Logo
image

নিজৰেই গাফিলতিৰ তদন্ত কৰিব জলব’ৰ্ডৰ সঞ্চালকে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১০ জুনঃ জলব’ৰ্ডৰ পানী যোগান প্ৰকল্পৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ ভুলৰ বাবে প্ৰিয়া কুমাৰী নামৰ একাদশ শ্ৰেণীৰ মেধাৱী ছাত্ৰীগৰাকীয়ে প্ৰাণ হেৰুৱাবলগীয়া হোৱাত গুৱাহাটীবাসীৰ ক্ষোভ আজিও উপশম ঘটা নাই৷ গুৱাহাটীৰ গণেশ মন্দিৰৰ পৰা ৰাজধানী মছজিদ সংযোগী পথত জাইকাৰ পানী যোগান প্ৰকল্পৰ পাইপ পোতাৰ বাবে উত্তৰ প্ৰদেশৰ এ কে কনষ্ট্ৰাকশ্বন নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে পথৰ কাষত বৃহৎ গাঁত খান্দি মাটি দ’মাই থোৱাই পৰিণতিতে দুৰ্ঘটনাত পতিত হৈ মৃত্যু মুখত পৰিছিল ছাত্ৰীগৰাকী৷ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে পথ সুৰক্ষাৰ কোনো সংকেতিক ফলত তথা সঠিক বেৰিকেড অবিহনেই ৰাজপথৰ এটা অংশ বন্ধ কৰি দ’মাই থৈছিল মাটি৷ ফলত প্ৰিয়া কুমাৰীক আৰোহীৰ আসনত বহোৱাই ভগ্নীয়ে চলাই অহা স্কুটীখনে পথত দ’মাই ৰখা মাটিত খুন্দা মৰাত ছাত্ৰীগৰাকী ৰাজপথত বাগৰি পৰাত মূৰৰ ওপৰেদি পাৰ হৈ গৈছিল ৰ’য়েল গ্ল’বেল স্কুলৰ বাছখনৰ চকা৷ এই ঘটনাৰ পাছতেই বিভিন্নজনে দুৰ্ঘটনাস্থলীত উত্তেজনাময় পৰিস্থিতি সৃষ্টি কৰাত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ লগতে জলব’ৰ্ডৰ শীৰ্ষ বিষয়াসকলে উক্ত স্থানত উপস্থিত হৈ ঠিকাদাৰী প্ৰতিষ্ঠান এ কে কনষ্ট্ৰাকশ্বনে পথ সুৰক্ষাৰ ক্ষেত্ৰত সঠিক ব্যৱস্থা নোলোৱা দিশটোক উন্মোচন কৰে৷ ইয়াৰ পাছতেই জলব’ৰ্ডৰ ফালৰ পৰা দিছপুৰ থানাত ঠিকাদাৰী প্ৰতিষ্ঠান এ কে কনষ্ট্ৰাকশ্বনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷ সমান্তৰালভাৱে বৃহস্পতিবাৰৰ দুৰ্ঘটনাটোৰ সন্দৰ্ভত মুঠ ৪খনকৈ এজাহাৰ দাখিল হোৱাৰ লগতে মানৱ অধিকাৰ আয়োগতো অভিযোগ দাখিল কৰে দল-সংগঠন তথা ব্যক্তি বিশেষে৷ দিছপুৰ থানাত জলব’ৰ্ডৰ উপৰি দুৰ্ঘটনাটোৰ অন্যতম সাক্ষী উজ্জল কুমাৰ দাস, তৃণমূল কংগ্ৰেছৰ মহিলা মৰ্চায়ো ঠিকাদাৰ, বিষয়া আৰু জলব’ৰ্ডৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷ দুৰ্ঘটনাটোক লৈ মনোজিৎ সিংহ নামৰ এজন লোকে ৰাজ্যিক মানৱ অধিকাৰ আয়োগত গোচৰ ৰুজু কৰিছে৷ দল-সংগঠনৰ এনে হেঁচাৰ পৰিপ্ৰেক্ষিততে অৱশেষত শুকুৰবাৰে মহানগৰ আৰক্ষীয়ে ঠিকাদাৰী প্ৰতিষ্ঠান এ কে কনষ্ট্ৰাকশ্বন কোম্পানীৰ পৰিচালক বি বালাজীক গ্ৰেপ্তাৰ কৰে৷ পাইপ পোতাৰ বাবে গাঁত খান্দিবলৈ যান-বাহন আৰক্ষী আৰু লোক নিৰ্মাণ বিভাগৰ অনুমতি নোলোৱাৰ অভিযোগত আৰক্ষীয়ে প্ৰতিষ্ঠানটোৰ নাৰেংগীস্থিত কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰে পৰিচালক বালাজীক৷ বালাজীক গ্ৰেপ্তাৰ কৰি তিনি দিনৰ জিম্মাত লৈছে দিছপুৰ আৰক্ষীয়ে৷ অৱশ্যে আৰক্ষীয়ে পৰিচালকজনক গ্ৰেপ্তাৰ কৰিলেও ৰহস্যজনক কাৰণত এ কে কনষ্ট্ৰাকচনৰ স্বত্বাধিকাৰী এম ভেংকটেশ্বৰ ৰাওক বৰ্তমানলৈকে আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰা নাই৷ ভেংকটেশ্বৰ ৰাওক শুকুৰবাৰে শোণিতপুৰৰ পৰা মহানগৰ আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে৷ লক্ষণীয় বিষয়টো হৈছে, জলব’ৰ্ডৰ পানী যোগান প্ৰকল্প এতিয়া মহানগৰবাসীৰ বাবে আতংকৰ কাৰক হৈছে৷ এফালে যদি পানীৰ প্ৰকল্পটোৰ পাইপ পুতিবলৈ খন্দা গাঁত আৰু দ’মাই ৰখাৰ মাটিৰ বাবেই দুৰ্ঘটনাত পতিত হৈ নাগৰিকৰ মৃত্যু হৈছে, আনফালে আকৌ পাইপত জল বিস্ফোৰণৰ বাবেও বৃদ্ধাৰ মৃত্যু হৈছে৷ যাৰ পৰিপ্ৰেশিক্ষত খোৱাপানী প্ৰকল্পটো গুৱাহাটীবাসীৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰিছে৷ জলব’ৰ্ডৰ অধীনৰ পানী প্ৰকল্পটোৰ ঠিকাদাৰী প্ৰতিষ্ঠানে নাগৰিকৰ সুৰক্ষা নিশ্চিত নকৰাকৈ কাম-কাজ চলোৱাৰ বাবেই ইটোৰ পাছত সিটো দুৰ্ঘটনা সংঘটিত হ’বলৈ পাইছে৷ আ(ৰ্যজনক কথাটো হৈছে ঠিকাদাৰী প্ৰতিষ্ঠানক দায়িত্ব দি জলব’ৰ্ডৰ বৰমূৰীয়াসকলে এ চি ৰূমত বহি পৰ্যালোচনা বৈঠক পাতিয়েই দায়িত্ব সামৰিছে৷ জলব’ৰ্ড কতৃৰ্পক্ষৰ চৰম উদাসীনতা আৰু দায়িত্বহীনতাৰ বাবেই সৌ সিদিনা খাৰঘুলিত জল বিস্ফোৰণত সুমিত্ৰা ৰাভা আৰু বৃহস্পতিবাৰে গণেশ মন্দিৰত প্ৰিয়া কুমাৰীয়ে প্ৰাণ দিবলগীয়া হ’ল৷ এই দুটা ঘটনাৰ বাবে জলব’ৰ্ডৰ পৰিচালন সঞ্চালকৰ দায়িত্বত থকা কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা নীতিগতভাৱে প্ৰধান অভিযুক্ত৷ এই অপৰাধজনিত দায়িত্বহীনতাৰ বাবে চৰকাৰে অভিযুক্ত উপায়ুক্ত পল্লৱ গোপাল ঝাক জবাবদিহি কৰাটো উচিত আছিল৷ কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জলব’ৰ্ডৰ এই মাৰাত্মক গাফিলতিৰ পাছতো ওলোটাই অভিযুক্ত জলব’ৰ্ডৰ পৰিচালন সঞ্চালক পল্লৱ গোপাল ঝাকে মেধাৱী ছাত্ৰী প্ৰিয়া কুমাৰীৰ দুৰ্ঘটনাটোৰ তদন্তৰ দায়িত্ব দিছে৷ স্বাভাৱিকতেই এতিয়া অভিযুক্তই যেন নিজৰ অপৰাধৰ বিৰুদ্ধে তদন্ত কৰি মুখ্যমন্ত্ৰীক প্ৰতিবেদন দাখিল কৰিব৷ ইফালে চুৰ গ’লে বুদ্ধি, বৰষুণ এৰিলে জাপি লোৱা মহানগৰ প্ৰশাসনে এইবাৰ ৰাজপথত গাঁত খন্দাৰ সকলো কাম ২৪ ঘণ্টাৰ ভিতৰত বন্ধ কৰাৰ বাবে নিৰ্দেশ দিছে৷ উপায়ুক্ত পল্লৱ গোপাল ঝাই শুকুৰবাৰে এটা নিৰ্দেশনা যোগে গাঁত খন্দাৰ বাবে আগতীয়াকৈ সংশ্লিষ্ট কতৃৰ্পক্ষই প্ৰকাশনৰ অনুমতি ল’ব লাগিব বুলি স্পষ্ট কৰি দিছে৷ তদুপৰি এতিয়াৰে পৰা বিধিগতভাৱে কাম নকৰিলে আইনী ব্যৱস্থা গ্ৰহণৰো হুংকাৰ দিছে উপায়ুক্তই৷

উত্তৰ গুৱাহাটীত নিৰ্মীয়মাণ জাইকা প্ৰকল্পৰ পানী সংৰক্ষণ ভঁৰালত বৃহৎ ফাট

‘আমাৰ অসম’ৰ প্ৰতিনিধি, আমিনগাঁওঃ জাইকাৰ আৰ্থিক সাহায্যত উত্তৰ গুৱাহাটীত নিৰ্মীয়মান পানী যোগান প্ৰকল্পৰ কাম যে অতি নিম্নমানৰ হৈছে সেয়া বিগত কেইটামান দিনত হোৱা পৰিঘটনাত স্পষ্ট হৈছে৷ উত্তৰ গুৱাহাটী জাইকা পানী যোগান প্ৰকল্পৰ কাম বিভাগৰ মতে প্ৰায় সম্পূৰ্ণ হোৱা বুলি দাবী কৰিলেও সৰ্বসাধাৰণ ৰাইজ কোনো কাৰণতে আশ্বস্ত হ’ব পৰা নাই৷ কিয়নো বিগত এপষেক ধৰি জাইকা পানী যোগান প্ৰকল্প কতৃৰ্পক্ষই পৰীক্ষামূলকভাৱে পানীযোগান প্ৰকল্পৰ পানী সংৰক্ষণ ভড়ালৰ পৰা পানী অতি কম জোৰত এৰি দিছিল৷ কিন্তু পৰিতাপৰ বিষয় যে প্ৰতিবাৰেই উত্তৰ গুৱাহাটী শিলসাঁকোৰ কেইবাঠাইতো পানীৰ পাইপ ফাটি অঞ্চলসমূহ জলমগ্ন হোৱাৰ লগতে পৰিয়ালসমূহৰ বহু মূল্যবান সা-সামগ্ৰী নষ্ট হয়৷ অতি কম জোৰত পানী এৰোঁতেই যদি এনে অৱস্থা হয় তেন্তে স্বাভাৱিক জোৰত পানী এৰিব লাগিলে কি অৱস্থা হ’ব তাক লৈ চিন্তিত হৈ পৰিছে সৰ্বসাধাৰণ লোক৷ আনহাতে, জাইকা পানীযোগান প্ৰকল্পৰ পানী সংৰক্ষণ ভড়ালৰ চৌদিশে এতিয়াও সুৰক্ষাবেৰ নিৰ্মাণ কৰা হোৱা নাই৷ তেনে পৰিস্থিতিত দহ লাখ লিটাৰ পানী সংৰক্ষণ কৰা ভড়ালটোৰ স্থায়িত্বক লৈয়ো প্ৰবল শংকা হৈছে স্থানীয় ৰাইজৰ৷ সুৰক্ষাবেৰ নিৰ্মাণ নকৰাকৈ পানীযোগান প্ৰকল্পৰ কাম আৰম্ভ কৰিলে পাহাৰৰ ৰঙামাটি প্ৰবল বৰষুণত খহি আহিলে নিমিষতে উটুৱাই লৈ যাব স্থানীয় পাশ্বৰ্ৱৰ্তী পৰিয়ালসমূহৰ ঘৰ-দুৱাৰ৷ শেহতীয়াকৈ জানিব পৰা মতে, দহ লাখ লিটাৰ পানী সংৰক্ষণ কৰিব পৰা জাইকা পানী যোগান প্ৰকল্পৰ পানী সংৰক্ষণ ভড়ালৰ তিনিটা ভাগৰ মাজৰ ভাগত বৃহৎ ফাট মেলিছে৷ জাইকা পানী যোগান প্ৰকল্প কতৃৰ্পক্ষই বিষয়টো গাপ দিব বিচাৰিছে যদিও এই ঘটনা ইতিমধ্যে পোহৰলৈ আহিছে৷ এইক্ষেত্ৰত এটি বিশেষজ্ঞ অভিযন্তাৰ দ্বাৰা পৰীক্ষা কৰাৰ দাবী উত্থাপন কৰিছে বিভিন্ন দল-সংগঠনে৷ জলবোমাসদৃশ জাইকা পানী যোগান প্ৰকল্পৰ দ্বাৰা যোগান ধৰা পানী জনসাধাৰণৰ সম্পূৰ্ণ সুৰক্ষা নিশ্চিত নোহোৱালৈকে পানী যোগান মুকলি নকৰিবলৈ মুখ্যমন্ত্ৰী তথা স্থানীয় বিধায়ক হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত ৰাইজে দাবী জনাইছে৷

গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৃত্ৰিম বান সন্দৰ্ভত মন্ত্ৰী পীয়ূষৰ বৈঠক

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তাঃ জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই শুকুৰবাৰে জনতা ভৱনৰ নিজ কাৰ্যালয়ৰ সভাকক্ষত বিভাগৰ মুখ্য অভিযন্তাৰ উপস্থিতিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৃত্ৰিম বানপানী সন্দৰ্ভত এখন বিশেষ পৰ্যালোচনা বৈঠকত অংশ লয়৷ বিগত বৰ্ষত মন্ত্ৰীজনে গুৱাহাটী বিশ্ববিদ্যালয় ভ্ৰমণ কৰি কৃত্ৰিম বানপানীৰ বুজ লোৱাৰ লগতে জলসম্পদ বিভাগক জিলা প্ৰশাসনৰ সহযোগত এই সমস্যা সমাধানৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা হাতত ল’বলৈ নিৰ্দেশ দিয়ে৷ ইতিমধ্যে বিভাগৰ ফালৰ পৰাও এই সন্দৰ্ভত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হয়৷ মন্ত্ৰী হাজৰিকাই এইবাৰ বাৰিষা আৰম্ভ হোৱাৰ প্ৰাকক্ষণত বিভাগীয় অভিযন্তা আৰু জিলা প্ৰশাসনৰ বিষয়াৰে বিশ্ববিদ্যালয়খনৰ কৃত্ৰিম বান প্ৰতিৰোধ কৰা সম্পৰ্কত পৰ্যালোচনা কৰে৷ মন্ত্ৰী হাজৰিকাই এই বিষয়ে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰ সৈতে বাৰ্তালাপ কৰে৷  বৈঠকতে মন্ত্ৰীজনে মুখ্য অভিযন্তাৰ পৰা ৰাজ্যখনৰ মথাউৰি আৰু খহনীয়াৰ সামগ্ৰিক পৰিস্থিতিৰ বিষয়ে বুজ লয়৷ আনহাতে, পানীখাইতী, ডিব্ৰুগড় আৰু গোৱালপাৰা চহৰত ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে বিভাগীয় প্ৰয়াস কৰি থকা হৈছে যদিও স্থায়ী সমাধান সন্দৰ্ভত মন্ত্ৰীজনে আইআইটি গুৱাহাটীৰ দৰে প্ৰতিষ্ঠানক গৱেষণাৰ বাবে দায়িত্ব দিয়াৰ পোষকতা কৰে আৰু এই বিষয়ে প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ মুখ্য অভিযন্তাক নিৰ্দেশ দিয়ে৷