Logo
image

জিঞ্জাৰৰ দায় তৰুণ গগৈৰ! শিলসাঁকো এৰিবলৈ আজমলক ফোন মুখ্যমন্ত্ৰীৰ

‘আমাৰ অসম’, ১২ জুনঃ গুৱাহাটীক কৃত্ৰিম বানমুক্ত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে শিলসাঁকো বিলক কৃত্ৰিম হ্ৰদলৈ ৰূপান্তৰ কৰাৰ অভিলাসী আঁচনি গ্ৰহণ কৰিছে৷ এই উদ্দেশ্যে মহানগৰ প্ৰশাসনে শিলসাঁকোৰ শ শ বেদখলকাৰী খিলঞ্জীয়া পৰিয়ালক উচ্ছেদ কৰিছে৷ ইয়াৰ মাজতে গুৱাহাটী মহানগৰ উন্নয়ন কতৃৰ্পক্ষই শিলসাঁকোত জৰীপ চলোৱাক কেন্দ্ৰ কৰি বিগত তিনিদিন ধৰি যুদ্ধ সদৃশ পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত৷ স্থানীয় লোকৰ  লগতে বিভিন্ন দল-সংগঠনে জি এম ডি এৰ জৰীপ কাৰ্যত বাধা প্ৰদান কৰাত আৰক্ষীয়ে সমগ্ৰ শিলসাঁকোত সমৰসজ্জা গঢ়ি তুলিছে৷ শিলসাঁকো  উচ্ছেদৰ বিৰোধিতাৰে দল-সংগঠনৰ প্ৰতিবাদক কেন্দ্ৰ কৰি আৰক্ষীৰে খণ্ড যুদ্ধতো লিপ্ত হৈছে প্ৰতিবাদকাৰীয়ে৷ প্ৰতিবাদকাৰীসকলৰ অভিযোগ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে জিঞ্জাৰ হোটেল আৰু বদৰুদ্দিন আজমলৰ অট্টালিকাক উচ্ছেদ কৰিবলৈ সাহস নকৰি কেৱল থলুৱা খিলঞ্জীয়াৰ ওপৰত উচ্ছেদ চলাই বীৰত্ব প্ৰদৰ্শন কৰিছে৷ প্ৰতিবাদকাৰীৰ এই ক্ষোভৰ বিপৰীতে শিলসাঁকোৰ জিঞ্জাৰ হোটেল আৰু বদৰুদ্দিন আজমলৰ অট্টালিকাৰ উচ্ছেদ প্ৰসংগক লৈ এইবাৰ মুখ খোলা দেখা গ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক৷ দেওবাৰে আমিনগাঁৱত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিলসাঁকোত জিঞ্জাৰ হোটেলক মাটি দিয়াক লৈ প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈলে দোষ ঠেলাহে দেখা গ’ল৷ অৱশ্যে আজমলৰ অট্টালিকাৰ উচ্ছেদৰ প্ৰসংগত বদৰুদ্দিন আজমললৈ মুখ্যমন্ত্ৰীয়ে নিজেই ফোন কৰি মাটিখিনি চৰকাৰে লোৱা বুলি অৱগত কৰাৰ কথাও সদৰী কৰিছে৷ অৱশ্যে মুখ্যমন্ত্ৰী শৰ্মাই জিঞ্জাৰ হোটেল আৰু আজমলৰ অট্টালিকাৰ সন্দৰ্ভত কৰা বক্তব্যক এতিয়া উভটি ধৰা দেখা গৈছে দল-সংগঠনৰ লগতে শিলসাঁকোৰ উচ্ছেদিত পৰিয়ালে৷ জিঞ্জাৰ হোটেলক মাটি দিয়াৰ বাবে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ দোষ ঠেলিলেও তৰুণ গগৈৰ কাৰ্যকালত খোদ হিমন্ত বিশ্ব শৰ্মা গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছিল বুলিও বিভিন্নজনে উভতি ধৰিছে৷  গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী হৈ জিঞ্জাৰৰ মাটি আবণ্টনত বাধা কিয় দিয়া নাছিল বুলিও প্ৰশ্ন কৰিছে৷ আনহাতে শিলসাঁকোৰ খিলঞ্জীয়া পৰিয়ালক কোনো আগতীয়া জাননী অবিহনে তথা সন্তানৰ মেট্ৰিক পৰীক্ষাৰ পূৰ্বে যদিহে উচ্ছেদ অভিযান চলাব পাৰে, তেনেহ’লে আজমলৰ অট্টালিকা উচ্ছেদ কৰিবলৈ বদৰুদ্দিন আজমললৈ ফোন কৰি হিমন্ত বিশ্ব শৰ্মাই অনুমতি ল’বলগীয়া হোৱাৰ কাৰণ কি বুলিও ভুক্তভোগী পৰিয়ালে প্ৰশ্ন কৰা দেখা গৈছে৷ অৱশ্যে শিলসাঁকোৰ প্ৰসংগত দেওবাৰে মুখ্যমন্ত্ৰী শৰ্মাই কয় যে– ‘জিঞ্জাৰ হোটেললৈয়ো নটিচ গৈছে৷ কিন্তু জিঞ্জাৰ হোটেলে মাটি দখল কৰা নাই৷ তৰুণ গগৈ চৰকাৰে তেওঁলোকক শিলসাঁকোত মাটি দিছিলে৷ কোনোবা এখন চৰকাৰে দিয়া আৰু দখলৰ মাজত পাৰ্থক্য আছে৷ আজি তৰুণ গগৈ যদি জীয়াই থাকিলেহেঁতেন, তেনেহ’লে আমি সুধিলোহেঁতেন জিঞ্জাৰক আপুনি কিয় মাটি দিলে? টেনিছ ক্লাৱক কিয় মাটি দিলে? এতিয়াটো মই তেওঁক সুধিব নোৱাৰো৷ গতিকে আইনৰ মতে সকলো কৰা হ’ব৷ শিলসাঁকোৰ লোকসকলে হাইক’ৰ্ট কৰিছে৷ হাইক’ৰ্টতো হাৰিছে৷ এইখন চৰকাৰৰ দিনত ন্যায় বাহিৰে একো হ’ব নোৱাৰে৷ বদৰুদ্দিন আজমলৰো মাটি কেতিয়াবাই খালী হৈ গ’ল৷ হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত বদৰুদ্দিন আজমলক ওচৰতেই দেখা নাপায়৷ বদৰুদ্দিন আজমলৰ মাটি আমি লৈ ল’লো, তাত আপোনালোকে যি কৰিব বিচাৰে কৰিব পাৰে৷ আজমলক  মই এক টকাও নিদিও বুলি কৈ দিলো৷ মই আজমলক ফোন কৰি ক’লো যে– ‘আপকা মাটি মে’ লে’ ৰাহা হোঁ, এক সব্দ ভি নহী বৌলেগা৷’ কাষত কোঁচ ৰাজবংশী সংগঠনৰো মাটি আছিল, মোৰ এটা ফোনত মাটিখিনি গতাই দিছে৷ আজমলকো ফোন কৰি ক’লো আপোনাৰ মাটি আৰু নাথাকিব, আমি লৈ ল’ম৷ তেওঁ মাটি আমাক দি দিলে৷ বিজেপিৰ দিনত আজমলৰ মাটিত কি উচ্ছেদ নচলিব নেকি? আমিটো প্ৰথমে তেওঁলোককেই উচ্ছেদ কৰিম৷’  ইফালে শিলসাঁকোৰ উচ্ছেদিত দুখীয়া পৰিয়ালক প্ৰয়োজনত ২০ লাখ টকাকৈ ক্ষতিপূৰণ দিয়া হ’ব বুলি সদৰী কৰি মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয়–‘শিলসাঁকো বিলখন নহ’লে আমি গুৱাহাটীত পানী ৰখাব নোৱাৰো৷ যাক যি ক্ষতিপূৰণ লাগে তাক দিয়াৰ বাবে মই সাজু আছো৷ কিন্তু শিলসাঁকো বিলত থকা ১০০-১৫০ মানুহৰ বাবে গুৱাহাটীৰ ১৫ লাখ মানুহক বিপদত পেলাব নোৱাৰো৷ শিলসাঁকোত মোৰ নিজৰ বিল্ডিং নবনাও, চৰকাৰৰ কোনো প্ৰকল্পও নহয়৷ এই কথাটোত ৰাইজ নিশ্চিত হ’ব লাগে যে শিলসাঁকোত চৰকাৰে পানী সোমোৱা ব্যৱস্থা কৰিব৷ সেইবাবে গুৱাহাটীৰ ৰাইজে আমাক অফুৰন্ত আশীৰ্বাদ কৰিব লাগে৷ শিলসাঁকোৰ সেই ১৫০-২০০ ঘৰ লোকক দুবাৰ-তিনিবাৰ কৈছো যে যদিহে মাটিৰ বিনিময়ত ২০ লাখকৈ টকা লাগিলেও চৰকাৰে দিবলৈ ৰাজী আছে৷ নহ’লে ২০০ ঘৰ মানুহে দখল কৰাতকৈ গোটেই অসমৰ মানুহে দখল কৰক শিলসাঁকো৷ সেই ১৫০-২০০ ঘৰ মানুহৰ বাবে ২-৩ টা ৰাজনৈতিক দলে কিয় ইমান নামি পৰিছে! যিমানখিনি প্ৰয়োজন সিমানখিনি মাটি আমি ল’বই লাগিব৷ এইখন চৰকাৰৰ ৰাজনৈতিক বহু প্ৰতিশ্ৰুতি আছে৷ আমাৰ ব্যক্তিগত স্বাৰ্থ একো নাই৷ মই মুখ্যমন্ত্ৰী হিচাপে বহুজনৰ সুখ আৰু বহুজনৰ হিতৰ বাবে কাম কৰাৰ শপতেই লৈছো৷ শিলসাঁকোৰ মানুহখিনি মোৰেই মানুহ, আমাৰ বিজেপিকে ভোট দিয়া মানুহ৷ তেওঁলোক নিজেই নিজেই আঁতৰি যাব৷ দৌৰা দৌৰি কৰিবলগীয়া একো নাই৷ কোনোবা জি এম ডি এ অফিচাৰক আৱদ্ধ কৰি ৰাখিছে৷ তিনি ঘণ্টা কিয় তিনি দিনেই আৱদ্ধ কৰি ৰাখক৷ কিন্তু বানপানী নহ’লেই হ’ল৷ মোকো আৱদ্ধ কৰি থলেই ভাল পাম৷ কেইদিনমান আগতে ওৰাঙত ১৫ হাজাৰ মানুহক উচ্ছেদ কৰিছিলো৷ তাত আপ যোৱা নাই, কৃষক মুক্তি যোৱা নাই৷ শিলসাঁকোৰ ২০০ টা মানুহক লৈ তেওঁলোকৰ কি আছে মই বুজি পোৱা নাই৷ তেওঁলোকে এইটো বুজাব বিচাৰে হিমন্ত বিশ্বই থলুৱা মানুহকহে উচ্ছেদ কৰিছে৷’

গুলী খাম, উচ্ছেদ হ’বলৈ নিদিওঁঃ প্ৰতিবাদকাৰীৰ হুংকাৰ

আমাৰ অসমৰ মহানগৰীৰ প্ৰতিবেদকঃ গুৱাহাটীৰ শিলসাঁকো বিলত বিশাল আৰক্ষী বাহিনী মোতায়েন কৰি ৰাজ্য চৰকাৰে এক যুদ্ধ সদৃশ পৰিবেশৰ সূচনা কৰিছে৷ এমুঠিমান খিলঞ্জীয়াক গৃহহীন কৰাৰ বাবে ৰাজ্য চৰকাৰে এক যুদ্ধ সদৃশ পৰিবেশৰ দৃষ্টি কৰিছে৷ আজি তৃতীয় দিনাও শিলসাঁকোত এক উত্তেজনাই বিৰাজ কৰি আছে৷ তৃতীয় দিনাও শিলসাঁকোৰ উচ্ছেদক লৈ ৰাজ্য চৰকাৰ আৰু এমুঠিমান খিলঞ্জীয়াৰ মাজত যুযুধান অবস্থান৷ এফালে আৰক্ষীৰ সমৰ সজ্জা আনফালে প্ৰতিবাদীৰ যুদ্ধংদেহ ৰূপত অবস্থান গ্ৰহণ কৰিছে৷ মূলত: ৰাজ্য চৰকাৰে যুদ্ধৰ পৰিবেশৰ সূচনা কৰিছে৷ যেন শিলসাঁকোত এতিয়া এক ভয়ংকৰ যুদ্ধৰ প্ৰস্তুতি চলিছে৷ এমুঠিমান খিলঞ্জীয়াই চৰকাৰৰ বিৰূদ্ধে যুদ্ধ কৰিবলৈ শিলসাঁকোত টেণ্ট টানি ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে৷ মাটি ভেটি ৰক্ষা কৰিবলৈ প্ৰতিবাদকাৰী সকলে বুকুত গুলী খাব কিন্তু উচ্ছেদ হবলৈ নিদিযে বুলি হুংকাৰ প্ৰদান কৰিছে৷ মূলত: প্ৰতিবাদকাৰী সকলে যুদ্ধাংদেহী মনোভাৱ গ্ৰহণ কৰিছে৷ শিলসাঁকো পাৰৰ লোকৰ অবস্থাৰ বুজ লবলৈ আজি বিভিন্ন ৰাজনৈতিক- অৰাজনৈতিক দল সংগঠনৰ নেতা কৰ্মীয়ে ভিৰ কৰা পৰিলক্ষিত হয়৷ সততেই অসমৰ মাটিত বাংলাদেশী সংস্থাপনৰ বাবে উকালতি কৰি অহা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে শিলসাঁকোৰ থলুৱা লোকক উচ্ছেদ কৰাই নহয়, তেওঁলোকৰ প্ৰতিবাদক আৰক্ষী বাহিনীৰ হতুৱাই মষিমূৰ কৰিবলৈ চেষ্টা কৰি পৈশাছিক আনন্দ লভি আহিছে৷ ৰাইজৰ দলে শিলসাঁকোৰ উচ্ছেদিত সকলৰ সৈতে হোৱা অমানৱীয় নিৰ্যাতন বন্ধ কৰি শীঘ্ৰেই পুনৰ সংস্থাপনৰ দাবী জনাই আহিছে৷ আজি পুনৰ ৰাইজৰ দলৰ উপ সভাপতি হৰেশ্বৰ বৰ্মন, সাধাৰণ সম্পাদক চিন্ময় বড়া, ধৈৰ্য্য কোঁৱৰ, অতিৰিক্ত তথ্য আৰু প্ৰচাৰ সম্পাদক প্ৰণৱ ডেকা, জাতীয় নাৰী বাহিনীৰ সাধাৰণ সম্পাদিকা মমী ৰায়চৌধুৰী, কামৰূপ মহানগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰজিৎ শৰ্মাই শিলসাঁকোৰ প্ৰতিবাদ স্থলীৰ প্ৰতিবাদী জনতাৰ কাষত ঠিয় হৈ চৰকাৰৰ বৰ্বৰতাৰ বিৰোধিতা কৰাৰ লগতে শীঘ্ৰেই তেওঁলোকৰ পুনৰসংস্থাপনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনায়৷ ইপিনে আজি শিলসাকোৰ প্ৰতিবাদী ৰাইজক ভীতিগ্ৰস্ত কৰাৰ বাবে আৰক্ষী বাহিনীৰ বৃহৎ পদসঞ্চালন কৰে৷ অৱশ্যে ভেটি-মাটি হেৰুওৱাৰ আতংকত ভোগা খিলঞ্জীয়া পৰিয়ালসমূহেও পিচহুঁহকি অহা নাই৷ বিশাল আৰক্ষী বাহিনীৰ সন্মুখত বুকু ফিন্দাই থিয় হৈছে তেওঁলোক৷ বাধা দিয়াৰ চেষ্টা চলাইছে আৰক্ষীক৷ পথত বাগৰি পৰিছে অসহায় মহিলা৷ আৰক্ষীক টানি আনি গুলীয়াই মাৰিবলৈ আহ্বান জনাইছে প্ৰতিবাদকাৰীয়ে৷ পদে পদে আৰক্ষীক ফেপেৰি পাতি ধৰিছে প্ৰতিবাদী জনতাই৷ চৰকাৰে সৃষ্টি কৰা এই যুদ্ধসদৃশ পৰিবেশৰ মাজতে শিলসাঁকোত প্ৰতিবাদী সাধাৰণ জনতাই গৰ্জন দিছে– ‘তেজ দিম, মাটি নিদিওঁ৷ ‘ গুলীয়াই মাৰিবলৈ আহ্বান জনোৱা আৰক্ষী পিচহুঁহুকি যোৱাত কান্দোনত ভাগি পৰিছে একাংশ অসহায় মহিলাই৷ ঘৰ ভাঙি দিলে তেওঁলোক কলৈ যাব, ক’ত থাকিব তাক লৈ প্ৰশ্ন কৰিছে৷ খিলঞ্জীয়াৰ চৰকাৰ বুলি ভোট দিয়া বিজেপি তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকৰ সৈতে বিশ্বাসঘাতকতা কৰা বুলিও অভিযোগ কৰিছে৷ তথাপি পিচহুঁহকি যোৱা নাই তেওঁলোক৷ শিলসাঁকোৰ পাৰত আজি একাংশ প্ৰতিবাদী মহিলাই সাংবাদিকৰ আগত কয়– ‘মুখ্যমন্ত্ৰীয়ে এই বিশাল আৰক্ষী বাহিনী পঠিয়াই আমাক কিয় ভয় দেখুওৱাৰ চেষ্টা কৰিছে? তেওঁ আহি আমাৰ লগত ৫ মিনিট আলোচনা কৰিব লাগিছিল৷  আমাক সমাধান দিব লাগিছিল৷ ‘ইয়াৰ মাজতে একাংশ প্ৰতিবাদকাৰীয়ে কৈছে– ‘অৰুণাচলীক বাধা দিব নোৱৰা অসম আৰক্ষীয়ে আমাৰ ওপৰত অত্যাচাৰ চলাবলৈ আহিছে৷ আমি যুঁজিম, কিন্তু মাটি এৰি নিদিওঁ৷ ‘ বিশাল আৰক্ষী বাহিনী লৈ আজি জি এম ডি এৰ বিষয়াই শিলসাঁকোৰ পাৰত উচ্ছেদ চলাবলগীয়া ঘৰসমূহ চিনাক্ত কৰিছে৷ দুই-এদিনতে অঞ্চলটোত চলিব চৰকাৰৰ এই বৃহৎ উচ্ছেদ অভিযান৷ কিন্তু কালি আৰু আজিৰ দিনটোত শিলসাঁকোৰ পাৰত যি উত্তেজনাময় পৰিবেশৰ সৃষ্টি হৈছে, সেই দিশৰ পৰা উচ্ছেদ চলোৱাৰ সময়ত অঞ্চলটোৰ পৰিবেশ আৰু ভয়ানক হোৱাৰ আশংকা বৃদ্ধি পাইছে৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্য়ুৎ শইকীয়াই দিনে-নিশাই প্ৰতিবাদী ৰাইজৰ সৈতে শিলসাঁকোত অৱস্থান কৰি খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংগ্ৰামত অৱতীৰ্ণ হৈছে৷ আজি শিলসাঁকোত ঠায়ে ঠায়ে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘাতৰো সূচনা হয়৷ বাধা দিবলৈ যোৱা প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে চলাইছে আতিশয্য৷ আৰক্ষীৰ প্ৰহাৰত একাংশ প্ৰতিবাদকাৰী আহত হোৱাৰো অভিযোগ উঠিছে৷ কৃষক মুক্তিৰ নেতা বিদ্য়ুৎ শইকীয়াই আজি সাংবাদিকৰ আগত কয়– ‘আৰক্ষীয়ে আজি বণিয়াৰ পক্ষ লৈ আক্ৰমণকাৰীৰ ভূমিকা লৈছে৷ অসমৰ খিলঞ্জীয়া মানুহৰ ওপৰত জঁপিয়াই পৰিছে৷ আমাক গোৰ মাৰিছে, মহিলাক প্ৰহাৰ কৰিছে৷ আমাৰ এটাই অপৰাধ– আমি থাকিবলৈ অলপ মাটি বিচাৰিছো৷ আপোনালোকে উচ্ছেদ নকৰিব৷ আমি অসমীয়া, আমাক থাকিবলৈ দিয়ক৷ যদি ইয়াত জিঞ্জাৰ থাকিব পাৰে, আমি কিয় থাকিব নোৱাৰো? যদি আজমল থাকিব পাৰে, হিম্মৎসিংকা থাকিব পাৰে আমি কিয় থাকিব নোৱাৰো? ইয়াত অশোক সিংহল কোন আমাক খেদিবলৈ? এই প্ৰশ্ন কৰা বাবে আজি আমাক মাৰিছে৷ আমাক খেদি খেদি পিটিছে৷ আমি সিদ্ধান্ত লৈছো– আমি দিনে-ৰাতিয়ে ইয়াতে থাকিম৷ পুলিচে কেম্প বনাইছে, আমিও ইয়াত কেম্প বনাম৷ গোটেই অসমৰ মানুহক আমি ইয়ালৈ আমন্ত্ৰণ জনাইছো৷ এই উচ্ছেদ অসমৰ আন প্ৰান্তৰ উচ্ছেদৰ সৈতে নিমিলে৷ ইয়াত সকলো খিলঞ্জীয়া মানুহ আছে৷ এশ শতাংশ ট্ৰাইবেল মানুহ৷ ইয়াত মিচিং মানুহক গুৰুলাগুৰুলকৈ পিটিছে৷ ক’ত গ’ল ৰণোজ পেগু-ভুবন পেগু? ইয়াত বড়ো মানুহক গুৰুলাগুৰুলকৈ পিটিছে৷ ক’ত গ’ল প্ৰমোদ বড়ো? ইয়াত অসমীয়াক পিটিছে৷ ক’ত গ’ল অতুল বৰা? আমি প্ৰশ্ন কৰিছো৷ আমাৰ জীৱন গ’লেও যাব, আমি ইয়াৰ পৰা ক’লৈকো নাযাওঁ৷ আমি চাম অসমীয়া মানুহৰ পৰা অশোক সিংহল, নাৰায়ণ ডেকা, জি এম ডি এৰ অভিযন্তা মণ্টু বৰাই কেনেদৰে মাটি কাঢ়ি নিয়ে৷ বিজেপিৰ দালাল গোকুল গোস্বামী, কামিনী শৰ্মাক আমি মনত ৰাখিছো৷ ৰাইজৰ পক্ষ নলৈ তেওঁলোকে পুলিচক আদৰিছে৷ এই মানুহবোৰ আমাৰ ঘৰ শত্ৰু বিভীষণ৷ ‘ কৃষক মুক্তিৰ নেতাগৰাকীয়ে লগতে পুনৰ কয়– ‘হিমন্তবিশ্ব শৰ্মাক কৈছো, ৰণোজ পেগুক কৈছো– খিলঞ্জীয়াৰ অৱস্থা কি হৈছে চাওক৷ আমাৰ আৰু একো নাই, কেৱল গুলী খাবলৈ বাকী আছে৷ আমি গুলী খাম, মৰি যাম৷ কিন্তু অসমীয়া মানুহৰ মাটি এৰি নিদিওঁ৷ ‘ উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে যোৱা ২৮ ফেব্ৰুৱাৰীৰ পৰা ৰ মাৰ্চলৈ শিলসাঁকোত চৰকাৰে উচ্ছেদ চলাই পাঁচ শতাধিক পৰিয়ালক অঘৰী কৰিছিল৷ ইয়াৰ পিচত শিলসাঁকোৰ পাৰত বাস কৰা লোকসকলৰ উন্নয়ন সমিতিসমূহক বৈঠকলৈ মাতিছিল মুখ্যমন্ত্ৰীয়ে৷ জলাশয় সংৰক্ষণ আইন প্ৰণয়ন হোৱাৰ পূৰ্বে, অৰ্থাৎ ২০০৮ চনৰ আগত সেই স্থানত বসতি কৰা, লোকসকলক সংস্থাপনৰ ব্যৱস্থা কৰি দিব বুলি আশ্বাস দিছিল মুখ্যমন্ত্ৰীয়ে৷ কিন্তু মূৰকত পুনৰ একেটা অঞ্চলত ১৩০ বিঘা মাটি মোকলোৱাৰ বাবে দুশটা পৰিয়ালক উচ্ছেদ কৰিবলৈ যুদ্ধসদৃশ পৰিবেশ ৰচিছে চৰকাৰে৷ চৰকাৰৰ এই উচ্ছেদ অভিযানৰ বিৰুদ্ধে ইতিমধ্যে কংগ্ৰেছৰ নেতৃত্বত সন্মিলিত বিৰোধী আৰু আম আদমি পাৰ্টিয়ে গৰজি উঠিছে৷ উচ্ছেদৰ আতংকত ভোগা শিলসাঁকোবাসীয়ে এতিয়া বিনিদ্ৰ ৰজনী কটাইছে৷ এই লৈ উদ্বিগ্নতাত ভুগিছে৷ কাইলৈৰ দিনটোত তেওঁলোকে আৰু কেনে প্ৰত্যাহ্বানৰ সন্মুখীন হয়, তাক লৈ দুশ্চিন্তাত ভুগিছে শিলসাঁকোবাসীয়ে৷