Logo
image

গছপুলি ৰোপণৰ অভিলেখৰ মাজতে চলিছে চৰকাৰী বনধবংসঃ পথৰ কাষৰ প্ৰায় এক লাখ পূৰঠ গছ কাটিলে কতৃৰ্পক্ষই

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ জুনঃ গান্ধী জয়ন্তীৰ দিনাখন দুঘণ্টাত ২ কোটি গছ পুলি ৰোপণৰ সপোন দেখা চৰকাৰখনে ৰাজ্যৰ সৰ্বত্ৰতে অব্যাহত ৰাখিছে গছ কটাৰ অভিযান৷ এক কথাত কবলৈ গ’লে স্বয়ং চৰকাৰৰ উদ্যোগত পূৰ্ণগতিত অব্যাহত বন ধবংস৷ অৱশ্যে চৰকাৰী পক্ষৰ দাবী উন্নয়নৰ স্বাৰ্থতহে কটা হৈছে গছ৷ শেহতীয়াভাৱে ৰাজ্যত দেখা দিয়া অভাবনীয় গ্ৰীষ্ম প্ৰবাহ আৰু বানৰ মূল কাৰণে হ’ল দ্ৰুত হাৰত চলি থকা বন ধবংস৷ অন্যতো বাদেই খোদ গুৱাহাটী মহানগৰীতে চৰকাৰে উন্নয়নৰ নামত কাটিছে হাজাৰ হাজাৰ পূৰঠ গছ৷ কেৱল মাত্ৰ ফ্লাই অভাৰ নিৰ্মাণ আৰু পথ বহলোৱাৰ নামাতে কটা হৈছে এই গছসমূহ৷ অবাধ হাৰত এনেদৰে পূৰঠ গছ বিলাক কটাৰ ফলত গুৱাহাটীৰ তাপমাত্ৰা অস্বাভাৱিক হাৰত বৃদ্ধি পাই গৈ আছে৷ বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰাও৷ অথচ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুযোগ পালেই গোলকীয় উষ্ণতাৰ ফলত সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতিৰ বিষয়ে নিজৰ ভাষণত উল্লেখ কৰে৷ গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰকসমূহ হ্ৰাসৰ বাবে বিশ্ব নেতৃত্বৰ সৈতে লগ লাগি প্ৰধান মন্ত্ৰী মোদীয়ে তৎপৰতাত অব্যাহত ৰাখিছে৷ কিন্তু ইয়াৰ বিপৰীতে অসমত চৰকাৰৰ উদ্যোগতে অবাধ হাৰত অব্যাহত আছে গছ ধবংস অভিযান৷ ফ্লাই অভাৰ নিৰ্মাণ আৰু পথ বহলোৱাৰ স্বাৰ্থত চৰকাৰে দিছপুৰৰ অসম সচিবালয়ৰ সন্মুখত থকা বিশাল বিশাল পুৰঠ গছ নিশাটোৰ ভিতৰতে কাটি নাইকীয়া কৰে৷ অসম বিধানসভা চৌহদত বিধায়কৰ বাবে নতুন বিলাসী আবাস নিৰ্মাণৰ নামত কিমান গছ কটা হ’ল তাৰ লেখ জেখ নাই৷ একেই ঘটনা সংঘটিত হৈছে অসম বিধানসভাৰ নতুন ভৱন নিৰ্মাণৰ ক্ষেত্ৰত৷ দিছপুৰত নতুন বিধানসভা চৌহদ নিৰ্মাণৰ বাবে কাটি পেলোৱা হয় বহু পুৰণি গছ৷ একেই কাৰ্য চৰকাৰখনে সংঘটিত কৰিলে জু-ৰোডত৷ ফ্লাই অভাৰ নিৰ্মাণৰ নামত চৰকাৰে নিৰ্বিচাৰে কাটি পেলালে বহু পূৰঠ গছ৷ স্থানীয় ৰাইজৰ বাধা প্ৰতিবাদকো নেওচি চৰকাৰে অতি নিৰ্দয়ভাৱে কাটিলে এই বিশাল বিশাল গছ সমূহ৷ খানাপাৰাৰ পৰা জালুকবাৰী পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথ বহলোৱাৰ নামত চৰকাৰে কিমান হাজাৰ সৰু-বৰ গছ কাটিলে তাৰ কোনো লেখ জেখ নাই৷ এই সুদীৰ্ঘ পথচোৱাৰ দুয়োকাষে পূৰ্বতে থকা অসংখ্য গছৰ বাবে পথচোৱা সেউজ আৰবনে ঢাকি ৰাখিছিল৷ কিন্তু আজিৰ তাৰিখত ই পথত নাই এজাপোও গছ৷ ব্ৰহ্মপুত্ৰৰ পাৰ সৌন্দৰ্য বন্ধৰ্নৰ নামত গুৱাহাটীত কটা হ’ল শ শ পুৰঠ গছ৷ একেই পৰিস্থিতি গুৱাহাটী বিশ্ববিদ্যালয় চৌহদতো৷ এয়া কেৱল উদাহৰণহে মাত্ৰা৷ কেৱল গুৱাহাটী মহানগৰীতে নহয়, ৰাজ্যৰ অন্যান্য অঞ্চলতো উন্নয়নৰ নামত কটা হৈ আছে অসংখ্য গছ৷ পৰিসংখ্য মতে এই পৰ্যন্ত লক্ষাধিক পূৰঠ গছ কাটিছে চৰকাৰী কতৃৰ্পক্ষই৷ মুখ্যমন্ত্ৰীৰ চকীত বহাৰ পিছতে ড॰ হিমন্ত বিশ্ব শৰ্মাই এডাল গছ কাটিলে দহ ডাল গছ ৰোৱাৰ সিদ্ধান্ত ঘোষণা কৰিছিল৷ কিন্তু মুখ্যমন্ত্ৰীৰ এই ঘোষণা ফাইলতে আৱদ্ধ হৈ থাকিল৷ য’ত য’ত গছ কটা হ’ল, তাৰ ক্ষতিপূৰণ ১০ গুণ গছ ৰোৱাৰ নজিৰ এই পৰ্যন্ত নাই৷ বঙাইগাঁৱৰ ৰাখালডুবীৰ পৰা গোৱালপাৰাৰ শোলমাৰীলৈ যোৱা পথত হাজাৰ হাজাৰ পূৰঠ গছ আছিল৷ পথচোৱা বহলোৱাৰ নামত হাজাৰ হাজাৰ গছ কাটি পেলোৱা হয়৷ গোৱালপাৰাৰ পঞ্চৰত্নৰ পৰা শোলমাৰীলৈ পথৰ দুয়োকাষে থকা শাল, চেগুন, কৃষ্ণচূড়া, ৰাধাচূড়া আদি গছ কাটি পেলোৱা হয় পথ বহলোৱাৰ স্বাৰ্থত৷ পলাশবাৰীৰ পৰা চানডুবিলৈ পথ নিৰ্মাণৰ নামত শ শ জোপা বৃহৎ পুৰণি গছ কটা হয় চৰকাৰী পৃষ্ঠপোষকতাত৷ বঙাইগাঁও জিলাৰ হাপোচৰাৰ পৰা যোগীঘোপাৰ মাণ্টিমডেল লজেষ্টিক হাবলৈ চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বাবে প্ৰায় তিনি হাজাৰ ডাল গছ কটা হয়৷ অসম মালা আঁচনিৰ অধীনত মৰাণৰ পৰা নাহৰকটীয়া সমষ্টিৰ দিচাং কিনাৰ বঙালী গাঁৱলৈকে পথ নিৰ্মাণৰ বাবে দুয়োকাষে থকা প্ৰায় আঢ়ৈ হাজাৰ মূল্যবান গছ কাটি পেলোৱা হয়৷ এনেদৰে হাজাৰ হাজাৰ পুৰণি গছ কাটি দিয়াৰ ফলত ইয়াৰ বিৰূপ প্ৰভাব আমাৰ পৰিৱেশৰ ওপৰত প্ৰত্যক্ষভাৱে পৰিছে৷ হঠাৎ হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ৷ চৰকাৰৰ ওচৰত এনে বহু কেইটা প্ৰকল্প সাজু হৈ আছে যিবিলাক প্ৰকল্প ৰূপায়ণ কৰিবলৈ হ’লে আৰু  হাজাৰ হাজাৰ গছ কাটি পেলাব লাগিব৷ ইয়াৰ পূৰ্বেও ৰাজ্যৰ সেউজ আবৰণ বৃদ্ধিৰ লক্ষ্যৰে বিভিন্ন ঠাইত ৰেকৰ্ড সংখ্যক গছ পুলি ৰোপণৰ কৰ্মসূচী গ্ৰহণ কৰিছিল যদিও এই বিলাক কাৰ্যতঃ চূড়ান্তভাৱে ব্যৰ্থ হয়৷ আগন্তুক পাঁচ বছৰৰ ভিতৰত অসমৰ বনভূমিৰ পৰিমাণ ৩৬ শতাংশৰ পৰা ৩৮ শতাংশ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ কিন্তু উন্নয়নৰ নামত ৰাজ্যত যি হাৰত গছ-গছনি কটা হৈছে তাৰ পৰা পৰিস্থিতি অধিক অবনতি ঘটাৰহে আশংকাই দেখা দিছে৷

বঙাইগাৱঁত চাৰিশৰীয়া পথৰ বাবে কাটিলে তিনি হাজাৰ গছ

‘আমাৰ অসম’ৰ যোগীঘোপাৰ প্ৰতিবেদকঃ বঙাইগাঁও জিলাৰ হাপাচৰাৰ পৰা যোগীঘোপাৰ মাণ্টিমডেল লজিষ্টিক হাবলৈ নিৰ্মাণৰত চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বাবেই প্ৰায় তিনিহাজাৰডাল গছ কটা গ’ল৷ হাপাচৰাৰ পৰা টুলুঙীয়ালৈ এক হাজাৰ ৩শ ৭৯ ডাল, টুলুঙীয়াৰ পৰা যোগীঘোপালৈ ৰ হাজাৰ ৬ শ ১২ ডালসহ মুঠ ২ হাজাৰ ৯শ ৯১ ডাল গছ কটা গৈছে৷ নিৰ্মাণকাৰী সংস্থাবোৰে গছ কটাৰ বাবে বনবিভাগক দায়িত্ব অৰ্পন কৰাত বনবিভাগে ইতিমধ্যে বৃহৎ সংখ্যক গছ কটা সম্পন্ন কৰিছে৷ ইমান বৃহৎ সংখ্যক গছ কটা যোৱাত মুকলি হৈ পৰে পথৰ দুয়োকাষ৷ ইয়াৰে পৰিপ্ৰেক্ষিতত এসময়ত শাৰী-শাৰী বট, আহত, গমাৰি, তিতাচপা, নাহৰ আদি বিৰিষে ছাঁ দি পথিকক জিৰণী ল’বলৈ আকুল কৰা সমগ্ৰ পথৰ দাঁতি উন্মুক্ত৷ প্ৰচণ্ড ৰ’দ, প্ৰখৰ ৰ’দত থাউনি নোপোৱা অৱস্থা৷ কাৰণ পথৰ কাষৰ প্ৰায় তিনিহাজাৰ জোপা গছৰ কৃতিত্ব নাই বন বিভাগৰ৷ উদং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে-কাষে ২১ বছৰ পূৰ্বে গছ ৰোৱাৰ সংকল্প লৈছিল তেতিয়াৰ ২৬ বছৰীয়া যুৱক টুলুঙীয়াৰ বুদ্বেশ্বৰ ৰায়ে৷ হাপাচৰাৰ পৰা চৌটাকিলৈ প্ৰায় ২৫ কিল’মিটাৰ পথৰ কাষে-কাষে ৰোপণ কৰিছিল তিতাচপা, গমাৰি, আহত, শিলিখা, আম, অজুৰ্ন আদি বিভিন্ন প্ৰজাতিৰ গছ৷ কেৱল গছপুলি ৰোপণ কৰাই নহয়, নিজৰ গাঁঠিৰ ধন ভাঙি বাহঁ ক্ৰয় কৰি গছপুলিবোৰ আবৃত কৰি গছপুলিবোৰ ৰক্ষণাবেক্ষনো দিছিল বুদ্ধেশ্বৰ ৰায়ে৷ বুদ্ধেশ্বৰে জানিবলৈ দিয়ামতে, দুই হাজাৰৰ অধিক গছপুলি বিগত ২১ বছৰত ৰোপণ কৰা হৈছিল৷ সেয়ে সমস্ত গছ কটা যোৱাত যি মৰ্মান্তিক আঘাত পাইছিল, সেয়া ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি বুলি মন্তব্য কৰে বুদ্ধেশ্বৰে৷ গছ কটাৰ পাছত সমপৰিমাণৰ গছ নিৰ্মাণকাৰী সংস্থাবোৰে ৰোপণ কৰাটো দায়িত্ব আছিল যদিও এই দায়িত্ব বৰ্তমানলৈকে কোনো ব্যৱস্থা লোৱা পৰিলক্ষিত নহ’ল৷ ইপিনে বঙাইগাঁৱৰ পৰা গুৱাহাটীলৈ যোৱা ৰাজ্যিক ঘাইপথৰ অভয়াপুৰী অংশ নিৰ্মাণ কৰাৰ সময়ত শতিকা গৰকা দেবদাৰু গছবোৰ কটা যোৱাটো নিশ্চিত আছিল যদিও প্ৰকৃতিপ্ৰেমী ৰাইজৰ দাবীত সেও মনাৰ বাবে অক্ষত হৈ ৰ’ল গছবোৰ৷ বঙাইগাঁৱৰ চাপাগুৰীৰ পৰা বৰপেটা হৈ গুৱাহাটীৰ আমিনগাঁৱলৈ যোৱা পথটো নিৰ্মাণ কৰোঁতে অভয়াপুৰী চহৰৰ মাজেৰে যোৱা অংশ বহলোৱাৰ ব্যৱস্থা কৰে৷ এনে অৱস্থাত শতিকা জুৰি শিৰ উন্নত কৰি থকা শতাধিক দেৱদাৰু গছ কটাটো নিশ্চিত হৈ পৰে৷ ইয়াতে আতংকিত হৈ পৰে অঞ্চলটোৰ সচেতন সংগঠন তথা ৰাইজ৷ গছবোৰ ধবংস নকৰাকৈ বিকল্প ব্যৱস্থা গ্ৰহণ কৰিবলৈ জনোৱা দাবীত সেও মানি পথ নিৰ্মাণকাৰী সংস্থা তথা গড়কাপ্টানী বিভাগে বিকল্প ব্যৱস্থা গ্ৰহণ কৰি গছ নকটাৰ সিদ্ধান্ত লয়৷ ফলত আজিও অক্ষত ৰূপত ৰ’ল দেৱদাৰু গছবোৰ৷ এনে অৱস্থাত জিলাখনত চাৰিশৰীয়া পথ নিৰ্মাণ কৰোঁতে বিকল্প ব্যৱস্থা গ্ৰহণ কৰিলৈ অক্ষত হৈ ৰ’লহেতেন প্ৰায় তিনিহাজাৰ জোপা গছ৷

দুবছৰতে গোৱালপাৰা-বঙাইগাঁৱত কাটিলে হাজাৰ হাজাৰ গছ

‘আমাৰ অসম’ৰ গোৱালপাৰাৰ প্ৰতিবেদকঃ বঙাইগাঁৱৰ ৰাখালডুবীৰ পৰা গোৱালপাৰাৰ শোলমাৰীলৈ যোৱা পথছোৱাত সহস্ৰাধিক গছ আছিল৷ পথবোৰ চাৰিলেনযুক্ত হোৱাত গছবোৰ বন বিভাগে কাটি পেলালে৷ সামান্য ৰদতে এতিয়া পথছোৱাৰে ছাতি নোহোৱাকৈ যাব নোৱাৰি৷ কিছু ইফাল সিফাল কৰি পথছোৱা নিৰ্মাণ কৰিলে নিশ্চয় গছবোৰ বাছি থাকিলেহেঁতেন আৰু এনে পৰিস্থিতিৰো সৃষ্টি নহ’লহেতেন৷ নামনিৰ চেৰাপুঞ্জীখ্যাত মাজগাঁৱত আজিকালি কেতিয়াবাহে বৰষুণ দিয়ে৷ পথ সম্প্ৰসাৰণৰ নামত তাতো হাজাৰ হাজাৰ গছ গছনি কাটি পেলোৱা হল৷  পথো আহল বহল হোৱাৰ পিছতো গছৰ মুঢ়াবোৰ আজিও আছে৷ মুঢ়াবোৰ থাকিল কিন্তু গছবোৰহে নোহোৱা হল৷ একেদৰে গোৱালপাৰাৰ পঞ্চৰত্নৰ পৰা শোলমাৰীলৈকে পথৰ দুয়ো কাষে কাষে হাজাৰ হাজাৰ, শাল, চেগুন, কৃষ্ণচূড়া, আৰু ৰাধাচূড়া আদিৰ লগতে আন আন গছ গছনি আছিল৷ কৃষ্ণচূড়া আৰু ৰাধাচূড়াই পথছোৱা মনোমোহা কৰি তুলিছিল৷ কৃষ্ণচূড়া আৰু ৰাধাচূড়াৰ ফুলে পথচাৰীক গাড়ী ৰখাবলৈ বাধ্য কৰাইছিল৷ ১৯৯৮ চনত পঞ্চৰত্নৰ নৰনাৰায়ণ সেতু মুকলি কৰাৰ সময়তে গছ সমূহ পথৰ কাষে কাষে ৰোপণ কৰা হৈছিল৷ কিন্তু পথছোৱা চাৰিলেনযুক্ত হোৱাৰ লগে লগে গছসমূহ কাটি পোলোৱা হ’ল৷ বিভাগীয় হিচাপ অনুসৰি গোৱালপাৰা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত এহেজাৰ আৰু কৃষ্ণাই আঞ্চলিক বন বিষয়াৰ কাৰ্যলয়ৰ অন্তৰ্গত এহেজাৰ মুঠ দুই হাজাৰ গছ গছনি কাটি পেলোৱা হৈছে৷ বন বিভাগে ঠিকাদাৰৰ জৰিয়তে গছসমূহ কাটি কৃষ্ণাই আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়, পাইকান, আগিয়া, মাকৰি আৰু ভালুকডুবী বীট অফিচত ৰাখি পৰৱৰ্তী সময়ত লিজত দিয়ে৷ পথ সম্প্ৰসাৰণৰ নামত এইসমূহ প্ৰকাণ্ড প্ৰকাণ্ড হাজাৰ হাজাৰ গছ গছনি কাটি পেলোৱা হল৷ বন বভাগে বিনা দ্বিধাই গছ গছনি সমূহ কাটিব দিলে৷ যাৰ ফলত এতিয়া ৰাস্তাৰ কাষৰ মানুহ উত্তাপত থাকিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ শেহতীয়াকৈ চাৰিলেন যুক্ত পথ নিৰ্মাণৰ নামত বন বিভাগে আকৌ হাজাৰ হাজাৰ গছ গছনি কটাৰ প্ৰক্ৰিয়া হাতত লৈছে৷ অতি কম সময়ৰ ভিতৰতে হাজাৰ হাজাৰ গছ গছনি নোহোৱা হব৷

পলাশবাৰী-চানডুবি পথ নিৰ্মাণত শ শ গছ ধবংস

‘আমাৰ অসম’ৰ পলাশবাৰীৰ প্ৰতিবেদকঃ দক্ষিণ কামৰূপৰ পলাশবাৰীৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰাই অসম-মেঘালয় সীমনান্তৰ চানডুবিলৈ প্ৰায় ৩৫ কিলোমিটাৰ পথ নতুনকৈ নিৰ্মাণৰ নামত কিছুমাহ পূৰ্বে শ শ জোপা গছ চৰকাৰী পৃষ্ঠপোষকতাতেই কাটি নিঃশেষ কৰা হৈছে৷ পুৰণি পথছোৱাৰ দুয়োকাষে শতিকা গৰকা গছবোৰো এফালৰ পৰা কাটি ধবংস কৰাৰ নেতৃত্ব খোদ চৰকাৰেই বহন কৰিছিল৷ উন্নয়ন লাগে বাবেই পথছোৱা নতুন আৰু বহলকৈ সজোৱা হ’ল, সেয়া ভাল কথা যদিও শতিকা গৰকা শ শ জোপা গছ এফালৰ পৰা কাটি পেলোৱাৰ পিছত এতিয়া সমগ্ৰ পথছোৱাৰ মাজত প্ৰখৰ ৰদৰ সময়ত এতিয়া জিৰণি ল’বলৈ অলপো ছা নোহোৱা হৈছে৷ অৱশ্যে চানডুবিৰ ওচৰৰ প্ৰায় পাঁচ কিলোমিটাৰমান পথ বন বিভাগৰ হাতত থকা আৰু স্থানীয় দল সংগঠনৰ প্ৰতিবাদৰ বাবেই হেজাৰৰো অধিক জোপা মূল্যবান শালগছ কাটি পথছোৱা নতুন কৰিব পৰা নাই৷ এসময়ৰ ঘনঘোৰ চানডুবিৰ চৌপাশ মূল্যবান শালগছেৰে ভৰি আছিল যদিও বিয়াগোম বন বিভাগৰ ছত্ৰছায়াতেই এফালৰ পৰা নিঃশেষ কৰিছে৷

‘অসম মালা’ৰ নামত কাটিলে ২,৫৫৩ জোপা গছ

‘আমাৰ অসম’ৰ নাহৰকটিয়াৰ প্ৰতিবেদকঃ শেহতীয়াকৈ ৰাজ্য চৰকাৰে অসম মালা আঁচনিৰ অধীনত মৰাণ-নাহৰকটীয়া পথৰ বহলীকৰণৰ নামত চৰকাৰে মুঠ ২৫৫৩ জোপা গছ কাটি পেলোৱাৰ লক্ষ্য লৈ পথৰ দাঁতিত শাৰী শাৰীকৈ থকা এই গছবোৰ ইজোপাৰ পিছত সিজোপা কাটি গৈছে৷ অসম মালা আঁচনিৰ অধীনত মৰাণৰ পৰা নাহৰকটীয়া সমষ্টিৰ দিচাং কিনাৰ বঙালী গাঁৱলৈকে মুঠ ৪৫৯ কোটি ৭৯ লাখ টকা ব্যয় সাপেক্ষে পথ বহলীকৰণ আৰু নিৰ্মাণ হ’বলগীয়া পথটোৰ কাম বৰ্তমান চলি আছে৷ এই পথটোৰ নিৰ্মাণৰ বাবে পথৰ দুয়োপাৰে কাটি পেলোৱা হ’ব মুঠ ২৫৫৩ জোপাকৈ বিভিন্ন থলুৱা প্ৰজাতিৰ মূল্যবান গছ৷ এই আঁচনিৰ বাবে কৰা পৰিৱেশ প্ৰভাৱ মূল্যাংকনত উল্লেখ থকা অনুসৰি এই পথটোৰ বাবে মুঠ ২৫৫৩ জোপা গছ কটা যাব৷ কিন্তু সেই একেখন মূল্যাংকনতে উল্লেখ থকা  অনুসৰি ১৬৫৬.৩২ জোপা গছ কটাৰ নামত ব্যয় হ’ব ৰ, ৮৯, ৪৭, ৩৯৭ টকা৷ মুঠ ৪৬.৬ কিলোমিটাৰ পথৰ বহলীকৰণ আৰু নিৰ্মাণৰ নামত ইতিমধ্যেই হাজাৰৰ অধিক গছ কাটি পেলোৱা হৈছে বন বিভাগৰ তত্ত্বাৱধানত যন্ত্ৰচালিত কৰতেৰে৷ উল্লেখ্য, ২০১৫ চনৰ জ্জ জুলাইত মৰাণ-নাহৰকটীয়া পথটোৰ দুয়োফালে তদানীন্তন ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত মণি ভান্নানে পৰিৱেশ সুৰক্ষাৰ নামত ৬১ লাখ টকা ব্যয় সাপেক্ষে ২২ মিনিটত ২২ হাজাৰ ৪৮টা গছপুলি ৰোপণ কৰি লিমকা বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিছিল৷ যত্ন লোৱাৰ বাবদ ৬১ লাখ টকা মঞ্জুৰ কৰা হৈছিল৷ উপায়ুক্ত গৰাকীয়ে ৬১ লাখ টকা চৰকাৰী ধন ব্যয় কৰি লিমকা বুকত নিজৰ নাম খুদিত কৰিলে যদিও পিছৰ পৰ্যায়ত সেই গছপুলি সমূহ চোৱাচিতা কৰা ‘হল নে নাই তাৰ কিন্তু কোনো তথ্য নাই৷ ৬১ লাখ টকা ব্যয় কৰি যি গছপুলি ৰোপণ কৰা হৈছিল সেই ২২ হাজাৰ পুলিৰ যদি ২২০০ পুলিও বাছিলে বুলি ধৰা হয় তেনেহ’লে এতিয়া পুনৰ পথ বহলীকৰণ আৰু নিৰ্মাণৰ নামত কোটি কোটি টকা খৰচ কৰি ২৫৫৩ জোপা গছ দেখোন চৰকাৰেই কাটিবলৈ উদ্যত হৈছে৷ ইফালে উক্ত পৰিৱেশ প্ৰভাৱ মূল্যাংকনতে উল্লেখ থকা অনুসৰি এই অসম মালা আঁচনিৰ অধীনত নিৰ্মাণ হোৱা পথৰ দুয়োকাষে কাটি পেলোৱা ২৫৫৩ জোপা গছৰ বিনিময়ত মূল্যাংকন খনৰ ২১৫ নং পৃষ্ঠাত ক্ৰমিক নং ৩ প্ৰসংগ ৩০৭ নং ত উল্লেখ থকা অনুসৰি ২ কোটি ১২ লাখ ১৫ হাজাৰ ৪৩০ টকা ব্যয় সাপেক্ষ ৰোপণ কৰা হ’ব ২৫৫৩০টা গছপুলি৷ তদুপৰি ঘেৰ বনোৱাৰ নামত ব্যয় কৰা হ’ব ৯১ লাখ ৬৫ হাজাৰ ২৭০ টকা৷ অৰ্থাৎ ২৫৫৩ জোপা গছ কটাৰ পৰা ২৫৫৩০ জোপা গছ ৰোপণ কৰালৈকে মুঠ ব্যয় হ’ব ৪ কোটি ৯৩ লাখ ২৮ হাজাৰ ৯৭ টকা৷ ইতিমধ্যেই হাজাৰৰো অধিক গছ কাটি পেলোৱা মুঠ ২৫৫৩ জোপা গছৰ ভিতৰত ভাৰত গৌৰৱ হিচাপে জনাজাত এজাৰ গছকে ধৰি বহু মূল্যবান গছ আছে৷ কিন্তু এই গছসমূহ সৰহ সংখ্যকেই ২০১৫ চনত ৰোপণ কৰি লিমকা বুকত ৰেকৰ্ড কৰা গছ নহয় বৰঞ্চ এই গছসমূহৰ বয়স প্ৰতিজোপাই ২০ ৰ পৰা ৩০ বছৰ পৰ্যন্ত হ’ব, ইয়াৰে কিছুমান গছৰ বয়স কমেও ৫০ বছৰ বা তাতোধিক৷