Logo
image

চৰকাৰী তথ্য চুৰিত অভিযুক্ত! ট্ৰাম্পৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১০ জুনঃ মাৰ্কিন চৰকাৰৰ গোপন নথি বা তথ্য চুৰি কৰাৰ অপৰাধত অভিযুক্ত হৈছে চৰম বিতৰ্কিত প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প৷ অভিলেখাগাৰ অথবা আৰ্কাইভৰ পৰা ড’নাল্ড ট্ৰাম্পে তেওঁৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকালৰ ম্যাদ শেষ হোৱাৰ পূৰ্বে  অতিশয় সংবেদনশীল চৰকাৰী নথি গোপনে লৈ গৈছিল৷ সেই নথি তেওঁ কেতিয়াও ঘূৰাই নিদিলে৷ এতিয়া ট্ৰাম্পৰ বিৰুদ্ধে তথ্য চুৰিৰ অভিযোগত তদন্ত আৰম্ভ হৈছে আৰু তেওঁৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ ৰুজু হৈছে৷ সেই অভিযোগত অহা মঙলবাৰে ট্ৰাম্প আদালতত উপস্থিত হ’ব লাগিব৷ ২০২১ চনৰ ২০ জানুৱাৰীত ৰাষ্ট্ৰপতি হিচাপে ট্ৰাম্পৰ কাৰ্যকাল শেষ হৈছিল৷ অভিযোগ অনুসৰি হোৱাইট হাউছ এৰাৰ পূৰ্বে ট্ৰাম্পে ব্যক্তিগত চিঠিপত্ৰৰ সৈতে বহু চৰকাৰী গোপন নথি লগত লৈ যায়৷ মাৰ্কিন ‘প্ৰেচিডেন্সিয়েল ৰেকৰ্ডছ এক্ট’ অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ম্যাদ শেষ হোৱাৰ পাছত কোনো চৰকাৰী তথ্য লগত ৰাখিব নোৱাৰে৷ সেয়া ৰাষ্ট্ৰৰ সম্পত্তি হিচাপে আৰ্কাইভ বা অভিলেখাগাৰত জমা ৰখা হয়৷ কিন্তু ট্ৰাম্পে সেই নিয়ম উলংঘা কৰে৷ সেয়ে ট্ৰাম্পৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ ৰুজু কৰি বাইডেন প্ৰশাসনে তদন্ত চলাইছে৷ অভিযোগ অনুসৰি ট্ৰাম্পে সেই গোপন নথি ফ্লৰিডাৰ পাম বীচ্ছত থকা ‘মাৰ-এ-লাগো’ ৰিজ’ৰ্টৰ বাসভৱনত ৰাখি থৈছে৷ এই অভিযোগ প্ৰমাণিত হ’লে ট্ৰাম্পে ২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব৷

ট্ৰাম্পৰ বিৰুদ্ধে হোৱা এই তদন্ত আৰু বিচাৰৰ বিষয়ে তেওঁ নিজেই নিজস্ব ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘ট্ৰ³থ ছ’চিয়েল’ত প্ৰকাশ কৰিছে৷ তেওঁ জনায় যে, জো বাইডেন প্ৰশাসনে তেওঁৰ অধিবক্তাক এই অভিযোগৰ বিষয়ে জনাইছে আৰু মঙলবাৰে মায়ামি আদালতত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে৷ উল্লেখ্য, এফ বি আই সূত্ৰ অনুসৰি ২০২১ চনৰ মাজভাগত অভিলেখাগাৰত পৰীক্ষা কৰোতে গুৰুত্বপূৰ্ণ বহু নথি হেৰোৱাৰ কথা পোহৰলৈ আহে আৰু সেয়া ট্ৰাম্পে লৈ যোৱা বুলি হোৱাইট হাউছৰ বিশ্বস্ত কৰ্মচাৰীয়ে প্ৰকাশ কৰে৷ পাছত এফ বি আয়ে ২০২২ চনৰ জানুৱাৰীত ট্ৰাম্পৰ ফ্লৰিডাৰ বাসভৱনৰ পৰা ১৫ ট্ৰাংক গোপন আৰু গুৰুত্বপূৰ্ণ চৰকাৰী নথি উদ্ধাৰ কৰে৷ পৰৱৰ্তী সময়ত পুনৰ অভিযান চলোৱাত ট্ৰাম্পৰ বাসভৱনৰ পৰা আৰু ৩৩টা বাকচত ১১,০০০ চৰকাৰী নথি উদ্ধাৰ হয়৷ মুঠ উদ্ধাৰ হোৱা নথিৰ ৩০০টা অতি গোপনীয় বুলি এফবিআয়ে মায়ামি আদালতত অভিযোগনামা দাখিল কৰিছে৷ উল্লেখ্য, ইয়াৰ পূৰ্বে পৰ্ণ তাৰকাক যৌন সম্ভোগৰ বিষয়ে মুখ বন্ধ ৰাখিবলৈ উপঢৌকন দিয়া, আয়কৰ জালিয়াতি, এগৰাকী নিবন্ধকাৰক বলাৎকাৰ ইত্যাদিৰ অভিযোগত দোষী সাব্যস্ত হোৱা ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰাছিয়াৰ হস্তক্ষেপৰ তথ্য প্ৰকাশ পাইছিল৷ সেই নথিৰ নাম আছিল ‘ৰিপাব্লিকান মেমো’৷ তেওঁ মুঠতে মাৰ্কিন আদালতত ৩৪টা গুৰুতৰ অভিযোগত অভিযুক্ত হৈ আছে৷