Logo
image

মানুহক জীৱ শ্ৰেষ্ঠ বুলি ক'ব পাৰিনে?: বৰপেটাৰোডত বিহ খুৱাই ৩টাকৈ কুকুৰক হত্যা, দোষীক শাস্তিৰ দাবীত স্বেচ্ছাসেৱী সংগঠনৰ এজাহাৰ

ডিজিটেল সংবাদ, বৰপেটাৰোডঃ জীৱ শ্ৰেষ্ঠ মানুহ কিমান জঘন্য হব পাৰে তাৰ এক আচল স্বৰূপ উদঙাই দিছে বৰপেটাৰোডৰ এটি ঘটনাই৷ বৰপেটাৰোডৰ শিমলাগুৰীত খাদ্যৰ লগত বিহ মিহলাই তিনিটাকৈ কুকুৰক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। কোনো অজ্ঞাত লোকে এই নিকৃষ্টমানৰ কাম কৰা বুলি অভিযোগ তুলিছে মৃত কুকুৰৰ গৰাকীয়ে। 

বৰপেটাৰোডৰ শিমলাগুৰীৰ সমন্বয় পথৰ সমীপত সংঘটিত হৈছে এই হৃদয়বিদাৰক ঘটনা। কুকুৰৰ গৰাকীয়ে জানিবলৈ দিয়া মতে, পোহনীয়া কুকুৰ তিনিটা বিগত তিনিদিনমান পূৰ্বে হঠাৎ অসুস্থ হৈ পৰে৷ কুকুৰৰ গৰাকীয়ে চিকিৎসকক দেখুৱাত কুকুৰ কেইটা জ্বৰত ভুগি অসুস্থ হোৱা বুলি চিকিৎসা কৰে যদিও অৱশেষত কুকুৰ কেইটাই কৰুণ মৃত্যুক আকোৱালি লয়।
 
আনহাতে আন এটা কুকুৰ অসুস্থ হোৱাত গৰাকীয়ে নেমু টেঙাৰ ৰস খুৱাই দিয়াত কিছু পৰিমাণে সুস্থ হয় যদিও সেই কুকুৰটো বৰপেটাৰোডৰ এটা এন জি ওৰ কৰ্মকৰ্তাই চিকিৎসকৰ ওচৰলৈ লৈ আনে। সম্প্ৰতি কুকুৰটোৰ চিকিৎসা চলি আছে। কিন্তু কোনে, কি কাৰণত এই কুকুৰ কেইটাক খাদ্যৰ লগত বিহ মিহলাই খুৱাই হত্যা কৰিলে সেয়া জানিব পৰা হোৱা নাই৷

এইক্ষেত্ৰত অনুসন্ধান চলাই আছে স্থানীয় ৰাইজে ৷ কুকুৰ নিধন কৰা কাৰ্যৰ বিৰুদ্ধে স্বেচ্ছাসেৱী সংগঠনটোৰ তৰফৰ পৰা আৰক্ষীক এজাহাৰ দাখিল কৰিব বুলি জানিব পৰা গৈছে৷ আনহাতে কেইমাহমান পূৰ্বে সৰভোগত ৰাজপথত ঘুৰি ফুৰা কুকুৰক মাংসৰ লগত বিহ মিহলাই খুওৱাৰ ফলত বহু কেইটা কুকুৰৰ মৃত্যু হৈছিল। সৰভোগত কুকুৰ নিধন যজ্ঞ চলোৱা বাতৰি বিভিন্ন প্ৰচাৰ মাধ্যমযোগে প্ৰচাৰ হোৱাত অপৰাধীৰ বিৰুদ্ধে স্বেচ্ছাসেৱী সংগঠন এটাই সৰভোগ আৰক্ষী থানাত এখনি এজাহাৰ দাখিল কৰিছিল যদিও আজিলৈকে কোনো লোকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই। বৰপেটাৰোডৰ শিমলাগুৰীতো সৰভোগৰ অনুৰূপ ঘটনা সংঘটিত হোৱা কাৰ্যক একমুখে ধিক্কাৰ জনাইছে সচেতন মহলে।