Logo
image

ট্ৰাম্প-দৰ্শন

সম্পূৰ্ণ চাৰি বছৰ আগৰ কথা৷ ডিপাৰ্টমেণ্ট অৱ ষ্টেটৰ প্ৰট’কল বিষয়াজনে দিয়া সময় মতে পুৱাতেই সাজু হৈ মায়ামিৰ এখন বাৰত উপস্থিত হৈছিলোঁ৷ আমাক লৈ গৈছিল প্ৰেছিডেণ্টচিয়েল ছাৰ্ভিচৰ লিমজিন এখনে৷ বিশাল এখন বাৰ৷ তেতিয়া আমেৰিকাত নিৰ্বাচনী বতৰ৷ আমেৰিকা চৰকাৰৰ আমন্ত্ৰণক্ৰমে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন অধ্যয়নৰ বাবে দক্ষিণ-পূব এছিয়াৰ চাৰিজন যুৱকৰ সৈতে ময়ো নিৰ্বাচিত হৈছিলোঁ৷ আচৰিত নহ’ব আমেৰিকাত অধিকাংশ নিৰ্বাচনী প্ৰচাৰ সভা বাৰবোৰত অনুষ্ঠিত হয়৷ সেইদিনা নিৰ্দিষ্ট বাৰখনলৈ ড’নাল্ড ট্ৰাম্প আহিছিল৷ আমি আগৰে পৰা তাত ৰৈ আছিলোঁ৷ সময়ত ট্ৰাম্প আহিছিল৷ একেবাৰে কাষৰ পৰা তেওঁৰ ভাষণ শুনিছিলোঁ৷ কিন্তু এয়া কি? এয়াতো আমাৰ কল্পনাৰ আমেৰিকাৰ সৰ্বোচ্ছ পদবীত বহিবলৈ ওলোৱা এজন মানুহৰ ভাষণ নহয়৷ মানুহজন কোনোফালৰ পৰাই ইম্প্ৰেছিভ নহয়৷ মুখত অনবৰতে এটা অহং ভাব, কোনো আকৰ্ষণীয় ব’ডী লেংগুৱেজ নাই৷ হতাশ হৈছিলোঁ৷ তাৰ আগৰ দিনকেইটাত আমেৰিকাৰ বিভিন্ন প্ৰান্তত অহায়অ’ৰ গৱৰ্নৰ জন কাছিক, ডেম’ক্ৰেটিক প্ৰাৰ্থী হিলাৰী ক্লিণ্টন আদিৰ সৈতে আমাৰ সাক্ষাৎ হৈছিল৷ কি আকৰ্ষণীয় ব্যক্তিত্ব! ট্ৰাম্পৰ সৈতে কোনোফালৰ পৰাই তুলনা নহয়৷ ট্ৰাম্পে নিৰ্বাচনী প্ৰচাৰ সভা শেষ কৰি যোৱাৰ পাছত ফ্ৰান্সৰ এটা টেলিভিছন চেনেলে আমাৰ সাক্ষাৎকাৰ এটা লৈছিল৷ আমি সেই এটা মাহত লাভ কৰা অভিজ্ঞতা বৰ্ণনা কৰি নিৰ্বাচনী প্ৰচাৰ অভিযানৰ কথা কৈছিলোঁ৷ হঠাৎ সাংবাদিকজনে মোক সুধিছিল– আপোনাৰ মতে আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি কোন হ’ব? মই এক মুহূৰ্তও নোৰোৱাকৈ কৈছিলোঁ– হিলাৰী ক্লিণ্টন৷ ক’তো কোনেও ট্ৰাম্পক ৰাষ্ট্ৰপতিৰূপে বিচৰা মানুহ পোৱা নাছিলোঁ, আমেৰিকাৰ প্ৰায় প্ৰতিখন ডাঙৰ মহানগৰলৈকে আমি গৈছিলোঁ৷ কট্টৰ ৰিপাব্লিকানেও ট্ৰাম্পৰ নাম লোৱা নাছিল৷ কিন্তু ট্ৰাম্প ৰাষ্ট্ৰপতি হৈছিল৷ বি এত চাৰিটা বছৰ মোৰ মনটো খূ-দুৱাই থাকিল৷ কেনেকৈ এয়া সম্ভৱ! চাৰি বছৰত অসংখ্যবাৰ মই ট্ৰাম্পৰ ভাষণ শুনিলোঁ, তেওঁৰ বিষয়ে পঢ়িলোঁ, তেওঁৰ লাইফষ্টাইল জনাৰ চেষ্টা কৰিলোঁ, কিন্তু মোৰ উত্তৰটো নাপালোঁ৷ বাৰে বাৰে হিলাৰী ক্লিণ্টনৰ মুখখন ভাহি আহে– এইগৰাকী মানুহৰ বিকল্প কেনেকৈ ট্ৰাম্প হ’ব পাৰে! কিন্তু বিশ্বৰ সৰ্বশক্তিমান গণতন্ত্ৰ অংশীদাৰসকলে জানো ভুল কৰিব? আমাৰ দৰে তৃতীয় বিশ্বৰ দেশ এখনৰ সাধাৰণ নাগৰিক এজনে আমেৰিকাৰ গণতন্ত্ৰ আৰু আমেৰিকানৰ নিৰ্বাচনক মনৰ ভিতৰতে প্ৰশ্ন কৰাক লৈ বহুবাৰ নিজকে নিজে হাঁহিয়াতৰ পাত্ৰও কৰিছোঁ৷

কিন্তু বিভিন্ন সময়ত আমেৰিকাবাসীক অস্বস্তিত পেলোৱা ট্ৰাম্পে শেষ সময়ত দেখুৱাই দিলে– আমেৰিকাবাসীৰ বাছনিও ভুল হ’ব পাৰে৷ অহংকাৰী ট্ৰাম্প আজি হোৱাইট হাউছৰ পৰা ওলাই আহিল৷ বিদায়ী ৰাষ্ট্ৰপতিয়ে হোৱাইট হাউছ এৰাৰ পৰত সদায়ে আমেৰিকাই উচুপি উঠে, কিন্তু এইবাৰ যেন স্বস্তিৰ নিশ্বাসহে এৰিলে৷ ১৫২ বছৰৰ পাছত কোনো এজন বিদায়ী ৰাষ্ট্ৰপতিয়ে নতুন ৰাষ্ট্ৰপতিৰ শপতগ্ৰহণ অনুষ্ঠানত অংশ লোৱাৰ পৰা বিৰত থাকিল৷ এনেদৰে ঠেহ পাতি পৰম্পৰা ভংগ কৰা ট্ৰাম্প আমেৰিকাৰ চতুৰ্থজন ৰাষ্ট্ৰপতি৷ মেলানিয়াৰ হাতত ধৰি হেলিকপ্টাৰ লৈ ট্ৰাম্পে হোৱাইট হাউছৰ পৰা বিদায় লোৱাৰ বহু পূৰ্বেই আমেৰিকানৰ হৃদয়ৰ পৰা বিদায় লৈছিল ট্ৰাম্পে৷

ফোনঃ ৯৪৩৫০-৪৭৯৪৮