Logo
image

ছিঁৰাল ফাট মেলিছে শুকান পথাৰে, সিঁচিব পৰা নাই কঠীয়া

‘আমাৰ অসম’, ৯ জুনঃ  প্ৰচণ্ড গৰমে দহিছে ৰাজ্য৷ বহুদিন ধৰি নাই বৰষুণ৷ ৰাজ্যত দীৰ্ঘদিনে পানীৰ নাটনি৷ সেয়া খোৱা পানী বা দৈনন্দিন ব্যৱহাৰ্য পানীয়েই হওক অথবা কৃষকৰ পথাৰত খেতিৰ বাবে প্ৰয়োজনীয় পানীয়েই হওক৷ গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বহু স্থানত এটুপি খোৱাপানীৰ বাবে হাহাকাৰ৷ গুৱাহাটীৰ খাৰঘূলিত ২৫ মে’ত জাইকাৰ পানী যোগান আচনিৰ জল বিস্ফোৰণৰ পিছৰে পৰা গুৱাহাটীত  পানী যোগানৰ সংকট আতৰা নাই৷ তাৰ দুদিনৰ পিছতে মহানগৰীৰ জু ৰোডত পানীৰ পাইপত জল বিস্ফোৰণৰ ঘটনা সংঘটিত হয়৷ তাৰ পিছতে উত্তৰ গুৱাহাটীৰ শিলসাঁকোত জাইকা প্ৰকল্পৰ পানীৰ পাইপ ফুটি পানী বাগৰি কেইবাটাও পৰিয়ালৰ বাসগৃহ জলমগ্ন হৈ পৰে৷ এইবোৰ ঘটনাই গুৱাহাটীত পানীৰ সংকট গভীৰ কৰি তুলিছে৷ জলজীৱন মিছনৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ কেইবাহাজাৰ কোটি টকাৰ ব্যয়েৰে অসমৰ গাঁৱে নগৰে খোৱা পানী যোগান আঁচনি স্থাপনৰ নামত অলেখ নতুনকৈ নিৰ্মাণ কৰা পথ খান্দি পেলোৱা হৈছে যদিও অধিকাংশ আঁচনিৰে বিশুদ্ধ পানীটুপি ৰাইজৰ মুখত পৰাগৈ নাই৷ আইৰণ মিহলি বা স্বাস্থ্যৰ বাবে ক্ষতিকাৰক লেতেৰা পানী খায়েই নাগৰিকে প্ৰাণৰক্ষা কৰিবলগীয়া হৈছে৷ বৰষুণ নোহোৱা বাবে কৃষক নামিব পৰা নাই পথাৰত৷ পানীৰ অভাৱত পথাৰত চিৰাল ফাট দিছে৷ পথাৰত পানী নোহোৱা বাবে কৃষকে কঠীয়া পেলাব পৰা নাই৷ কম মাটি থকা কোনো কৃষকে চৰকাৰৰ কৃষি বিভাগৰ পৰা খেতিত ব্যৱহাৰৰ বাবে চাৱচিডি মুল্যযুক্ত পানী উত্তোলন কৰা মেচিন লৈ গৈছে যদিও উপান্ত কৃষকৰ সেয়া কৰাৰো সামৰ্থ নাই৷ কৃষকৰ পথাৰত পানী যোগানৰ বাবে অসম চৰকাৰৰ জলসিঞ্চন নামৰ এটা বিভাগ আছে যদিও বহুক্ষেত্ৰতে ই আছে গৰু নাবায় হালৰ লেখিয়া৷ আঁচনি আছে, বিষয়া-কৰ্মচাৰী আছে, আঁচনিৰ নামত চৰকাৰী পূজিৰ ব্যয় হৈ আছে, কিন্তু নাই কৃষকৰ উপকাৰ সাধিব পৰাকৈ খেতি পথাৰত পানীৰ যোগান৷ কৃষি উৎপাদনৰ ক্ষেত্ৰত নগাঁও জিলাৰ ৰাজ্যৰ ভিতৰত বিশেষ স্থান আছে৷ নিয়মীয়া বৰষুণৰ অভাৱত জিলাখনৰ লগতে অসমৰ কেইবাখনো জিলাৰ কৃষকৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ধান, মাহজাতীয় শস্য আৰু অন্যান্য কৃষিৰ লগতে শাক পাচলি, মৎস্য উৎপাদনৰ ক্ষেত্ৰতো নগাঁও অগ্ৰণী জিলা৷ নগাঁও জিলাৰ হোজাই মহকুমা কৃষি উৎপাদনৰ ক্ষেত্ৰত চহকী ঠাই হিচাপে পৰিচিত৷ মহকুমাটোৰ বিস্তৃত ভূমিত ধানকে ধৰি শাক পাচলি আৰু মাছৰ উৎপাদন হয়৷ হোজাই মহকুমাত উৎপাদিত মাছৰ পোনাই অসমৰ লগতে বৰ্হিৰাজ্যৰ বজাৰো দখল কৰি আহিছে৷ কিন্ত চলিত বৰ্ষত পানীৰ অভাৱত ধান খেতিৰ লগতে মাছৰ পোনা উৎপাদনতো কৃষকৰ ব্যাপক ক্ষতি হৈছে৷ কৃষি বিভাগৰ তথ্য অনুসৰি, হোজাই মহকুমাত বছৰত মুঠ ৩০১২ হেক্টৰ ভূমিত ৭২২৭.৬ মেট্ৰিকটন আহু ধান, ৫০০৯৬ হেক্টৰ ভূমিত ৩০০৫৭৭.৮ মেট্ৰিকটন শালি ধান আৰু ৪৪৬৯ হেক্টৰ ভূমিত ১৬৫৩৬.৭৮ মেট্ৰিকটন বড়ো ধান উৎপাদন হয়৷ অসম চৰকাৰৰ তদানীন্তন মন্ত্ৰী মইনুল হক চৌধুৰীৰ কাৰ্যকালতে ১৯৭৬ চনত কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটত যমুনা নৈত নগাঁও আৰু কাৰ্বি আংলং জিলাক সামৰি যমুনা জলসিঞ্চন প্ৰকল্পৰ আৰম্ভ কৰা হৈছিল৷ এই প্ৰকল্পৰ দ্বিতীয়টো গেট কাছমাৰীত স্থাপন কৰা হৈছিল৷ তাৰ পৰা বিশটাৰ অধিক উপ নলাৰ জৰিয়তে কাকী, নীলবাগান, লংকা, ডবকা, যমুনামুখ, মোৰাঝাৰ, যোগীজানকে ধৰি বৃহত্তৰ হোজাই মহকুমাৰ কৃষকৰ পথাৰত পানী যোগান আৰম্ভ কৰা হয়৷ বিগত চাৰি-পাঁচ দশক ধৰি এই পানী যোগান আঁচনিয়ে হোজাই মহকুমাত কৃষি বিপ্লৱৰ সূচনা কৰে৷ এই আঁচনিৰ পানীৰেই কৃষকে বছৰটোত দুই-তিনিটা ধান খেতিৰ লগতে মাছৰ পোনা উৎপাদন আৰু মৎস্য পালনো কৰে৷  কৃষকে নিদিষ্ট ৰাজহৰ বিনিময়ত এই আঁচনিৰ পানীৰে মৎস্য পালনৰ বাবে পুখুৰীত পানী ভৰোৱাৰ ব্যৱস্থা কৰে৷ কিন্তু চলিত বৰ্ষত বৰষুণৰ অভাৱত প্ৰচণ্ড খৰাঙৰ বাবে যমুনাৰ পানী শুকাই যোৱাত এতিয়া আঁচনিখনে দহ শতাংশ পানীও যোগান ধৰিব পৰা নাই৷ তাৰ ফলত হোজাই মহকুমাৰ কৃষকৰ পথাৰত পানী নোহোৱাত নিদিষ্ট সময়ৰ এমাহ উকলি যোৱাৰ পিছতো ধানৰ কঠীয়া পেলাব নোৱাৰি কৃষকে মুৰে কপালে হাত দিবলগীয়া হৈছে৷ যি সকল কৃষকে অধিক ধন ব্যয় কৰি মাছৰ পোনা উৎপাদন কৰিছে তেওঁলোকেও পোনাবোৰ বিক্ৰী কৰিব পৰা নাই৷ কাৰণ হোজাই মহকুমাৰ অধিকাংশ মৎস্য পালকৰ পূুখুৰীত পানী নোহোৱা বাবে তেওঁলোকে মাছৰ পোনা ক্ৰয় কৰিব পৰা নাই৷ জলসিঞ্চন আঁচনিখনৰ নলাসমূহ পৰিষ্কাৰ কৰি ৰখাৰ বাবে জলসিঞ্চন বিভাগৰ ভালেসংখ্যক কৰ্মচাৰী আছে যদিও তেওঁলোকৰ কৰ্মহীনতাৰ বাবে পানী যোগানৰ নলাসমূহ হাবি জংঘলত পোত যোৱাৰ উপক্ৰম হৈছে৷ এইবোৰ পৰিষ্কাৰৰ নামতো বছৰি চৰকাৰ বৃহৎ পূজি ব্যয় হৈ আহিছে৷ ইফালে নগাঁও জিলাৰ কৃষি ক্ষেত্ৰত অন্য এখন অগ্ৰণী ঠাই কলিয়াবৰ মহকুমাতো বৰষুণৰ অভাৱত কৃষকৰ নজল নাথল অৱস্থা হৈছে৷ বৃহত্তৰ কলিয়াবৰ মহকুমাৰ কৃষকৰ স্বাৰ্থত সত্তৰৰ দশকতে হাতীমূৰাত স্থাপন কৰা কলং কলিয়াবৰ উত্তোলিত জলসিঞ্চন আঁচনিখন বৰ্তমান বগাহাতীত পৰিণত হৈছে৷ কলিয়াবৰৰ হাতীমূৰা পাহাৰৰ নামনিত দুখন ‘ব্ৰাজ’ৰে ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা পানী উত্তোলন কৰি বৃহত্তৰ মহকুমাটোৰ জখলাবন্ধা, হাটবৰ, সৰুভগীয়া, সুন্দৰ পথাৰ, গাড়িকুৰি, ভড়ালী, দলগাঁও, ওপৰ চটিয়ান আদি অঞ্চলৰ কৃষকৰ পথাৰলৈ পানী যোগান ধৰা হয়৷ চৰকাৰে কোটি কোটি টকা ব্যয় কৰি চলাই থকা এই আঁচনিখনে কৃষকৰ আশা পূৰণত ব্যৰ্থ হৈছে৷ ২০১৭ চনত হাতীমুৰাৰ মথাউৰি ভাঙি বানে কৰা প্ৰলয়ৰ ফলত এই আঁচনিখনৰ পানী বৈ যোৱা নলাৰ বহু ক্ষতি হয়৷ বৰ্তমান আচনিখনৰ উৎসত ব্ৰহ্মপুত্ৰৰ বুকুত পানী নথকাৰ বাবে আঁচনিখনৰ পানী বিগত কেইবামাহ ধৰি উত্তোলন কৰিব পৰা নাই৷ আঁচনিখনৰ পানী উত্তোলনৰ বাবে থকা দুখন ব্ৰাজৰ এখন দীৰ্ঘদিন ধৰি বেয়া হৈ পৰি আছে৷ এই আঁচনিখনৰ নামত ৰাজকোষৰ কোটি কোটি টকা ব্যয় হৈ আহিছে যদিও প্ৰয়োজনত কৃষকক পানী যোগান ধৰাত আঁচনিখন ব্যৰ্থ৷ নগাঁও চহৰৰ কাষৰীয়া কেতবোৰ অঞ্চলত কৃষকৰ পথাৰত পানী যোগানৰ বাবে জলসিঞ্চন বিভাগৰ কেইবাখনো আচনি আছে যদিও অধিকাংশৰে অৱস্থা তথৈৱচ৷ নগাঁও চহৰৰ দাঁতিকাষৰীয়া ডাকৰঘাটত কলঙৰ পৰা পানী উত্তোলন কৰা ডাকৰঘাট [বাও] আচনিখন বিগত কেইবাবছৰ ধৰি মেৰামতিৰ অভাৱত অকামিলা হৈ পৰি আছে৷ জলসিঞ্চন বিভাগৰ নগাঁও-বঢ়মপুৰ শাখাৰ অন্তৰ্গত ডিফলু আৰু কঢ়ালি গাঁও পানী যোগান আচনি দুখনৰো পয়ালগা অৱস্থাৰ বাবে কৃষকৰ পথাৰত প্ৰয়োজন অনুসৰি পানী যোগান ধৰিব পৰা নাই৷ ৰাজ্যৰ সৰ্বত্ৰে এতিয়া পানীৰ বাবে হাহাকাৰ৷ ক’ৰবাত যদি খোৱা পানীটুপি নাই, ক’ৰবাত পানীৰ অভাৱত পথাৰত চিৰাল ফাট৷ বৰুণ দেৱতাই নকৰিলে কৃষকক এতিয়া ৰক্ষা কৰোঁতা কোনো নাই৷

উত্তৰ অসমত কৃষকৰ হাহাকাৰ

যি সময়ত জল বিস্ফোৰণত মানুহৰ হাঁহকাৰ পৰিস্থিতিৰ সৃষ্টি হেছে ঠিক সেই সময়তে উত্তৰ অসমৰ আটাইকেখন জিলাত সম্প্ৰতি কৃষকৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ কৃষকৰ এই পৰিস্থিতিত অনুধাৱন কৰিব নোৱাৰে বিভাগীয় মন্ত্ৰী-আমোলাই৷ কৃষকৰ পথাৰত পানী যোগান ধৰা বিয়াগোম জলসিঞ্চন বিভাগ এটা আছে যদিও আছে গৰু নাবাই হাল থকাত কৈ নথকাই ভাল লেখিয়া হৈ পৰিছে৷ উন্নয়নৰ ঢাকঢোল বজালেও এতিয়া উপযুক্ত জলসিঞ্চন ব্যৱস্থাৰ অভাৱত শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰকে ধৰি উত্তৰ পাৰৰ আটাইকেইখন জিলাত পথাৰত চিৰাল ফাট মেলিছে৷ উল্লেখযোগ্য যে জেঠমাহৰ আধা যোৱাৰ সময়ত কৃষকে পথাৰত হাল বাব পৰা নাই আৰু দ পথাৰত কৰা বৰোধানো বিভিন্ন স্থানত ক্ষতি হোৱা বুলি প্ৰকাশ কৰিছে কৃষকে৷ খৰাঙৰ দৰে ভয়ংকৰ অৱস্থাৰ উদ্ভৱ হোৱা জিলাখনৰ বহু কৃষিভূমি ইতিমধ্যেই নিঃশেষ হোৱাৰ বিপৰীতে অৱশিষ্ট কৃষি ভূমিৰ জলহীন অৱস্থাই ৰাজ্যৰ কৃষিক্ষেত্ৰত জলসিঞ্চন ব্যৱস্থা প্ৰকৃততে কিমান ফলপ্ৰসূ হৈছে সেই কথাকেই প্ৰতিপন্ন কৰিছে৷ উল্লেখযোগ্য যে, শোণিতপুৰত বৰ্তমান থকা জলসিঞ্চন ব্যৱস্থাই কৃষকক প্ৰয়োজনৰ সময়ত উপযুক্ত পৰিমাণৰ পানী যোগান ধৰাত তাহানিৰ পৰাই ব্যৰ্থ হৈ আহিছে আৰু বৰ্তমানেও সেই একেই অৱস্থা অব্যাহত আছে৷ এনে অৱস্থাত পুখুৰী বা সমীপৰ খালদোঙৰ পৰা পানী সংগ্ৰহ কৰাই কৃষকৰ বিকল্প পথ যদিও বৰ্তমান তীব্ৰ খৰাঙৰ ফলত সেইবোৰো শুকাই কৰকৰিয়া মাৰিছে৷ উল্লেখযোগ্য যে, জিলাখনৰ কিছু পৰিমাণে খেতিপথাৰ বাছি থকা ৰঙাচকুৱা, জামুগুৰি, ঢলাইবিল, সোণাবিল, বিহগুৰি, বাঁহবাৰী, ৰঙাপৰা, বালিপৰা, চাৰিদুৱাৰ, মিছামাৰী, জহামাৰী, ঠেলামৰা, বেছেৰীয়া, পৰ্বতীয়া অঞ্চলৰ বৰপথাৰ, খেলেপীয়া পথাৰ, ধনপৰা, ৰঘুগুৰি, আৰিমৰা, কোৰকানি, কঅলা চোং, নভঙানি, বৰুৱাবাৰী পথাৰ, লুহীয়া পথাৰ আদিৰ লগতে বৃহত্তৰ ডিপোটা - মিলনপুৰ অঞ্চলৰ উহনি পথাৰ, খেতিপথাৰ, পক্ষীয়াঝাৰ পথাৰ, মোৱামাৰী পথাৰ, হলেশ্বৰ পথাৰ, তেলেতীয়া পথাৰ, ডেকাৰগাঁও,  আদি সকলোতে বৰ্তমান পথাৰত চিৰালফাট মেলিছে৷ একেই অৱস্থা নপাম, বৰগুৰি, গেৰেকী আদি অঞ্চলতো৷ আনহাতে পূৰ্বে পাম্পৰ সহায়ত একাংশ কৃষকে পথাৰত পানীৰ ব্যৱস্থা নিজাববীয়াকৈ কৰিছিল যদিও বৰ্তমান বিদ্য়ুতৰ মাচুল অত্যাধিক পৰিমাণে বৃদ্ধি পোৱাত কৃষকসকলে সেইদৰেও পানীৰ যোগান পথাৰলৈ কৰিব পৰা নাই৷ ঠিক একেই পৰিস্থিতিৰ সৃষ্টি হৈছে বিশ্বনাথ, লখিমপুৰ ওদালগুৰিকে ধৰি বাকীকেইখন জিলাত জলসিঞ্চন বিভাগৰ ফোঁপোলা স্বৰূপ৷ উল্লেখ্য যে, কেৱল বৰষুণৰ ওপৰতে নিৰ্ভৰ কৰি ধানখেতি কৰা কৃষকসকলে এতিয়া মূৰে কপালে হাত দিব লগীয়া হৈছে যদিও বতৰ বিজ্ঞানৰ তথ্য অনুসৰি শোণিতপুৰত ১৩ জুনলৈকে বৰষুণ হোৱাৰ সম্ভাৱনা নাই৷ এনে অৱস্থাত এইবাৰ পানীৰ অভাৱতেই জিলাখনৰ বহু পৰিমাণৰ কৃষিভূমি চনে পৰাৰ দুৰ্ভাৱনা বৃদ্ধি পাইছে৷

গোলাঘাটত বৰষুণৰ আশাত ভেকুলী বিয়া পাতিছে  কৃষকে

‘আমাৰ অসম’ৰ মেৰাপানীৰ বিশেষ প্ৰতিবেদকঃ জেঠ মাহ শেষ হ’বলৈ মাত্ৰ কেইটামান দিন বাকী৷ গোলাঘাটৰ কৃষক ৰাইজৰ বিশাল পথাৰত এতিয়ালৈকে নাই পানী৷ প্ৰকৃতি নিৰ্ভৰশীল কৃষক ৰাইজ বন্দী হৈছে এজাক বৰষুণ আশাত৷ গোলাঘাট জিলাৰ মেৰাপানী, জামুগুৰি, আঠখেলীয়া, ফৰকাটিঙকে ধৰি বিস্তৃৰ্ণ অঞ্চলৰ পথাৰত পানীৰ অভাৱৰ বাবেই আজি জেঠ মাহৰ ২১ দিন যোৱাৰ পাছতো কঠীয়া সিঁচিব পৰা নাই কৃষকে৷ যাৰ ফলত কৃষকসকল চিন্তিত হোৱাৰ লগতে চৰম হতাশাত ভুগিছে৷ যিহেতু জেঠ মাহৰ ভিতৰত কঠীয়া পাৰিব নোৱাৰিলে এইবাৰ হয়তো গোলাঘাটৰ কৃষকে পেটৰ ভাত মুঠিও জোগাৰ কৰিব নোৱাৰাটো এক প্ৰকাৰে নিশ্চিত৷ গোলাঘাটৰ শিঙিজান পথাৰ, চাউদাং পথাৰ, কাছমাৰী, জামুগুৰি, লক্ষীবাৰী, ঘিলাধাৰী, আঠখেলীয়া, নোগোৰা, কালুজান, আমগুৰি, মেৰাপানীকে ধৰি বিভিন্ন অঞ্চলত হাল জুৰিব নোৱাৰি কৃষকে হাত সাৱটি বহি থাকিব লগা অৱস্থাৰ সৃষ্টি হৈছে৷ অথচ এই দুৰ্যোগৰ সময়ত খবৰ ল’বলৈ আহৰি নাই ৰাজ্যৰ দুটাকৈ বিয়াগোম বিভাগ কৃষি আৰু জলসঞ্চিন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ৷ কেৱল কাৰ্যালয়ত বহি কৃষকৰ উন্নয়ন জাহিৰ কৰা জলসিঞ্চন বিভাগে পথাৰত এতিয়ালৈ পানী যে নাই খবৰেই নেপায়৷ জিলা কৃষি বিভাগে উন্নত বীজ প্ৰদান কৰাৰ সময় সমাগত যদিও তাৰো কোনো সাৰ-সুৰ নাই কৃষিবিভাগৰ৷ ফলত উপায়হীন হৈ পৰিছে কৃষক৷ উল্লেখ্য যে ৰাজ্য চৰকাৰে বিয়াগোম জলসঞ্চিন আৰু কৃষি বিভাগটোলৈ বিপুল হাৰত পুঁজি আৱণ্টন দি আহিছে যদিও এনে পুঁজিৰ অপব্যৱহাৰৰ ফলত ৰাইজে সুফল পোৱা নাই৷ গোলাঘাট জিলাত জলসিঞ্চন বিভাগে ৰূপায়ণ কৰা এশৰো অধিক প্ৰকল্পৰ ভিতৰত সৰহসংখ্যকে কাৰ্যক্ষম হৈ থকা নাই৷ আনহাতে গোলাঘাটত জলসিঞ্চন বিভাগে ৰূপায়ণ কৰা আঁচনিসমূহৰ ভিতৰত প্ৰৱাহিত জলসিঞ্চন আঁচনি, উত্তোলিত জলসিঞ্চন আঁচনি, গভীৰ নলীনাদ আঁচনি আদি আঁচনিসমূহৰ ভিতৰত মাত্ৰ কেইটামান অংশতে সম্প্ৰতি পানী যোগান ধৰাৰ আংশিক ব্যৱস্থা আছে৷ কৃষকে নিজা তৎপৰতাত নলা কাটি যোগান ধৰা পানী কঢ়িয়াই নিয়াৰো কোনো ব্যৱস্থা নাই৷ অন্যহাতে বৰষুণ অভাৱত পুখুৰী, খাল আদিৰ পানী বেছিকৈ শুকাই যোৱাৰ লগতে একাশং চাহ বাগিচাই গভীৰ নলী নাদ যোগে বাগিচাত পানী দিয়াত দমকলসমূহ শুকাই গৈছে৷  ৰাইজৰ কোটি কোটি টকা শৰাধ কৰি জলসঞ্চিন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলক দা-দৰমহা দি আহিছে যদিও ৰাজ্য চৰকাৰে কোনো বাস্তৱমুখী পদক্ষেপ গ্ৰহণ নকৰাৰ বাবেই কৃষক ৰাইজ মুঠেও উপকৃত হোৱা নাই৷ ইয়াৰ পৰিপ্ৰেক্ষিত ৰাইজে এটুপি পানীৰ বাবে অদৃশ্যজনৰ ওপৰতেই ভৰসাৰ কৰাৰ লগতে লোক বিশ্বাস অনুসৰি ভেকুলী বিয়া আৰু ঠায়ে ঠায়ে মানুহৰ চোতালত ৰাতি গৈ হাল বাই এজাক বৰষুণৰ বাবে কৃষক কাকূতি মিনতি কৰিবলগা হৈছে৷ গোলাঘাট জিলাত প্ৰায় ৭৭ হাজাৰ এশ হেক্টৰ কৃষিভূমিত ধানখেতি কৰা কৃষকে কঠীয়া সিঁচিব পৰা নাই৷ আনহাতে শেহতীয়াকৈ খেতিমাটি কম থকা কৃষকে এতিয়াই চাউল ৩৫-৪০ টকা দৰৰ কিনিবলগীয়া হৈছে৷

উজনিৰ কৃষিপথাৰত ছিৰাল ফাঁট

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদকঃ বৰ্তমান শালিধানৰ খেতিৰ ভৰপক সময়৷ শালিধানৰ খেতি কৰা উপযুক্ত সময়তেই এতিয়া উজনিৰ পথাৰত পানীৰ অভাৱে বাৰুকৈয়ে দুশ্চিন্তাত পেলাইছে কৃষকক৷ খৰাঙৰ কৱলত পৰি ছিৰাল ফাঁট মেলিছে পথাৰত৷ পানীৰ অভাৱত হাল বাব নোৱাৰা অৱস্থা কৃষক ৰাইজৰ৷ তদুপৰি অসম চৰকাৰৰ অভিলাষী জলসিঞ্চন আঁচনিয়েও ঢুকি পোৱা নাই উজনি অসমৰ বহুকেইখন গাঁৱৰ পথাৰত৷ যাৰ বাবে এতিয়া কৃষকসকল মূৰত হাত থৈ বৰষুণৰ বাবে অপেক্ষা কৰিবলগীয়া হৈছে৷ কৃষিৰ ওপৰত নিৰ্ভৰশীল উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ আদি জিলাৰ শ শ গাঁৱৰ কৃষকৰ পথাৰ নিমাওমাও পৰিৱেশ৷ একালত শস্যৰে নদন-বদন শ্যামলী পথাৰত শালিধান খেতিৰ ভৰপক সময়তো খৰাঙৰ কৱলত পৰি ছিৰাল ফাঁট মেলিছে পথাৰত৷ বিশেষকৈ ডিব্ৰুগড় জিলাৰ লাহোৱাল, টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰবিল, খামটিঘাট, থেকেৰানী, হাৰকপথাৰ, ন-পাম, থানগাঁও, দহঘৰীয়া, কোঁৱৰগাঁও, কলিয়নী, হাঁহচৰা আদিকে ধৰি প্ৰায় অৰ্ধশতাধিক গাঁও পানীৰ অভাৱত ছিৰাল ফাঁট মেলিছে কৃষি পথাৰত৷ উল্লিখিত গাঁওকেইখনৰ কৃষকসকল আজিলৈকে জলসিঞ্চন বিভাগৰ কোনো এটা আঁচনিয়ে স্পৰ্শ কৰা নাই৷ প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ কৰি বছৰ বছৰ ধৰি নিৰ্দিষ্ট সময়ত খেতি কৰি জীৱন নিৰ্বাহ কৰি আহিছে৷ ইফালে জিলাখনৰ কৃষি প্ৰধান অঞ্চল জকাই বৰবিলৰ কৃষকে বিগত সময়ত এই বৃহৎ পথাৰখনৰ কৃষকসকলে মাতি চহাই কঠীয়া ৰুবলৈ আৰম্ভ কৰে যদিও এইবাৰ পানীৰ অভাৱৰ বাবে পথাৰৰ মাতিসমূহ চহাবপৰা নাই৷ দুই-এজন কৃষকে মাতি চহাইছিল যদিও ৰ’দৰ তাপত শুকাই পুনৰ ঘাহ-বন গজিবলৈ আৰম্ভ কৰিছে৷ সমান্তৰালভাৱে জিলাখনৰ মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত আঠাবাৰী, সোণোৱাল বঙালী, পমুৱা, বেতনি, দেউৰীগাঁও, তিনিঠেঙীয়া, চৰাইহাবি, নাহৰণি, দাচলিপথাৰ, শিলপথাৰ, নাহৰণি ন হাজাৰ, হুংহুঙীয়া, গজপুৰীয়া, দেউধাই গাঁও, লুঙুমাৰী আদিকে ধৰি প্ৰায় দুই শতাধিক গাঁৱৰ পথাৰতো অনুৰূপ অৱস্থা৷ গাঁওকেইখনত স্থাপন জলসিঞ্চন বিভাগৰ আঁচনিসমূহো এতিয়া বিকল হৈ পৰি আছে৷ অৰ্থাৎ পানীযোগান আঁচনিৰ নামতো বিভাগে কৰিলে চৰম ভেঁকোভাওনা৷ যাৰ বাবে এক অনিশ্চয়তাৰ দিশে গতি কৰিছে এইসকল হাজাৰ হাজাৰ কৃষক৷ ইয়াৰ স্থানীয় কৃষকসকল আবেদন-নিবেদন জনোৱাৰ পিছতো আজিকোপতি জলসিঞ্চন প্ৰকল্পকেইটা পুনৰ কাৰ্যক্ষম কৰি পথাৰত পানীযোগানৰ ব্যৱস্থা নকৰিলে বিভাগে৷ জিলাখনৰ কৃষিপ্ৰধান অঞ্চলবোৰত খৰাং সদৃশ পৰিস্থিতিৰ বাবে গ্ৰামাঞ্চলৰ কৃষকে শালিধানৰ খেতি কৰিব নোৱৰা সমস্যাই কৃষকৰ মাজত সৃষ্টি কৰিছে হাহাকাৰ পৰিৱেশ৷ ডিব্ৰুগড় জিলাৰ পশ্চিম ৰাজহ চক্ৰৰ অন্তৰ্গত লৰুৱা মৌজাৰ কোটোহা বগীবিল, লেজাই-কলাখোৱা, খনিকৰ বকপৰা, চেঁচা, লেকাই, ডুলীয়া কাকতি, লেপেটকটা চিৰিংডাইনী, মানকটা, জামিৰা, ৰজা্‌ভেটা আদি কৃষিপ্ৰধান অঞ্চলৰ খৰাং বতৰৰ কৱলত পৰি বৰষুণৰ অভাৱত শালিধানৰ খেতিৰ কঠীয়া পথাৰত ৰোপণ কৰিৱ পৰা নাই৷ বৰষুণৰ অভাৱত আৰু খৰাং বতৰৰ বাবেই এই অঞ্চলৰ খেতিপথাৰ হাজাৰ হাজাৰ বিঘা মাটি ছিৰাল ফাট মেলি মৰুভূমি সদৃশ হৈ পৰাত খেতিয়কসকলে মূৰে কপালে হাত দিছে৷ আনহাতে ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ আৰু পূৱ ৰাজহ চক্ৰৰ বিস্তৃত খেতিপথাৰ খৰাঙৰ কৱলত পৰাত খেতিয়কসকলে হাহাকাৰ কৰিছে৷ মৰাণ ৰাজহ চক্ৰৰ লেঙেৰী মৌজাৰ চহৰীকটা টেপৰগুৰি, নিগম চৰাইহাবি, কলৌলোৱা, বুঢ়ীখোৱাং, তিনঠেঙীয়া চেৰেপাখাটী, বেতনি, দলনিকুৰ, গেৰগেৰী, খলিহামাৰীকে ধৰি বহু কৃষিপ্ৰধান অঞ্চল খৰাং বতৰৰ কৱলত পৰি বৰষুণৰ অভাৱত শালিধানৰ খেতিৰ কঠীয়া ৰোপণ কৰিব পৰা নাই৷ সেইদৰে ডিব্ৰুগড় জিলাৰ মদাৰখাট মৌজাৰ মদাৰখাট ফুটাহোলা, চিৰিংহোলা, ডঙ্গৰ পথাৰ, তেলপানী আদি বৃহত্তৰ খেতিপথাৰ অঞ্চল বৰ্তমান খৰাং বতৰৰ কৱলত পৰি খেতি কৰিব পৰা নাই৷ বঅহাগৰ মাহৰ পৰা বৰ্তমান জেঠ মাহ পৰ্যন্ত বৰষুণৰ অভাৱত খৰাং বতৰৰ অবাঞ্চিত প্ৰাকৃতিক দুৰ্যোগে এই কৃষিপ্ৰধান অঞ্চলত খেতিয়কে শালিধানৰ খেতিৰ কঠীয়া ৰোপণ কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে৷ উল্লেখযোগ্য যে জলসিঞ্চন ব্যৱস্থা নথকাৰ কাৰণে এই অঞ্চলৰ খেতিয়কে কৃষিকাৰ্য সম্পাদন কৰিৱ পৰা নাই৷ কোটোহাৰ বলাইত জলসিঞ্চন আচঁনি স্থাপন হৈছিল যদিও খেতিপথাৰলৈ পানী বোৱাই নিব পৰা সুযোগ নাপালে বৃহত্তৰ বলাইবাসীয়ে৷ কোটোহা নাওজানৰ জলসিঞ্চন আচঁনিখনো ভালুকৰ সাঙিত পৰিণত হৈ পৰিছে৷ আজোকোপতি কোটোহা নাওজানৰ জলসিঞ্চন আচঁনিখন বিকল অৱস্থাতেই বিদ্যমান৷ সেইদৰে খোৱাং চমুৱা গাঁও, কলৌলোৱা গাঁৱৰ জলসিঞ্চন আচঁনিখনখনৰ পৰা কৃষকে কোনোধৰণে উপকৃত হোৱা নাই বুলি জানিবলৈ দিছে৷ অন্যহাতে ডিব্ৰুগড় জিলাৰ লৰুৱা জামিৰা, মানকটাকে ধৰি বহু খেতি প্ৰধান অঞ্চলত আজিকোপতি জলসিঞ্চন আচঁনি স্থাপন নোহোৱাত খৰাং বতৰৰ বাবে খেতিয়কেসকলে বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় যদিও বৰষুণ নোহোৱাৰ ফলত খেতিয়কসকলে ধান সিচাৰ সময়ত হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগা হৈছে বুলি খেতিয়কসকলে দুখেৰে প্ৰকাশ কৰিছে৷ ইফালে তিনিচুকীয়াতো একেই অৱস্থা৷ জিলাখনৰ ডুমডুমা ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় দুশৰো অধিক গাঁৱৰ কৃষকে খৰাঙৰ বাবে খেতিৰ পথাৰত নামিব পৰা নাই৷ ইফালে জলসিঞ্চন বিভাগে স্থাপন প্ৰকল্পকেইটা সম্পূৰ্ণৰূপে অচল হৈ পৰি আছে ডুমডুমা ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায়সংখ্যক কৃষিপথাৰত৷ আনকি বহুকেইটা কৃষিপথাৰতে নাই জলসিঞ্চনৰ ব্যৱস্থা৷ ইফালে জলসিঞ্চনৰ বাবে স্থাপন সৌৰচালিত প্ৰকল্পসমূহো অনুৰূপ অৱস্থা৷ যেন আছে গৰু নাবায় হাল হোৱাতকৈ নোহোৱা ভাল লেখীয়াৰ দৰে৷

গোৱালপাৰাৰ জলসিঞ্চন প্ৰকল্পৰ পৰা নোলায় পানী

‘আমাৰ অসম’ৰ গোৱালপাৰাৰ প্ৰতিবেদকঃ দীৰ্ঘদিনৰ পৰাই ৰাজ্যত হোৱা নাই বৰষুণ৷ সেয়ে পথাৰত পানী বিচাৰি কৃষকৰ হাহাকাৰ লাগিছে৷ পশ্চিম অসমৰ কেবাখনো জিলাত খৰাং বতৰে দুৰ্যোগ নমাই অনাৰ আশংকাই দেখা দিছে৷ কামৰূপ, গোৱালপাৰা, বৰপেটা, বঙাইগাঁও, মানকাচৰ, ধুবুৰী কোকৰাঝাৰকে আদিকৰি বিভিন্ন জিলাত এতিয়া খৰাং বতৰে হাহাকাৰৰ সৃষ্টি কৰিছে৷ পথাৰে পথাৰে চিৰাল ফাট মেলিছে৷  ৰাজ্যত বিয়াগোম জলসিঞ্চন বিভাগ থকা স্বত্বেও আজিও বিভিন্ন জিলাৰ খেতিয়কসকলে বৰুণ দেৱতাৰ ওপৰত ভৰসা কৰি খেতি কৰি আছে৷ এইবেলি যিহেতু বৰষুণৰ পৰিমাণ তেনেই নগণ্য সেয়ে জিলাই জিলাই কৃষকসকলে পানীৰ অভাৱত পথাৰত নামিব পৰা নাই৷ গোৱালপাৰা জিলা পশ্চিম অসমৰ অন্যতম কৃষি প্ৰধান জিলা৷ জিলাখনৰ ৮৫ শতাংশ লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল৷ ইয়াৰে অধিকাংশ কৃষকেই শালি ধান খেতি কৰি ভঁৰাল চহকী কৰে৷ কিন্তু এইবেলি জিলাখনৰ খেতিয়কসকলে শালি ধানৰ খেতি কৰিব পাৰিব নে নাই তাক লৈ সন্দেহ আছে৷ কিয়নো শালি ধানৰ বাবে কঠীয়া সিঁচাৰ সময় উকলি যাওঁ যাওঁ ৷ দীৰ্ঘদিনৰ পৰা বৰষুণ নোহোৱাত কৃষক ৰাইজে বিপাঙত পৰিছে৷ পানীৰ অভাৱত পথাৰত কঠীয়া সিঁচিব পৰা নাই৷ সেয়ে এইবেলি শালি ধানেৰে ভঁৰাল চহকী কৰাতো দূৰৰে কথা পিঠাগুৰি খুন্দিবলৈ ধানখিনি পায় নে নাই তাৰ সন্দেহ আছে৷ উল্লেখযোগ্য যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগতো গোৱালপাৰা জিলাৰ খেতিয়কসকলে বৰষুণৰ ওপৰতে নিৰ্ভৰ কৰি খেতি কৰি আহিছে৷ বিশেষকৈ পাহাৰীয়া অঞ্চলৰ ৰাইজে বৰষুণ নহলে খেতি কৰিবই নোৱাৰে৷ বৰুণ দেৱতাই তেওঁলোকৰ সাৰথি৷ জিলাখনৰ কৃষক ৰাইজে খেতি পথাৰৰ পানীৰ বাবে হাহাকাৰ কৰি থকাৰ বিপৰীতে একাংশ বিষয়া-ঠিকাদাৰে পথাৰত পানী দিয়াৰ নামত নিজৰ জেপ গধুৰ কৰাৰ অভিযোগ উঠিছে৷ উদাহৰণ স্বৰূপে দুধনৈ সংমণ্ডলৰ অন্তৰ্গত জিনাৰী বোৱতী জলসিঞ্চন প্ৰকল্পটোৰ কথা উল্লেখ কৰিব পাৰি৷ জলসিঞ্চন প্ৰকল্পটোৰ নামত বিয়াগোম কেলেংকাৰি সংঘটিত হৈছে৷ কাম সম্পূৰ্ণ নকৰাকৈ বিষয়া-ঠিকাদাৰে মিলি কোটি কোটি টকা হজম কৰাৰ অভিযোগ উঠিছে৷ ফলত জিনাৰী বোৱতী জলসিঞ্চন প্ৰকল্পটো এতিয়া বগাহাতীত পৰিণত হৈছে৷ উল্লেখযোগ্য যে মৈজঙ্গা আৰু হাৰিমুৰাৰ লগতে দাঁতিকাষৰীয়া ১০/১৫খন গাঁৱৰ কৃষক ৰাইজৰ খেতি পথাৰত পানী দিয়াৰ বাবে ২৮ কোটি টকীয়া জলসিঞ্চন প্ৰকল্পটোৰ কাম হাতত লোৱা হৈছিল৷ ২০১৫ চনৰ পূৰ্বেই নিৰ্মাণ কাৰ্য্য আৰম্ভ হোৱা এই জলসিঞ্চন আঁচনি আজিও কাৰ্যক্ষম নহ’ল৷ আঁচনিখনৰ কেৱল মাত্ৰ শ্লুইচ গেটটো নিৰ্মাণ কৰিয়ে সমূদায় ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছে৷ আঁচনিটোৰ শ্লুইচ গেটৰ বাহিৰে আজিলৈকে খেতি পথাৰলৈ পানী যোৱা নলাসমূহ হৈ নুঠিল৷ যাৰ বাবে এতিয়া হাজাৰ হাজাৰ খেতিয়ক পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷ ইপিনে জিলাখনৰ ৫৭টা জলসিঞ্চন আঁচনিৰ ৫০ টাই বিকল৷ ফলত জিলাখনৰ হাজাৰ হাজাৰ হেক্তৰ কৃষি ভূমি এতিয়া ছন পৰি আছে৷

শিৱসাগৰত বিয়া পাতিবলৈ ভেকুলী বিচাৰি পোৱা নাই ৰাইজে

‘আমাৰ অসম’ৰ শিৱসাগৰৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ ৰাজ্যৰ আন স্থানৰ লগতে শিৱসাগৰতো বতৰৰ ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে৷ বতৰৰ অস্বাভাৱিক পৰিৱৰ্তন আৰু বিশ্ব মানৱে পাৰিপাশ্বিৰ্ক পৰিৱেশ ধংসৰ কুপ্ৰভাৱৰ ফলশ্ৰুতিত শিৱসাগৰত পোহৰলৈ আহিছে এখন ভয়ংকৰ ছবি৷ বিশ্বৰ বিজ্ঞানীমহলে পুৰ্বানুমান কৰাৰ দৰেই বৰষুণৰ পৰিমাণ এইবাৰ বাৰিষাৰ সময়চোৱাত ব্যাপক ৰূপত হ্ৰাস পাব বুলি কৰা সম্ভাৱনীয়তা কাৰ্যত শিৱসাগৰত স্পষ্টকৈ ধৰা পৰিছে চলিত জেঠ মাহটোত৷ সাধাৰণতে সাত বিহুৰ আনুষ্ঠানিক পৰিসমাপ্তিৰ পাছতেই অসমৰ কৃষকে পথাৰত হাল যোৰে৷ ফাংফলীয়া নাঙলেৰে প্ৰথমবাৰ হাল বাই পথাৰৰ ঘাহ-বনবোৰ গেলিবলৈ এৰি ব্যস্ত হৈ পৰে কঠীয়া পৰাত৷ কিন্তু ঘাঁহ- বন মৰাতো দূৰৈৰে কথা ফাংফলীয়া নাঙলেৰে হাল বাই এৰি থৈ অহা পথাৰত এতিয়া মেলিছে চিৰাল ফাঁট৷ চপৰা চপৰ হৈ পৰিছে পথাৰসমূহ৷ কাৰণ শিৱসাগৰৰ আকাশত নাই এতিয়া জেঠৰ কলীয়া ডাৱৰ৷ প্ৰচণ্ড খৰাঙৰ বাবেই সৃষ্টি হৈছে এই অভাৱনীয় পৰিস্থিতিৰ৷ বিপৰীতে কৃষি প্ৰধান ৰাজ্য বুলি ঢাক ঢোল বজাই অহা ৰাজ্যৰ বিয়াগোম জলসিঞ্চন বিভাগটো প্ৰকৃততে এটা অলৰ অচৰ বগা হাতীত যে পৰিণত হৈছে সেয়া শিৱসাগৰৰ চিৰাল ফঁটা পথাৰ আৰু কৃষক ৰাইজৰ হুমুনিয়াতেই প্ৰকাশ পাইছে৷ জানিব পৰা মতে, বিয়াগোম অভিযন্তা, বিষয়া, শ শ কৰ্মচাৰী আৰু কোটি কোটি টকাৰ প্ৰতিমাহে ঠিকা কামৰ বিল আদায় পোৱা সহস্ৰাধিক ঠিকাদাৰে ভৰপুৰ এটা বিভাগৰ নামেই হৈছে জলসিঞ্চন বিভাগ৷ যাৰ মূল লক্ষ্য আৰু উদেশ্যই হৈছে শুকাই যোৱা পথাৰসমূহত পৰ্যাপ্ত পৰিমাণৰ পানী যোগান ধৰি খেতিৰ সময়ত কৃষক ৰাইজক সকাহ দিয়া৷ এই সমগ্ৰ ব্যৱস্থাতো বাস্তৱত ৰূপায়ণৰ বাবে বিভাগটোৱে জিলাখনৰ বিভিন্ন স্থানৰ নদ নদী সমূহত সংস্থাপন কৰি ৰাখিছে বৃহৎ বৃহৎ মটৰ পাম্প সংলগ্ন বাৰ্জাৰ৷ প্ৰতিখন বাৰ্জাৰৰ বিপৰীতে নিযুক্ত হৈ আছে কৰ্মচাৰীৰ দল৷ ইয়াৰোপৰি বাৰ্জাৰৰ পৰা উত্তোলন কৰা পানী নিবৰ বাবে স্থাপন কৰা হৈছিল বৃহৎ বৃহৎ পকী নলা৷ কিন্তু আচৰিত যেন লাগিলেও সত্য যে, শিৱসাগৰৰ একাধিক স্থানৰ নলাইদি কৃষি পথাৰলৈ পানী যোৱাতো দূৰৈৰে কথা নদীৰ বাৰ্জাৰ সমূহেই সম্পুৰ্ণৰূপে বিকল হৈ আছে৷ এই সন্দৰ্ভদ শেহতীয়া তথ্য জনাৰ অধিকাৰ আইনেও বাৰ্জাৰৰ সঠিক অৱস্থিতি উৎঘাটন কৰাত ব্যৰ্থ হল৷ ১৯৮৫ চনতেই মেটেকা কুৰুলাকটীয়া অঞ্চলত স্থাপন কৰা বৃহৎ জলসিঞ্চন আচনিখনে বগীদ’ল, পানী চুকী, বৰ আলি কিনাৰকে ধৰি বৃহত্তৰ ঐতিহ্যমণ্ডিত মেটেকা পথাৰক সামৰি লৈছিল৷ সেই সময়ত কৃষক ৰাইজৰ বাবে আশা ভৰষাৰ থলী মেটেকা কুৰুলাকটীয়া পানী যোগান আচঁনিখন শেহতীয়াকৈ বিগত তিনিটা দশক ধৰি বগাতীলৈ ৰূপান্তৰিত হল৷ কৰ্মচাৰীৰ আৱাস সহিতে দিখৌৰ বুকুত সংস্থাপিত বৃহৎ বাৰ্জাৰখনটো বাদেই সমগ্ৰ আচঁনিখনতেই এতিয়া বগাইছে তিতাঁ লাও৷ ২০০৯ চনত পৰিত্যক্ত আচনিখনৰ সমুদায় যন্ত্ৰাংশ, পাম্প চুৰি কৰি লৈ গল এটা প্ৰভাৱশালী চক্ৰই৷ পথাৰৰ মাজে মাজে থকা পকী নলাটোৰও অস্তিত্ব নাই৷ পৰিণতিত আঘোনত পঁকা ধানে হালি জালি থকা মেটেকা পথাৰত এতিয়া চিৰাল ফাঁট৷ জেঠ মাহৰ ২৩টা দিন পাৰ হৈ যোৱাৰ পিছতো কৃষক ৰাইজে কঠীয়া পাৰিব পৰা নাই একমাত্ৰ পানীৰ অভাৱত৷ শিৱসাগৰ জিলাৰ নামতি ছাৰিআলি, জাজী, আমগুৰি, হালোৱাটিং, বৰাহী, চামগুৰি, মিছাজান, গেলেকী, আঠখেল, নাজিৰা, শিমলুগুৰি, হাফলুটিং, চাৰিং, বকতা, নেমুগুৰি, জয়সাগৰ, কালুগাও, শলগুৰি, লাহিঙীয়া, বলীয়াঘাট, সৰাগুৰি, দিখৌমুখ, পানবেচা, আখৈফুটীয়াকে ধৰি বহু অঞ্চলৰ হাজাৰ হাজাৰ হেক্টৰ কৃযিভূমি সম্প্ৰতি অভাৱনীয় খৰাঙৰ কৱলত পৰিছে৷ লক্ষণীয় বিষয়টো হ’ল যে, বগা হাতীৰ প্ৰকৃত স্বৰূপ উন্মোচিত হোৱা এই অঞ্চলসমূহৰ কৃষক ৰাইজে এপাচি শাকত এটা জালুকৰ দৰে সামান্য পৰিমাণৰ ভূমি  জলসিঞ্চন বিভাগৰ চৰকাৰী পানীয়ে স্পৰ্শ কৰাৰ বাদে বাকী অঞ্চল সমূহৰ ৰাইজে ভগৱানকেই শেষ ভৰষা হিচাপে লৈছে৷ পৰিস্থিতি ইমানেই গুৰুতৰ হৈছে যে পানীৰ অভাৱত ভেকুলীৰো দেখাদেখি নোহোৱা হৈছে৷ বিয়া পাতিবলৈ ভেকুলীয়েই বিচাৰি পোৱা নাই কৃষক ৰাইজে৷ ইয়াৰ মাজতে একাংশই ভেকুলীৰ বিয়া সম্পন্ন কৰিছে যদিও কলীয়া ডাৱৰে আৱৰা নাই আকাশ৷ অভিলেশ সংখ্যক ৪০ ডিগ্ৰী উত্তাপৰ সমান্তৰালে ধূলিয়াৰী হৈ পৰা কৃৰ্ষকৰ অযুত সপোন নিহিত পথাৰখন জীপাল কৰি তুলিবলৈ নামঘৰ, মচজিদতো চলিছে প্ৰাৰ্থনা৷ তথাপিও অপৰিৱৰ্তিত শিৱসাগৰৰ খৰাং বতৰৰ এই ভয়ানক পৰিৱেশে আগন্তক দিনৰ অশনি সংকেতো কঢ়িয়াই আনিছে৷

ডিমৌৰ কোটিটকীয়া পানী যোগান আঁচনি বিকল

‘আমাৰ অসম’ৰ ডিমৌৰ প্ৰতিবেদকঃ  অনাবৃষ্টিৰ ফলত এতিয়া চৌদিশে পথাৰত মেলিছে ছিৰাল ফাট৷ এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে গাঁৱৰ কৃষকে৷ জেঠমহীয়া কঠীয়া পাৰিবৰ সময়তে এতিয়া কৃষকৰ পথাৰত পানী নথকাত উপায়হীন হৈ পৰিছে কৃষকসকল৷ লক্ষ্যণীয় যে, চৰকাৰে বহু পথাৰত পানীযোগানৰ বাবে পানীযোগান আঁচনি স্থাপন কৰিছে যদিও সেইবোৰৰ অধিকাংশৰ পৰা নোলায় পানী৷ ডিমৌৰ কাষৰীয়া ধেমেচীত জলসিঞ্চন বিভাগে স্থাপন কৰিছিল দুখনকৈ সৌৰচালিত পানীযোগান আঁচনি৷ জলসিঞ্চন বিভাগৰ ডিব্ৰুগড় মাণ্ডলিক কাৰ্যালয়ৰ অধীনত নাবাৰ্ডৰ ষাঠী লাখ টকাৰে প্ৰায় পাঁচশ বিঘা মাটিত জলসিঞ্চনৰ সুবিধাৰ্থে স্থাপিত এই আঁচনি দুখন বিগত দুটা বছৰে বিকল হৈ থকাত এতিয়া কৃষক ৰাইজৰ কোনো উপকাৰ হোৱা নাই৷ বহিৰাগত ঠিকাদাৰী প্ৰতিষ্ঠান মেছাৰ্ছ সূৰ্ষা ইণ্টাৰনেছনেলে বেমেজালিৰে আঁচনি দুখন নিৰ্মাণ কৰি থৈ যায় যাৰ ফলত আজিপৰ্যন্ত পানী ওলোৱাৰ ব্যৱস্থা নহ’ল৷ কাৰ্যালয়তে বহি সময় পাৰ কৰা বিভাগীয় বিষয়া-কৰ্মচাৰীৰ এই আঁচনিৰ চোৱা-চিতা কৰিবলৈ সময় নাই৷ মাজে-মধ্যে চতুৰ্থ বৰ্গৰ এজন কৰ্মচাৰী আহি ভূমুকি মাৰেহি যদিও তেওঁ আঁচনি দুখন কিছু চাইয়ে দায়িত্ব সামৰে৷ ইফালে জলসিঞ্চন বিভাগৰ এনে দায়িত্বজ্ঞানহীনতাত ক্ষোভ প্ৰকাশ কৰিছে ধেমেচীৰ কৃষকসকলে৷ ধেমেচী সচেতন নাগৰিক প্ৰদীপ বৰগোহাঁয়ে ক্ষোভেৰে কয় যে ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে এই আঁচনি দুখন ধেমেচীৰ ৰাইজৰ সুবিধাৰ্থে আগবঢ়াইছিল যদিও বিভাগৰ গাফিলতি বাবেই আজিপৰ্যন্ত পানী নোলাল৷

খৰাঙৰ কবলত তিতাবৰ মহকুমা

‘আমাৰ অসম’ৰ বেকাজানৰ প্ৰতিবেদকঃ তিতাবৰ মহকুমাৰ গ্ৰামাঞ্চলসমূহ শেহতীয়াকৈ ব্যাপক খৰাঙৰ কবলত পৰিছে৷ বৰষুণৰ অভাৱত কৃষকসকলৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ খৰাঙৰ বাবে শালি ধানৰ খেতি কৰিব নোৱাৰাত মূৰে-কপালে হাত দিছে কৃষকসকলে৷ জেঠ মাহ শেষ হ’বলৈ কেইটামান দিনহে বাকী আছে যদিও পানীৰ অভাৱত আজি পৰ্যন্ত কঠীয়া পাৰিব পৰা নাই কৃষকে৷ বৰষুণৰ পানীৰ ওপৰতে নিৰ্ভৰশীল কৃষকসকলে বৰষুণৰ অভাৱত হা-হুমুনিয়াহ কাঢ়ি দিন অতিবাহিত কৰিবলগীয়া হৈছে৷ মহকুমাটোৰ সীমান্তৱৰ্তী বেকাজান, বালিজান, নগাবাট, ৰাইদাংজুৰি, বৰহোলা, ৰজাবাৰী আদিকে ধৰি বহুতো অঞ্চলত হাজাৰ হাজাৰ বিঘা কৃষি ভূমিত কৃষকে কৰিব পৰা নাই কৃষিকাৰ্য৷ অতি কম সংখ্যক কৃষকে পানী সিঁচি কিছু পৰিমাণে কঠীয়া পাৰিছে যদিও পানীৰ অভাৱ সেই কঠীয়াও মৰহি যোৱাৰ উপক্ৰম হেছে৷ তিতাবৰ মহকুমাত জলসিঞ্চন ব্যৱস্থাৰ কোনো অস্তিত্বই বিচাৰি পাবলৈ নাই৷ অসম চৰকাৰে ঘোষণা কৰা কৃষকৰ আয় দুগুণলৈ বৃদ্ধি কৰা বিষয়টোৰ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে বুলি অভিযোগ কৰিছে কৃষক ৰাইজে৷ তিতাবৰ মহকুমা তথা যোৰহাট জিলাৰ কৃষি বিভাগক যোগাযোগ কৰিও কোনো সুফল পোৱা নাই এইসকল কৃষকে৷ ইফালে দীৰ্ঘদিন বৰষুণৰ অভাৱত মহকুমাটোৰ খেতিৰ পথাৰত মেলিছে ছিঁৰাল ফাট৷ বৰষুণ অহালৈ অপেক্ষা কৰি থকা কৃষকসকলে জলসিঞ্চন বিভাগৰ ওপৰত গভীৰ ক্ষোভ প্ৰকাশ কৰিছে৷ আনহাতে তিতাবৰ মহকুমাৰ গ্ৰামাঞ্চলৰ বহু সংখ্যক কৃষকে আজিও পিএম কৃষক সন্মাননিধিৰ ধন লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ ধন লাভ নকৰা কৃষকসকলে বহুবাৰ তেওঁলোকৰ নথি-পত্ৰ কৃষি বিভাগক জমা দি আৱেদন-নিৱেদন কৰি আহিছে যদিও প্ৰাপ্য লাভ নকৰাত আঁচনিখনৰ পৰা বঞ্চিত হৈ থকা কৃষকসকল হতাশাত ভুগিবলগীয়া হৈছে বুলি জানিব পৰা গৈছে৷ বৰ্তমান খৰাংসদৃশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি কৃষক ৰাইজক ধান খেতি কৰাৰ সুবিধাৰ্থে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰক আৱেদন জনাইছে ভুক্তভোগী কৃষকসকলে৷