Logo
image

বিজেপিলৈ যাব নেকি কংগ্ৰেছৰ বিধায়ক?: কি ক'লে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই?

ডিজিটেল সংবাদ, ৰঙিয়াঃ নিৰ্বাচনৰ পূৰ্বে বিজেপিলৈ কংগ্ৰেছৰ বিধায়ক যাব নেকি এই কথা স্পষ্টভাৱে নকলেও বিজেপিত পুনৰ আন দলৰ বিধায়কে যোগদান কৰিব বুলি কয় ভৱেশ কলিতাই ৷ শুকুৰবাৰে ৰঙিয়াত এক দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই। কেন্দ্ৰত নীতিশ কুমাৰৰ নেতৃত্বত আৰু ৰাজ্যত বিৰোধী দল একত্ৰিত হোৱা সন্দৰ্ভত ভৱেশ কলিতাই  কয় যে মহাজোঁটে বিজেপিক কোনোধৰণে ক্ষতি নকৰে। তেওঁলোকে যে মিছা কথা কয় সেয়া নিৰ্বাচনৰ পিছত কৰ্ণাটকত এতিয়া ওলাই পৰিছে। লগতে আৰ এছ এছৰ মুখপত্ৰত আগন্তুক নিৰ্বাচনত মোদী মেজিক আৰু হিন্দুত্বই যে ভোটাৰক প্ৰভাৱিত কৰিব নোৱাৰিব সেই সন্দৰ্ভত সভাপতি কলিতাই কয় যে আৰ এছ এছৰ মুখপত্ৰত কি ওলাইছে মই নাজানোঁ৷ কিন্তু যোৱা ৯ বছৰত ভাৰতবৰ্ষ বহু আগুৱাই গৈছে। ইয়াৰ উপৰি বিজেপিৰ কাৰ্যকৰ্তা অহংকাৰী বুলি সৰ্বত্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱা সন্দৰ্ভত সভাপতিগৰাকীয়ে কয় যে কোনো বিজেপিৰ কাৰ্যকৰ্তা অহংকাৰী নহয়৷ কাৰ্যকৰ্তা সদায় সেৱকহে। লগতে ৰাজ্যৰ সভাপতি সলনি হ'ব নেকি বুলি সংবাদ মাধ্যমে সোধা এক প্ৰশ্নৰ উত্তৰত সভাপতিগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় নেতৃত্বইহে জানিব সভাপতি সলনি হ'বনে নহয়৷ মোক দায়িত্ব যেতিয়ালৈকে দায়িত্ব দিব, তেতিয়ালৈকে মই দায়িত্ব পালন কৰি যাম।