Logo
image

প্ৰেমপাশেৰে মোহাবিষ্ট কৰি অৰূপ, ধনটিক হত্যাত জড়িত কৰিছিল বন্দনাই

‘আমাৰ অসম’, ১১ জুনঃ প্ৰেমসূত্ৰে হোৱা বিবাহত যেতিয়া ঘূণে ধৰে, তেতিয়াই সম্পৰ্কত ফাট মেলিবলৈ আৰম্ভ কৰে৷ প্ৰেমে স্বামী-স্ত্ৰীৰ মাজত ঘৃণাৰ ৰূপ ল’লেই এজনে আনজনৰ বাবে বিপজ্জনক হৈ উঠে৷ বহু সময়ত আদৰ্শ স্বামীয়ে সতী পত্নীক এৰি আন যুৱতীক শয্যাসংগী কৰিবলৈ লয় আৰু সাদৰৰ পত্নীয়েও প্ৰাণৰ স্বামীৰ জ্ঞাতে বা অজ্ঞাতে আন পুৰুষৰ যেন মৰম আদায় কৰিব বিচাৰে৷ ৰাজ্য কঁপোৱা গুৱাহাটীৰ চাঞ্চল্যকৰ স্বামী-শাহু ডাবল মাৰ্ডাৰ-কাণ্ডৰ অভিযোগনামাত এনে এক ভয়ংকৰ তথ্যই উন্মোচন হৈছে৷  গুৱাহাটীৰ নুনমাটিৰ শংকৰী দে’ আৰু অমৰজ্যোতি দে’ৰ হত্যাকাণ্ডৰ গোচৰত নুনমাটি আৰক্ষীয়ে কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত দাখিল কৰা ২৮ পৃষ্ঠাৰ অভিযোগনামাৰ পাতে পাতে বোৱাৰী তথা পত্নী বন্দনা কলিতাৰ নৃশংসতাৰ ভয়ংকৰ কাহিনী উন্মোচন হৈছে৷ স্বামী অমৰজ্যোতি দে’ৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কত ফাট মেলাত বন্দনাই ফেচবুকত নতুন প্ৰেমিকৰ সন্ধান কৰি চলনাৰে মোহাবিষ্ট কৰিছিল পাচলি বিক্ৰেতা অৰূপ ডেকা আৰু কেব চালক ধনটি ডেকাক৷ অভিযোগনামাত উল্লেখ কৰা অনুসৰি ঘাটক বন্দনা কলিতাই গুৱাহাটীৰ চানমাৰি যোগমায়া এপাৰ্টমেণ্টৰ বাসিন্দা অৱসৰপ্ৰাপ্ত কৰ্মচাৰী শংকৰী দে’ৰ একমাত্ৰ পুত্ৰ অৰূপজ্যোতি দে’ৰ লগত কলেজত পঢ়ি থকাৰ সময়তে ১২ বছৰ পূৰ্বে প্ৰেমজনিত বিবাহ পাশত আবদ্ধ হৈছিল৷ প্ৰথম অৱস্থাত শংকৰী দে’য়ে এই বিবাহত সন্মতি জনোৱা নাছিল যদিও বিবাহৰ প্ৰায় ৮ বছৰৰ পাছতহে বোৱাৰী হিচাপে আকোঁৱালি লৈছিল বন্দনাক৷ কিন্তু বিবাহৰ প্ৰথম এক-দুই বছৰ ভালদৰে অতিবাহিত হৈছিল যদিও লাহে লাহে স্বামী অমৰজ্যোতিৰ বন্দনাৰ প্ৰতি প্ৰেম-আদৰ নোহোৱা হৈ আহিবলৈ ধৰিছিল৷ বন্দনাই কেন্দ্ৰীয় ফৰেনচিক মনোবিজ্ঞানীৰ আগত স্বীকাৰ কৰা অনুসৰি অমৰজ্যোতিয়ে ড্ৰাগ্‌ খাবলৈ লোৱাৰ লগতে বহু যুৱতীক শয্যাসংগী কৰিবলৈ ধৰিছিল৷ স্বামীৰ এই ৰূপ দেখি বন্দনাই নিজৰ কেৰিয়াৰ গঢ়িবলৈ শাহু শংকৰী দে’ৰ আৰ্থিক সহায় লৈ জীম যাবলৈ আৰম্ভ কৰে৷ কিন্তু বন্দনাই যেতিয়া নিজাকৈ এটা জীম খোলাৰ বাবে শংকৰী দে’ক টকা বিচাৰিছিল, শাহুৱেক শংকৰী দে’য়ে নানা অজুহাতেৰে ধন দিব বিচৰা নাছিল৷ ইফালে, শংকৰী দে’ৰ নুনমাটি, লালগণেশ, চানমাৰিৰ ফ্লেটৰ ভাৰাও বন্দনাক উঠাবলৈ দিয়া নাছিল৷ ইয়াৰ মাজতে ফেচবুকত অনামিকা নাম লৈ ভুৱা একাউণ্ট খুলি খানাপাৰাৰ পাচলি বেপাৰী অৰূপ ডেকাৰ সৈতে পৰিচয় হৈছিল৷ আনহাতে কলেজীয়া বন্ধু আৰু কেব চালক ধনটি ডেকাৰ সৈতেও ঘনিষ্ঠ হৈ পৰিছিল বন্দনা৷ চতুৰ বন্দনাই মনোবিজ্ঞানীৰ জেৰাত অৰূপ আৰু ধনটিৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ কথা অস্বীকাৰ কৰিলেও, অৰূপ আৰু ধনটিয়ে বন্দনাৰ সৈতে প্ৰেমজনিত সম্পৰ্ক গঢ় লৈ উঠাৰ কথা স্বীকাৰ কৰিছে৷ অৰ্থাৎ একে সময়তে দুয়োজন যুৱকক প্ৰেমৰ হাঁহিৰে মোহাচ্ছন্ন কৰি ৰাখিছিল বন্দনাই৷ অৰূপে মনোবিজ্ঞানীৰ আগত স্বীকাৰ কৰা অনুসৰি ফেচবুকত চিনাকি হৈ অনামিকা ওৰফে বন্দনাক ভাল পাবলৈ লৈছিল যদিও বিবাহিত বুলি জানি পাছলৈ সেই সম্পৰ্ক বন্ধুত্ব হিচাপে ধৰি ৰাখিছিল৷ আনহাতে, ধনটিয়েও মনোবিজ্ঞানীৰ জেৰাত বন্দনা কলিতাৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ কথা স্বীকাৰ কৰিছে৷ অৱশ্যে, ধনটি আৰু অৰুপ দুয়োজনে ইজনে-সিজনৰ বন্দনাৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ কথা জ্ঞাত নাছিল বুলিও অভিযোগনামাত উল্লেখ কৰিছে৷ ইফালে, স্বামী আৰু শাহুৰ পৰা অৱহেলিত হৈ ধন আৰু সম্পত্তিৰ লালসাত হত্যাৰ পৰিকল্পনা কৰিছিল বন্দনাই৷ পূৰ্বে পৰিকল্পিতভাৱে দুয়োটা হত্যাকাণ্ডতে বন্দনাই সহায় লৈছিল অৰূপ আৰু ধনটিৰ৷ নিজকে বাৰে বাৰে ভুক্তভোগী বুলি দাবী কৰিলেও বন্দনা কলিতাই শংকৰী দে’ আৰু অমৰজ্যোতি দে’ক হত্যা বন্দনাৰে মিলি কিদৰে কৰিছিল তাৰ শিহৰণকাৰী বৰ্ণনা কৰিছে অৰূপ আৰু ধনটিয়ে৷ পৰকীয়া প্ৰেমক স্থায়ী ৰূপ দিয়া আৰু সম্পত্তিৰ মোহতেই শাহু আৰু স্বামীক হত্যা কৰিছিল বন্দনাই৷ অভিযোগনামাত প্ৰকাশ কৰা অনুসৰি– শংকৰী দে’ক হত্যা কৰি তিনি টুকুৰা কৰাৰ বিপৰীতে অমৰজ্যোতি দে’ক হত্যা কৰি প্লাষ্টিকেৰে মেৰিয়াই চাৰি টুকুৰা কৰি বস্তাত ভৰাই মেঘালয়ৰ পাহাৰৰ পৰা পেলাই দিছিল৷ ২৬ জুলাইত শংকৰী দে’ক যোগমায়া এপাৰ্টমেণ্টৰ ভিতৰতে হত্যা কৰিছিল বন্দনা আৰু দুই সহযোগীয়ে৷ সন্ধিয়া ৬.৩০ বজাত বন্দনাৰ লগতে অৰূপ আৰু ধনটি আহিছিল শংকৰী দে’ৰ ফ্লেটলৈ৷ ফ্লেটৰ ভিতৰতে মুখৰ ভিতৰত কাপোৰ সুমুৱাই শংকৰী দে’ক অচেতন কৰিছিল অৰূপ আৰু ধনটিয়ে৷ ইয়াৰ পাছতেই অচেতন শংকৰী দে’ক বাথৰূমলৈ চোঁচৰাই নি চুৰীৰে পেট-বুকুত খুঁচি নিজ হাতে হত্যা কৰিছিল বন্দনাই৷ মৃতদেহৰ পৰা তেজ বাগৰি নোযোৱাৰ বাবে ব্লেংকেটেৰে মেৰিয়াই পেলাইছিল শংকৰী দে’ৰ মৃতদেহৰ টুকুৰা তিনিটা৷ ইয়াৰ পাছতেই প্লাষ্টিকেৰে মেৰিয়াই বস্তাত ভৰাই শংকৰী দে’ৰ মৃতদেহ ধনটি ডেকাৰ কেবত তুলি মেঘালয়ৰ ৰি-ভয় জিলাৰ টোলপ্লাজা পাৰ হৈ পূব খাচি পাহাৰ জিলাৰ এটা স্থানৰ পৰা তললৈ পেলাই দিছিল৷ আনহাতে, শংকৰী দে’ক হত্যা কৰি অৰূপ আৰু ধনটিয়ে চানমাৰীৰ ফ্লেটত সুৰাপানো কৰিছিল৷ একে পন্থাৰে ১৬ আগষ্টত অমৰজ্যোতি দে’কো বন্দনা কলিতাই ধনটি-অৰূপৰ সহায়ত  নুনমাটিৰ ঘৰত হত্যা কৰি মেঘালয়ৰ আন এটা স্থানত পেলাই দিছিল৷ আৰক্ষীয়ে মেঘালয়ৰ পাহাৰৰ পৃথক পৃথক স্থানৰ পৰা উদ্ধাৰ কৰা মৃতদেহৰ অংশৰ এটা পুৰুষ আৰু আনটো বৃদ্ধা মহিলাৰ বুলিও ফৰেনচিক প্ৰতিবেদনত প্ৰকাশ পাইছে৷ অৱশ্যে মনোৰোগ বিশেষজ্ঞই বন্দনা কলিতা মানসিকভাৱে সুস্থ বুলিও প্ৰতিবেদন দাখিল কৰিছে৷ ইফালে কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত বন্দনা কলিতাৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ শনিবাৰে শুনানিৰ বাবে আদালতত হাজিৰ কৰাৰ সময়ত বন্দনা কলিতাই শাহু শংকৰী দে’ আৰু স্বামী অমৰজ্যোতি দে’ক হত্যা কৰা নাই বুলি দাবী কৰে৷ এই সকলো অভিযোগ মিছা বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে বন্দনাই৷ আনহাতে বন্দনা কলিতাই জামিন বিচাৰিও আদালতত আবেদন জনাইছে৷