Logo
image

ৰাইজে চালান কাটিলে আৰক্ষীৰ

‘আমাৰ অসম’, ৯ জুনঃ  যানবাহন আইন উলংঘা কৰিলে পৰিবহন বিভাগ বা যানবাহন আৰক্ষীয়ে চালকৰ জৰিমনা বিহে৷ এয়া সাধাৰণ ঘটনা৷ চৰকাৰৰ আশীষধন্য লোকে হেলমেট     নিপিন্ধাকৈ মটৰ চাইকেল চলালেও যানবাহন আৰক্ষীৰ চকুত নপৰা বা চকুত পৰিলেও কোনোধৰণৰ শাস্তিৰ সন্মুখীন নোহোৱাটোও আজিকালি সাধাৰণ ঘটনাত পৰিণত হৈছে৷ যি ভুলৰ বাবে সাধাৰণ লোকক লগে লগে কাটি দিয়া হয় চালান৷ বাধ্য হৈ চালকে বাহন এৰি ঘৰৰ পৰা জৰিমনাৰ ধন আনি আৰক্ষীক আদায় দিহে নিবলৈ সক্ষম হয় নিজৰ বাহন৷ কিন্তু এইবাৰ নগাঁৱত সংঘটিত হৈছে ব্যতিক্ৰমী ঘটনা৷ হেলমেট নিপিন্ধাকৈ বাইক চলাই আহি ৰাইজৰ ৰোষত পৰিল এজন আৰক্ষীৰ লোক৷ নগাঁও জিলাৰ কঁচুৱাত হেলমেট নিপিন্ধাকৈ মটৰ চাইকেল চলাই ৰাইজৰ ৰোষত পৰিল আৰক্ষীৰ লোক৷ আনকি স্থানীয় ৰাইজে আৰক্ষীৰ লোকজনক হেলমেট নিপিন্ধাকৈ মটৰ চাইকেল চলোৱা বাবে চালান কাটি জৰিমনাও বিহে৷ প্ৰাপ্ত বাতৰি মতে বুধবাৰে বিয়লি নগাঁও জিলাৰ কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত শিমলুগুৰি অঞ্চলত যান বাহন আইন উলংঘা কৰা লোকৰ বিৰুদ্ধে জৰিমনা বিহিবলৈ গৈ আৰক্ষী নিজে ভৰিলে জৰিমনা৷  খবৰ অনুসৰি কচুৱা থানাৰ এটি দলে দুখন দুচকীয়া বাহন লৈ আইন উলংঘা কৰা লোকৰ বিৰুদ্ধে জৰিমনা বিহিবলৈ গৈছিল৷ আৰক্ষীৰ দলটোৰ ভিতৰত চাৰিজনৰ ভিতৰত দুজনে হেলমেট পৰিধান কৰা নাছিল৷ হেলমেট নিপিন্ধাকৈ বাইকত গৈ দুজন আৰক্ষীয়ে শিমলুগুৰি বজাৰৰ বিভিন্নজনক জৰিমনা বিহাৰ উপৰি দুশৰ পৰা পাঁচশ টকাকৈ জৰিমনা লৈ এৰি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন স্থানীয় ৰাইজৰ৷ এই কাৰ্যত ক্ষুব্ধ হৈ আৰক্ষীৰ লোক দুজনে হেলমেট নিপিন্ধাকৈ বাইক চলাই যোৱাৰ সময়ত স্থানীয় ৰাইজে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে৷ ৰাইজৰ ৰোষত পৰি আৰক্ষী লোক দুজনে নিজৰ জৰিমনা নিজে কাটিবলৈ বাধ্য হয় ৷