Logo
image

গুৱাহাটী শোধনাগাৰত অঘটনঃ গাত খান্দি থাকোঁতে মাটি খহি শ্ৰমিকৰ মৃত্যু, এজন আহত

ডিজিটেল সংবাদ, গুৱাহাটীঃ মহানগৰীৰ নুনমাটিস্থিত গুৱাহাটী শোধনাগাৰৰ ভিতৰত শনিবাৰে সংঘটিত হয় এক অঘটন। শোধনাগাৰৰ ভিতৰত গাতৰ পৰা মাটি উঠাই থকা অৱস্থাত গুৰুতৰভাৱে আহত দুজন শ্ৰমিক। ততাতৈয়াকৈ শোধানাগাৰৰ কৰ্তৃপক্ষই অতি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে শ্ৰমিক দুজনক।

জানিব পৰা মতে, গুৰুতৰভাৱে আহত হোৱা শ্ৰমিক জনৰ নাম কৰিম আলী। ইতিমধ্যে গুৰুতৰভাৱে আহত কৰিম আলীৰ চিকিৎসালয়ত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। মৃত শ্ৰমিক জন মৰিগাঁৱৰ বুলি জানিব পৰা গৈছে। ইপিনে আনজন শ্ৰমিকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে নিকণ নামৰ প্ৰতিষ্ঠান এটাই ৰজনী কলিতা নামৰ এজন লোকক ঠিকা দিছিল মাটিৰ গাতৰ কামৰ কৰাৰ বাবে। ঘটনাক কেন্দ্ৰ কৰি শোধনাগাৰৰ মূল প্ৰৱেশদ্বাৰত শ্ৰমিকসকলে প্ৰতিবাদ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। নিহত শ্ৰমিকক ক্ষতিপূৰণ দিবলৈ শ্ৰমিক তথা চি আই টি ইউ য়ে প্ৰশাসনৰ ওচৰত দাবী জনাইছে।