Logo
image

ডায়েবেটিছত ভূগিছে?, জামু খাওক উপকাৰ পাব

ডায়েবেটিছত আক্ৰান্ত হ’লে খাদ্যৰ ক্ষেত্ৰত বিভিন্ন বাধা আহি পৰে৷ ফলত খাদ্যক লৈ আক্ৰান্ত লোকজনৰ দুঃশ্চিন্তা বাঢ়ে৷ এইবিধ ৰোগত ভুগিলে বেছিভাগ ফলমূল ৰোগীৰ বাবে উপযোগী নহয়৷ যাৰ বাবে বতৰৰ ফল খোৱাৰ পৰা ডায়েবেটিছত আক্ৰান্তজন বঞ্চিত হ’বলগীয়া হয়৷ গ্ৰীষ্মকালক ফলৰ বতৰ বুলি কোৱা হয়৷  এই সময়ত বজাৰত উভৈনদী হৈ থাকে বিধে বিধে ৰসাল ফল৷ পিছে এই বতৰৰ ফল খোৱাৰ ক্ষেত্ৰত ডায়েবেটিছত আক্ৰান্তজন সতৰ্ক নহ’লে হিতে বিপৰীত হ’ব পাৰে৷ অৱশ্যে বিভিন্ন গৱেষণাত জামুৱে  ডায়েবেটিছ নিয়ন্ত্ৰণ কৰে বুলি প্ৰমাণিত হৈছে৷ সেয়ে জামু খোৱাৰ ক্ষেত্ৰত ডায়েবেটিক ৰোগীৰ বাবে বাধা নাথাকে৷ জামুৰ গুটিও ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী৷ গ্ৰীষ্মৰ বজাৰত আম-কঁঠালৰ দৰেই জামুও উভৈনদী হয়৷ এইবিধ ফলৰ গুটি বা বীজ আৰু পাতো বিভিন্ন ঔষধত প্ৰয়োগ কৰা হয়৷ এনেক্ষেত্ৰত গৰমৰ দিনকেইটাত ফলমূল বুলি ক’লে ডায়েবেটিছত আক্ৰান্ত লোকে জামুৰ ওপৰত নিৰ্ভৰশীল হ’ব পাৰে৷ আয়ুৰ্বেদ শাস্ত্ৰমতে জামুৰ গুটি গুৰি কৰি খালে ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণত থাকে৷
- জামুৰ গুটিত জাম্বুলিন নামৰ এবিধ উপাদান থাকে৷ এই উপাদানে  তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে৷ আনহাতে জামুৰ গুটিত প্ৰোফাইলেকটিক নামৰ আন এবিধ উপাদান থাকে, যি বিধে হাইপাৰগ্লাইছেমিয়া প্ৰতিৰোধত সহায় কৰে৷ 
- জামুত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট থাকে৷ যিটো ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী৷

জামুৰ গুটি কেনেদৰে ব্যৱহাৰ কৰিব --

- প্ৰথমে গুটিবোৰ বাহিৰ কৰি লওক৷ 
- গুটিকেইটা ভালদৰে ধুই এখন শুকান কাপোৰত লৈ ৰ’দত মেলি দিয়ক৷ এইদৰে তিনি-চাৰিদিনমান ৰাখক৷ 
- গুটিকেইটা ভালদৰে শুকোৱাৰ পাছত খোলাটো আঁতৰাই তাৰ মূল অংশটো উলিয়াই এটা পাত্ৰত ৰাখক৷
- এইবাৰ বীজৰ ভিতৰৰ অংশ পুনৰ ৰ’দত শুকাই লওক৷
- ভালকৈ শুকোৱাৰ পাছত গুড়ি কৰি লওঁক৷
- জামুৰ গুটিৰ এই গুড়ি বহুদিনলৈকে সংৰক্ষণ কৰি ৰাখিব পৰা যায়৷ দৈনিক খালী পেটত এগিলাচ গাখীৰ অথবা পানীৰ সৈতে মিহলাই এই গুড়ি খালে ডায়েবেটিছৰ লগতে আন বহু ৰোগৰ পৰা হাত সাৰি থাকিব পৰা যায়৷