Logo
image

জুবিন গাৰ্গক মঞ্চৰ পৰা মাইক্রফোন দলিয়াই দিয়াৰ দৰে আচৰণ নকৰিবলৈ আহ্বান

ডিজিটেল সংবাদ, গুৱাহাটীঃ "যুৱ প্ৰজন্মৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক নৱ প্ৰজন্মই অনুকৰণ কৰে। জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক মঞ্চৰ পৰা মাইক্রফোন দলিয়াই দিয়াৰ দৰে আচৰণ নকৰিবলৈ আমি আহ্বান জনালোঁ৷" এইদৰে কয়, ছাউণ্ড ছিষ্টেম প্ৰভাইদ্বাৰছ এছ'চিয়েচন অৱ অসম (এছ এছ পি এ এ )ৰ সাধাৰণ সম্পাদক ফুকন আলীয়ে। দেওবাৰে দিছপুৰ প্ৰেছ ক্লাবত এছ'চিয়েচনৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত তেওঁ লগতে কয় যে জনপ্ৰিয়  শিল্পী জুবিন গাৰ্গ যাক অসমবাসী ৰাইজে হিয়াৰ আমঠু, নয়নৰ মণি বুলি সম্বোধন কৰে, তেওঁক আমি সদায় অশেষ মৰম আৰু সন্মান জনাই আহিছো। দুৰ্ভাগ্যবশত ৩ জুনত লখৰাত অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে মঞ্চত অনুষ্ঠান পৰিৱেশন কৰি থাকোতে হঠাৎ সহঃশিল্পীগৰাকীৰ হাতৰ পৰা মাইক্রফোনটো কাঢ়ি আনি দৰ্শক ৰাইজৰ মাজলৈ দলিয়াই দিয়ে। এই কাৰ্যটোত আমি গভীৰ উদ্বেগ প্রকাশ কৰিছোঁ আৰু অসমৰ শব্দযন্ত্ৰৰ মালিকসকলে বৰ আঘাট পাইছে। মাইক্রফোনটো দলিয়াই নিদি যদি ভাল কৰি বা অন্য এটা দিবলৈ ক'লেহেঁতেন এটা মানৱতাৰ নিদৰ্শন দাঙি ধৰা হলহেঁতেন। মেচিনাৰী সামগ্ৰী যান্ত্ৰিক বিজুতি হোৱাটো স্বাভাবিক কথা। আমি যাত্ৰা কৰা গাড়ীখন যান্ত্ৰিক বিজুতি ঘটিব পাৰে, আমি ব্যৱহাৰ কৰা মোবাইল ফোনটোৱেও নেটৱৰ্ক নাপাবও পাৰে৷ সেইবাবে আমি দলিয়াই বা ভাঙি পেলাম নেকি?

লগতে তেওঁ কয় যে সেয়েহে অসমৰ শিল্পীসমাজ আৰু নতুন প্ৰজন্মৰ শিল্পীসকলৈ বিনম্ৰ অনুৰোধ কৰিছোঁ যাতে এনেকুৱা কাৰ্যৰ পৰা বিৰত থাকে। লগতে সমূহ ছাউণ্ড ছেটৰ মালিক পক্ষ আৰু শিল্পী সমাজৰ মাজত সু-সম্পর্ক থাকে৷ যিহেতু সংগীতানুষ্ঠান এটা শব্দযন্ত্ৰৰ ওপৰতে নিৰ্ভৰ কৰে। কোনো ছাউণ্ডৰ মালিক, অপাৰেটৰ, কলা-কুশলীয়ে কোনো অনুষ্ঠান বেয়া কৰিম বুলি নকৰে৷ কেতিয়াবা যান্ত্ৰিক বিজুতি ঘটিব পাৰে। শেষত আকৌ আমি বিশেষভাৱে আহ্বান জনালোঁ যাতে কোনো শিল্পীয়ে বা ব্যাক্তিয়ে এনে আচৰণ নকৰে। সংবাদ মেলত এছ'চিয়েছনৰ সভাপতি বিপুল দাস, উপদেষ্টা প্ৰাঞ্জল কুমাৰ ডেকা, উপ-সভাপতি কিশোৰ কুমাৰ শৰ্মা, কোষাধ্যক্ষ অমিয় শৰ্মা, কাৰ্যবাহী সদস্য সঞ্জীত দাস, মুনিন্দ্ৰ লহকৰ, ধ্ৰুৱজ্যোতি পাঠক, ইউনুছ আলি আদি উপস্থিত থাকে।