Logo
image

এতিয়াও ইণ্টাৰনেটবিহীন মণিপুৰ

‘আমাৰ অসম’, ১২ জুনঃ  আপাত দৃষ্টিত এই মুহূৰ্তত মণিপুৰৰ পৰিস্থিতি শান্ত যদিও প্ৰশাসনে ইণ্টাৰনেট কৰ্তনৰ ম্যাদ ১৫জুনলৈ বৃদ্ধি কৰিছে৷ গৃহ আয়ুক্ত টি ৰঞ্জিত সিঙে দেওবাৰে এক অধিসূচনাৰ জৰিয়তে এই ম্যাদ বৃদ্ধি কৰিছে৷ উল্লেখ্য, যোৱা ৩ মে’ত মণিপুৰত ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছিল৷ তেতিয়াৰ পৰা  এমাহৰো অধিক দিন অশান্ত মণিপুৰত ইণ্টাৰনেট নাই৷ মণিপুৰৰ দুজন বাসিন্দাই ইণ্টাৰনেট কৰ্তনৰ বিৰুদ্ধে উচ্ছতম ন্যায়ালয়ত আবেদন কৰিলেও শনিবাৰে সৰ্বোচ্ছ আদালতে এই আবেদন খাৰিজ কৰে৷ যোৱা ৩মে’ত মণিপুৰত কুকি আৰু মেইটেই জনগোষ্ঠীৰ মাজত সংঘৰ্ষ আৰম্ভ হৈছিল৷ এই গোষ্ঠীসংঘৰ্ষত এতিয়ালৈ প্ৰায় ৪ শতাধিক লোক নিহত হৈছে৷ বিগত ২৪ ঘণ্টাত ৰাজ্যখনত কোনো লোক হতাহত হোৱা নাই৷