Logo
image

কথাত কটা যায় কথাত বঁটা যায়

ৰাজনৈতিক নেতা-মন্ত্ৰীয়ে সময়ে সময়ে অদ্ভূত, উদ্ভট আৰু অপ্ৰাসংগিক মন্তব্য কৰাটো নতুন কথা নহয়৷ নিৰ্বাচনী বতৰত নিজৰ দলীয় প্ৰাৰ্থী বা সহযোগী দলৰ প্ৰাৰ্থীৰ সপক্ষে বক্তৃতা প্ৰদানৰ সময়ত বহু নেতা-মন্ত্ৰীয়ে সকলো সীমা চেৰাই বিৰোধী পক্ষক আক্ৰমণ কৰে যি কেতিয়াবা সামগ্ৰিকভাৱে সমাজখনৰো ক্ষতি কৰে৷ সদ্য সমাপ্ত কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ সময়তো কেন্দ্ৰীয় নেতা-মন্ত্ৰীৰ লগতে কংগ্ৰেছৰ পক্ষইও নিৰ্বাচনী সভাসমূহত পৰম্পৰক বাক্যবাণেৰে  আক্ৰমণ কৰি পৰিস্থিতি উত্তপ্ত কৰি তুলিছিল৷ বিজেপিয়ে কেন্দ্ৰত শাসনলৈ অহাৰ পৰা নিজৰ ভোট বেংক সুৰক্ষিত কৰাৰ স্বাৰ্থত ধৰ্মীয় মেৰুকৰণক অধিক গুৰুত্ব দিবলৈ আৰম্ভ কৰিলে যাৰ ফলত বহু নেতাৰ ভাষণ, মন্তব্যত বিতৰ্কিত কথাই অগ্ৰাধিকাৰ লাভ কৰিলে৷ সমান্তৰালকৈ একাংশ মুছলিম নেতায়ো নিজৰ স্বাৰ্থসিদ্ধি কৰাৰ বাবে ভোটবেংক অটুত ৰখাৰ উদ্দেশ্যে বিভিন্ন তৰল মন্তব্য কৰিবলৈ ল’লে৷ অসমত এআইইউডিএফৰ নেতা, সাংসদ বদৰুদ্দিন আজমলে মাজে সময়ে সীমা চেৰাই গৈ মন্তব্য কৰি বিভিন্ন বিতৰ্কৰ সূত্ৰপাত ঘটায়৷ বিতৰ্কিত, তৰল মন্তব্য কেৱল ৰাজনৈতিক নেতা, মন্ত্ৰী-বিধায়কেহে যে কৰে এনে নহয়৷ বিভিন্ন সংগঠনৰ নেতাইও নিজা দাবীৰ সমৰ্থনত কেতিয়াবা এনে কেতবোৰ মন্তব্য কৰে যি সমাজৰ বাবে বহু সময়ত ক্ষতি কৰে৷ আলফাৰ শীৰ্ষ নেতা পৰেশ বৰৱাইও বৰ্তমান সময়ত বিভিন্ন উক্তি, মন্তব্যৰে নিজৰ স্থিতি বজাই ৰাখিছে৷ উল্লেখ্য এনেদৰে সময়ে সময়ে ৰাজনৈতিক নেতা, মন্ত্ৰীৰ পথ বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়ে কৰা মন্তব্য, বক্তব্য আদি সংবাদ মাধ্যম, সামাজিক মাধ্যম যোগেদি প্ৰচাৰিত হোৱাৰ পিছত কিছুদিনলৈ ইয়াক লৈ ক্ৰিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু ক্ৰমান্বয়ে এইবোৰ পাহৰণিৰ গৰ্ভত লোপ পায়৷ বৰ্তমান গ্ৰীষ্মপ্ৰবাহে ৰাইজৰ জীৱন অতিষ্ঠ কৰি তোলাৰ সময়তে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে মন্তব্য কৰিলে যে মাজে সময়ে ফেনত নাথাকি  গছৰ তলত থাকি বিদ্যুৎ বচাব পাৰি৷ বিধানসভাৰ অধ্যক্ষগৰাকীয়ে আত্মপক্ষ সমৰ্থন  কৰিবলৈ গৈ পুনৰবাৰ লোভেই মানুহৰ উন্নতিৰ মূল বুলি মত প্ৰকাশ কৰি মানুহক লুভীয়া হ’বলৈ পৰামৰ্শ দিছে৷ অধ্যক্ষগৰাকীৰ মন্তব্যৰ অন্তৰালৰ কথা যুক্তিৰ পোনপটীয়াকৈ নস্যাৎ নকৰিলেও তেওঁ কৰা তৰল উপস্থাপনেৰে বিতৰ্কৰ সূত্ৰপাত ঘটাইছে বুলি ক’ব পাৰি৷ ‘লোভ’ আৰু ‘ইচ্ছা’ক এজাহাৰ কৰি মানুহক লোভী হ’বলৈ গ্ৰহণ বিধানসভাৰ অধ্যক্ষই পৰামৰ্শ দিয়াটো সমীচিতনে? লোভেই পাপ, মানেই মৃত্যু এই উক্তিক সম্পূৰ্ণ অপ্ৰাসংগিক কৰি লোভেই উন্নতিৰ মূল বুলি কোৱাটো গ্ৰহণযোগ্যনে? তাৎপৰ্যপূৰ্ণভাৱে বৰ্তমানৰ অসমৰ মন্ত্ৰী-নেতাই দুখীয়া হোৱাটো পূৰ্ব জন্মৰ পাপৰ ফল আলুৰ দাম বাঢ়িছে, পিঁয়াজ ভজা খাওক, বস্তুৰ দাম বাঢ়িছে নিকিনাকৈ থাকক আদি মন্তব্য কৰি হাঁহিয়াতৰ পাত্ৰ হৈছে৷ মন্ত্ৰী-বিধায়কসকল হ’ল লক্ষ লক্ষ নাগৰিকৰ প্ৰতিনিধি৷ তেওঁলোকৰ ওপৰত ন্যস্ত থাকে বিভিন্ন সমস্যা সমাধানৰ দায়িত্ব, উন্নয়নমূলক কাম-কাজ চলাই সমাজত উন্নতি সাধন কৰাৰ দায়িত্ব! এইসকল লোকৰ আচাৰ-ব্যৱহাৰ, নেতৃত্ব, দক্ষতা, নিষ্ঠা, সততা, দায়বদ্ধতাৰ ওপৰত নিৰ্ভৰ কৰে সমস্যাজৰ্জৰ ৰাজ্যখনৰ ভৱিষ্যত! সাম্প্ৰতিক সময়ত অসমত নিবনুৱা সংস্থাপন, মূল্যবৃদ্ধি, বিভিন্ন আৰ্থ-সামাজিক সমস্যা আদিয়ে জোকাৰি গৈছে৷ চৰকাৰে স্বচ্ছতাৰে, নিকা প্ৰক্ৰিয়াৰে বহু যুৱক-যুৱতীক চাকৰিত মকৰল কৰিছে যদিও লাখ লাখ নিবনুৱা থকা ৰাজ্যখনও নিবনুৱা সমস্যা চাকৰিয়ে সমাধান কৰিব নোৱাৰে৷ ঔদ্যোগীকৰণ, ষ্টাৰ্ট-আৰ্প, উদ্যমিতা, স্ব-নিয়োজন আদি সঠিকভাৱে কাৰ্যকৰী কৰিব নোৱাৰিলে ৰাজ্যৰ পৰিস্থিতিৰ অৱনতি ঘটাটো নিশ্চিত৷ শাসনাধিষ্ঠ চৰকাৰৰ মন্ত্ৰী-বিধায়ক প্ৰশাসন একত্ৰিত হৈ সু-সমন্বক, সু-পৰিকল্পনাৰে সঠিকভাৱে বিভিন্ন আঁচনি, প্ৰকল্প, কাৰ্যকৰী কৰিলেহে বিকাশৰ পথ সূচল হ’ব৷ এনে এক জটিল সন্ধিক্ষণত এইবিলাক বিষয়ত অধিক গুৰুত্ব আৰোপ কৰাৰ পৰিৱৰ্তে তুলুঙা, পাতল কথা, উদ্ভট মন্তব্যৰে নিজকে হাঁহিয়াতৰ পাত্ৰ কৰাৰ লগতে ৰাইজৰ দৃষ্টিত আস্থাহীন কৰি তুলিছে একাংশ মন্ত্ৰী, নেতাই৷ প্ৰণিধানযোগ্য ২০২৪ চনত  অনুষ্ঠিত হ’ব লোকসভাৰ নিৰ্বাচন৷ এনে সময়ত নেতা-মন্ত্ৰীসকলে কৰা কাণ্ড-কাৰখানাই দলৰ ক্ষতি কৰাৰ সম্ভাৱনাকো নুই কৰিব নোৱাৰি৷ কথাত কটা যায়, কথাত বঁটা যায়৷ এই কথাবোৰ জনপ্ৰতিনিধিৰ পৰা দল-সংগঠনৰ নেতা-সকলোৱে উপলব্ধি কৰাটো তেওঁলোকৰ বাবেই মংগল!