাৰূপে থিয় দিছে৷ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, বন সংৰক্ষণ তথা সংবদ্ধৰ্ন আৰু জীৱাষ্ম ইন্ধনৰ জৰিয়তে উৎপাদিত শক্তিৰ পৰিৱৰ্তে নৱীকৰণযোগ্য শক্তিৰ যথাসম্ভৱ ব্যৱহাৰেই হৈছে এই অৱস্থাৰ পৰা মুক্তি পোৱাৰ একমাত্ৰ উপায়৷   অসমত ৫০০০ মেগাৱাট শক্তি সৌৰশক্তিৰ জৰিয়তে আহৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ইয়াৰে প্ৰায় ৩০০০ মেগাৱাট সৌৰশক্তি উৎপাদনৰ পদক্ষেপ বৰ্তমান বিভিন্ন পৰ্যায়ত চলি আছে৷ বিগত দুটা বছৰত ৬১,৩৭৫ বিঘা বনাঞ্চল বেদখল মুক্ত কৰা হৈছে৷ লামডিং সংৰক্ষিত বনাঞ্চল আৰু পাভ সংৰক্ষিত বনাঞ্চলৰ পৰিৱেশ সুৰক্ষিত কৰাৰ লগতে বন্যপ্ৰাণীৰ বাবে বাসস্থান গঢ়ি তুলিবলৈ গছপুলি ৰোপণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ ৰাজ্যখনৰ মুঠ ভৌগোলিক অঞ্চলৰ বনভূমি ৩৬ শতাংশৰ পৰা ৩৮ শতাংশলৈ বৃদ্ধি কৰাৰ চিন্তা-চৰ্চা কৰা হৈছে৷ কেৱল গ্ৰীষ্মৰ সময়ছোৱাতে নহয়, বছৰৰ ৩৬৫ দিনৰ প্ৰতিটো দিনতে গছপুলি ৰোপণ, বৃক্ষ সংৰক্ষণ আৰু বনভূমিত নতুনকৈ যাতে কোনো বেদখল হ’ব নোৱাৰে তাৰ বাবে অকল বন বিভাগৰ দ্বাৰাই নহয়, জন ভাগীদাৰিৰ জৰিয়তে কাম কৰাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে৷ যোৱা তিনি দিনত ৰাজ্যখনৰ তাপমাত্ৰা ৩৮ ডিগ্ৰী ছেলচিয়াছতকৈও অধিক হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে গছপুলি ৰোপণৰ প্ৰতি সজাগতা তথা বনভূমি সংৰক্ষণৰ কাৰণে লোৱা ব্যৱস্থাৱলী আদিৰ দ্বাৰাহে ৰাজ্যখনক ভৱিষ্যৎ প্ৰজন্মৰ বাবে ৰক্ষা কৰিব পৰা যাব৷ আজি এই অনুষ্ঠানতেই ‘প্ৰাকৃতিক কৃষিৰ দিশত এখোজ’ শীৰ্ষক এখন সহায়িকা পুথি আৰু ‘ৰেয়াৰ এণ্ড থ্ৰীটেইণ্ড প্লেণ্ট স্পেছিচ অৱ আছাম’ শীৰ্ষক পুস্তিকা এখন ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীয়ে অনান্য সকলৰ সৈতে মুকলি কৰে৷  এই কাৰ্যসূচীত ৰাজ্যপালৰ সহধৰ্মিনী অনিতা কাটাৰিয়াৰ উপৰি কেবিনেট মন্ত্ৰীসকলৰ লগতে কেইবাগৰাকীও সাংসদ, বিধায়ক, স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আৰু শীৰ্ষ বিষয়াসকল উপস্থিত থাকে৷