Logo
image

ছিগিল নোৱা নৈৰ মথাউৰি! গহপুৰ, নলবাৰী কলাইগাঁও বুৰ গ’ল বছৰৰ প্ৰথমটো বানতে

‘আমাৰ অসম’, ১২ জুনঃ এফালে ভূটানৰ পৰা নামি অহা পানী আৰু আনফালে কৃত্ৰিম বান৷ ৰাজ্যৰ বিভিন্ন ঠাইত বছৰটোৰ প্ৰথমটো বানে কাৰ্যতঃ তাণ্ডৱ চলাইছে৷ প্ৰৱল বৰষুণৰ ফলত ভূটানৰ নদী পানীৰে উপচি পৰিছে৷ অতিৰিক্ত পানী নামি আহিছে অসমলৈ৷ সেইবাবেই ৰাজ্যৰ কেইবাঠাইতো ভূটানৰ পানীয়ে ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, পথাৰ আদি জলমগ্ন কৰিছে৷ ইপিনে, গুৱাহাটীকে ধৰি বিভিন্ন ঠাইত কৃত্ৰিম বানে  ৰাইজক জোলোকা-জোলোকে পানী খুৱাইছে৷ যোৱা নিশা ভূটানত প্ৰৱল বৰষুণ হোৱাৰ ফলত নোৱা নদীত সৃষ্টি যোৱা বানে গেৰুৱা গাঁও, শিংৰিমাৰী আৰু উদমাৰীত মথাউৰি ছিঙি বিস্তৰ ক্ষতি কৰে৷ নোৱা নদীৰ বাঢ়নী পানী শিঙৰিমাৰীত মঙলদৈ ভূটীয়াচাং পথৰ ওপৰেৰে বৈ যোৱাত প্ৰশাসনে কিছু সময়ৰ বাবে পথটিত যান-বাহনৰ যাতায়াত বন্ধ কৰি দিয়ে৷ কলাইগাঁও মাজমজিয়াৰ দেওবৰীয়া সাপ্তাহিক বজাৰখন হঠাৎ অহা নোৱা নদীৰ বানৰ বাবে বজাৰ বন্ধ হৈ পৰে৷ ইফালে গেৰুৱা, উদমাৰী আৰু শিংৰিমাৰীত কৃষকৰ শালিধানৰ কঠীয়া ক্ষতি সাধন কৰে৷ ইপিনে ভেৰগাঁও মহকুমাধিপতি পল্লৱী কছাৰীয়ে কলাইগাঁৱত বানে ক্ষতি কৰা অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষয়ক্ষতিৰ বুজ লয়৷

এজাক বৰষুণতে বুৰিল গহপুৰ নগৰ

‘আমাৰ অসম’ৰ গহপুৰৰ প্ৰতিবেদকঃ পথ নিৰ্মাণ কোম্পানীৰ পৰিকল্পনা বিহীন অদূৰদৰ্শিতাৰ বাবে এজাক বৰষুণতে কৃত্ৰিম বানত ডুবিল গহপুৰ নগৰৰ একাংশ৷ আজি পুৱতি নিশাৰ পৰা দিয়া বৰষুণৰ ফলত গহপুৰ নগৰৰ চত্ৰং, কুকুৰজান নৈকে ধৰি মহকুমাটোৰ নৈ-জান-জুৰিৰ পানীৰে উপচি পৰাৰ লগতে কাষৰীয়া বহু ঠাই বুৰাই পেলায়৷ বিশেষকৈ গহপুৰ নগৰৰ মাজেৰে বৈ যোৱা চত্ৰং আৰু কুকুৰজান নৈ ফেনেফুটুকাৰে বাঢ়ি আহি গহপুৰ নগৰৰ মাজমজিয়া ট্ৰেফিক পইণ্ট হাস্পতাল ৰোডৰ লগতে অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ কাষৰীয়া স্থানসমূহ প্লাৱিত হয়৷ ডিচিচি নামৰ পথ নিৰ্মাণকাৰী সংস্থাটোৱে  পৰিকল্পনা বিহীনভাৱে গহপুৰ নগৰত পথ নিৰ্মাণৰ লগতে নলা-নৰ্দমা নিৰ্মাণৰ ফলত নগৰখনৰ মাজ মজিয়া কৃত্ৰিম বানত বুৰ যাব লগা হয় বুলি স্থানীয় দল-সংগঠন তথা ব্যৱসায়ীসকলে অভিযোগ তুলিছে৷ পথ নিৰ্মাণকাৰী সংস্থাটোৱে চাৰিলেন যুক্ত পথ নিৰ্মাণ কৰাৰ লগতে পথটো কাষেৰে পানী ওলাই যাবলৈ পকী নলা নিৰ্মাণ কৰি  নলাটোৰে চত্ৰং আৰু কুকুৰজান নৈত পেলোৱাৰ ব্যৱস্থা কৰে যদিও  পৰিকল্পনা বিহীনভাবে নিৰ্মাণ কৰা নলাটোৰে পানী ওলাই যোৱাৰ পৰিৱৰ্তে সোমাই আহে৷ নিশা হোৱা বৰষুণৰ ফলত কুকুৰজান নৈ ফেনেফুটুকাৰে বাঢ়ি অহা পানী পকী নলাৰে আজি পুৱাৰ ভাগত সোমাই আহি গহপুৰ নগৰৰখনৰ বৰপুখুৰীৰৰ কনকলতা মুকুন্দ কাকতি উদ্যানৰ কাষৰ পৰা চত্ৰং নৈৰ পাৰলৈ গহপুৰ দৈনিক বজাৰ হাস্পতাল ৰোড বুৰাই পেলায়৷ কৃত্ৰিম বানত পথচোৱা বুৰ যোৱাত ব্যৱসায়ীসকল অসুবিধাত পৰাৰ লগতে ৰাইজে যাতায়াতৰ ক্ষেত্ৰতো যমৰ যাতনা ভুগিব লগা হয়৷ পকী নলা নিৰ্মাণত আসোঁৱাহ আছে বুলি স্থানীয় সংগঠন, ব্যৱসায়ী তথা ৰাইজে বহুবাৰ পথ নিৰ্মাণকাৰী সংস্থা ডিচিচি আৰু মহকুমা প্ৰশাসনক জনায় অহাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতেই এনেদৰে নগৰৰখনৰ একাংশ ঠাই এজাক বৰষুণতে ডুবিব লগা হ’ল বুলি ছাত্ৰ সংগঠনৰ লগতে ব্যৱসায়ীসকলে অভিযোগ কৰিছে৷ আনহাতে চত্ৰং নৈৰ মথাউৰিৰ নিৰ্মীয়মান পকী গাৰ্ডৱাল সংশ্লিষ্ট ঠিকাদাৰে অতি লেহেমীয়া গতিৰে নিৰ্মাণ কৰাৰ বাবে আজিও অসম্পূৰ্ণ হৈ ৰয়৷ ফলত বিগত বৰ্ষতে চত্ৰং নৈৰ চিঙা মথাউৰিৰ অংশৰে আজি বাঢ়নী পানী সোমাই গহপুৰ পৌৰসভা এলেকাৰ মধ্য চত্ৰঙৰ ঘৰ-বাৰী, ৰাষ্টা-ঘাট বুৰাই পেলায়৷ একেদৰ কুকুৰজান নৈয়ে পৌৰসভা এলেকাৰ বিলতীয়া দলঙৰ ওচৰত বান্ধ চিঙাৰ ফলত বিলতীয়াৰ একাংশ ঠাই কুকুৰজানৰ বাঢ়নী পানীয়ে বুৰাই পেলায়৷ ইপিনে নিশা হোৱা প্ৰবল বৰষুণৰ বাবে সোলেঙী গুৰি পঞ্চায়তৰ চেঙাই গাঁৱৰ খেতি পথাৰ পানীত বুৰ যায়৷

নলবাৰীত কৃত্ৰিম বান, জলবন্দী বহু পৰিয়াল

‘আমাৰ অসম’ৰ  নলবাৰীৰ বিশেষ প্ৰতিনিধিঃ গুৱাহাটী মহানগৰীৰ দৰে নলবাৰী চহৰৰো চৌদিশে এতিয়া কেৱল পানী আৰু পানী৷ যোৱা নিশা অহা এজাক বৰষুণৰ ফলত নলবাৰী চহৰত কৃত্ৰিম বানে আজি পুৱাৰে পৰা অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ কৃত্ৰিম বানৰ ফলত চহৰখনৰ প্ৰতিটো মূল পথৰ লগতে উপ-পথসমূহত একাঁঠু পৰ্যন্ত পানী উঠাত চহৰবাসীয়ে আজি কক্‌বকাব লগা হয়৷ পথ আৰু নলা-নৰ্দমাসমূহ পানীৰে একাকাৰ হৈ পৰাত চহৰখনত আজি সংঘটিত হয় কেইবাটাও পথ দুৰ্ঘটনা৷ চহৰখনৰ পল্লা পথ, হাজো পথ, পিএনচি পথ, এলএনবি ৰোড, আৱৰ্ত ভৱন পথ, বিকল্প পথ, গোপাল বজাৰৰ পৰা হাজো সংযোগী পথ, কাজিপাৰা-বালিকৰিয়া পথ, কলেজ ৰোডকে ধৰি মূল পথসমূহৰ লগতে সকলো উপ- পথতে বৰষুণৰ পানীয়ে উপচি পৰাত আজি সমগ্ৰ দিনটো পথচাৰীয়ে নৰক যন্ত্ৰণা ভুগিবলগা হয়৷ নলবাৰী চহৰৰ লগতে উপকণ্ঠ অঞ্চলত সৃষ্টি হোৱা কৃত্ৰিম বানে পথসমূহত নৈ সদৃশ পৰিৱেশৰ সৃষ্টি কৰে৷ চহৰৰ প্ৰায় প্ৰতিটো এলেকাৰ আৱাসিক অঞ্চলত কৃত্ৰিম বানে বুৰাই পেলোৱাৰ লগতে চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠানো আজি জলমগ্ন কৰি তোলে৷ কৃত্ৰিম বানৰ বাবে আজি জলবন্দী হৈ থাকিব লগা হয় চহৰৰ বহু পৰিয়াল৷ যাতায়াতৰ ক্ষেত্ৰতো পথচাৰীয়ে ভুগিব লগা হয় দুৰ্ভোগ৷ উল্লেখ্য যে একাংশ অসচেতন লোকে বৰষুণৰ পানী ওলাই যোৱাৰ বাবে ঘৰৰ সন্মুখভাগত কোনো ধৰণৰ নলা-নৰ্দমাৰ ব্যৱস্থা নৰখাৰ বাবেও চহৰখনত কৃত্ৰিম বানৰ সমস্যাই বাৰিষা কালত ভয়ানক ৰূপ ধাৰণ কৰে৷ নলবাৰী চহৰৰ কৃত্ৰিম বানৰ সমস্যাটো সমাধানৰ বাবে শেহতীয়াভাৱে পল্লা ৰোড, গোপাল বজাৰৰ পৰা উদ্যোগ পাম চ’ক হৈ ফুলগুৰি জান সংযোগী নলাৰ কাম চলি আছে যদিও চহৰখনত এজাক বৰষুণৰ ফলতেই আজি সৃষ্টি হোৱা ভয়ানক কৃত্ৰিম বানে সচেতন মহলক চিন্তিত কৰি তুলিছে৷