Logo
image

চেনি খালে ওজনেই নাবাঢ়ে, ক্ষতি হয় লিভাৰৰো

কেৱল মদ্যপান কৰিলেই লিভাৰৰ ক্ষতি হয়, এই ধাৰণা ভুল৷ লিভাৰ সুৰক্ষিত কৰি ৰাখিবলৈ মদ্যদান নকৰাই শ্ৰেয়, তদুপৰি খোৱাৰ ক্ষেত্ৰত কিছুমান খাদ্য বৰ্জন কৰিব লাগে৷ বহুক্ষেত্ৰত দেখা যায় নিজৰ কিছু ভুলৰ কাৰণে লিভাৰজনিত অসুখত ভুগিব লগা হয় বা লিভাৰ নষ্ট হয়৷

পুৱা টোপনিৰ পৰা উঠিয়েই অফিচলৈ বুলি দৌৰাদৌৰি কৰিব লগা হয়৷ অফিচ পায়েই তেলত ভজা লুচি-তৰকাৰী, কছৰী, শিঙৰা আদি  মছলাজাতীয় খাদ্যৰে পুৱাৰ আহাৰ গ্ৰহণ কৰিব লগা হয়৷ সেইদৰে কৰ্মব্যস্ততাৰ বাবেই দুপৰীয়াৰ সাজো বাহিৰতে খাবলগীয়া হয়৷ নিশালৈ আকৌ বন্ধুৰ সৈতে পাৰ্টীৰ পৰিকল্পনা৷ তাতো তেল-মছলাযুক্ত খাদ্যসম্ভাৰ৷ অনিয়মিত খাদ্য গ্ৰহণ তেল-মছলাযুক্ত খাদ্যাভাসৰ  বাবে ঘৰে ঘৰে লিভাৰজনিত ৰোগীৰ সংখ্যা বাঢ়িছে৷ বেছিসংখ্যকৰেই ক্ষেত্ৰত দেখা যায় নিজৰ ভুলৰ বাবেই শৰীৰত লিভাৰৰ অসুখে দেখা দিছে৷ শৰীৰত তেজৰ পৰা দূষিত পদাৰ্থ দূৰ কৰে লিভাৰে৷ গতিকে লিভাৰ সক্ৰিয় কৰি ৰাখিবলৈ দুটামান দিশ খেয়াল ৰখাটো অতি জৰুৰী৷  

⬛কেক, পেষ্ট্ৰি , কুকিজৰ দৰে সেকা খাদ্যসামগ্ৰী লিভাৰৰ কাৰণে ভাল নহয়৷ পুৱাৰ আহাৰত অনেকেই পাউৰুটিত মাখন লগাই খায়৷ বিশেষজ্ঞ চিকিৎসকৰ মতে এই ধৰণৰ খাদ্যত ট্ৰান্স ফেট থাকে৷ এই ফেটৰ দ্বাৰা শৰীৰৰ ওজন বৃদ্ধি হোৱাই নহয় লিভাৰৰো ক্ষতি হয়৷ 

⬛বজাৰত উপলব্ধ তেল-মছলাযুক্ত, ভজা-পোৰা চপ-কাটলেটৰ দৰে খাদ্যত বহু পৰিমাণে ফেট থাকে৷ এনেধৰণৰ খাদ্যৰ পৰা ফেটি লিভাৰৰ দৰে নানান ধৰণৰ লিভাৰৰ অসুখ হোৱাৰ আশংকা থাকে৷ 

⬛মদ্যপান নকৰিলেও বহুতৰ অতিৰিক্ত চৌদাযুক্ত পানীয় খোৱাৰ অভ্যাস থাকে৷ পাট¹ত গলে এনে পানীয় গলাধকৰণ কৰা হয়৷ এনে পানীয়ৰ পৰা শৰীৰৰ একো লাভ নহয়, বৰঞ্চ লিভাৰৰ ক্ষতি হয়৷ 

⬛চেনি অধিক খালে ওজন বঢ়াই নহয়, লিভাৰৰো ক্ষতি হয়৷ তদুপৰি  কোল্ডী চকলেট, কেক-পেষ্টি˜ নিয়মিত খোৱাটো লিভাৰৰ কাৰণে অপকাৰী৷ 

⬛ময়দাৰ দ্বাৰা তৈয়াৰী ৰুটি, পাউৰুটি, লুচি, পৰঠা কিংবা ৰোল- চাওমিন– এইবিলাক মুখৰোখক খাদ্য লিভাৰৰ কাৰণে মুঠেও ভাল নহয়৷