Logo
image

দৈৱক্ৰমে ৰক্ষা!বাট হেৰুৱাই পাকিস্তান পালেগৈ ইণ্ডিগো

‘আমাৰ অসম’, ১২ জুনঃ দীৰ্ঘ প্ৰায় চাৰি বছৰ ধৰি পাকিস্তানে ভাৰতীয় বিমানৰ বাবে তেওঁলোকৰ আকাশ সীমা নিষিদ্ধ কৰি ৰাখিছে৷ ফলত পশ্চিম দিশে যোৱা আৰু পশ্চিমৰ পৰা অহা সকলো ভাৰতীয় বিমানে পাকিস্তানৰ আকাশ পৰিত্যাগ কৰি এটা দীঘলীয়া পাক মাৰিহে ভাৰতৰ আকাশমাৰ্গত প্ৰৱেশ কৰিবলগীয়া  হয়৷ এনে সতৰ্কতা স্বত্বেও ঘটিল বিপৰ্যয়৷ শনিবাৰে যাত্ৰীসহ আহমেদাবাদ অভিমুখী ইণ্ডিগোৰ এখন বিমানে পাকিস্তানৰ আকাশসীমাৰ ভিতৰত প্ৰৱেশ কৰে৷ ভুলবশতঃ নহয়, অতিশয় বেয়া বতৰৰ বাবে মাজ আকাশতে পাইলটে আকস্মিক সিদ্ধান্ত লৈ বিমান আৰু যাত্ৰীক ৰক্ষা কৰিবৰ বাবেই পাকিস্তানৰ নিষিদ্ধ আকাশমাৰ্গত প্ৰৱেশ কৰে৷ অৱশ্যে পাকিস্তানে তাৎক্ষনিকভাৱে ভাৰতীয় যাত্ৰীবাহী বিমানখনৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে৷ ফলত যাত্ৰীসহ ইণ্ডিগোৰ বিমানখনে সামান্য পলমকৈ সুকলমে আহমেদাবাদ বিমানবন্দৰত অৱতৰণ কৰে৷ ঘটনাটো শনিবাৰৰ৷ অমৃতসৰ চহৰৰ পৰা ইণ্ডিগোৰ বিমানখন আহমেদাবাদ অভিমুখে ৰাওনা হৈছিল৷ সন্ধিয়া ৭.৩০ বজাত মাজ আকাশত প্ৰতিকুল বতৰৰ মুখামুখি হয় বিমানখন৷ পৰিস্থিতি অতি বেয়া হোৱাৰ বাবে বিপদৰ আশংকা কৰি নিৰ্দিষ্ট পথেৰে বিমানখন আগুৱাই নিয়াৰ পৰিৱৰ্তে পাইলটে আকস্মিকভাৱে মাজ আকাশতে দিশ সলনি কৰে৷ দিশ সলনি কৰিলেই বিমানে যে পাকিস্তানৰ নিষিদ্ধ আকাশমাৰ্গত প্ৰৱেশ কৰিব, সেই সন্দৰ্ভত নিশ্চিত আছিল পাইলট৷ তথাপি তেওঁ দুৰ্ঘটনা এৰাই চলিবলৈকে এই বিপদসংকুল সিদ্ধান্ত লয়৷ ইণ্ডিগোৰ বিমানখনে লাহোৰৰ উত্তৰ দিশেৰে পাকিস্তানৰ আকাশমাৰ্গত প্ৰৱেশ কৰে৷ পাইলটে বিমানখন পাকিস্তানৰ গুজৰানৱালা পৰ্যন্ত লৈ যায়৷ তাৰ পৰা তেওঁ নিশা ৮ বজাত বিমানখন পুনৰ ভাৰত অভিমুখে ঘূৰাই আনে৷ অৰ্থাৎ ইণ্ডিগোৰ বিমানখন আধাঘণ্টা সময় পাকিস্তানৰ নিষিদ্ধ হৈ থকা আকাশমাৰ্গত বিচৰণ কৰি আছিল৷ এই দীৰ্ঘ আধাঘণ্টা সময়ত পাকিস্তানে বিমানখনৰ বিৰুদ্ধে কোনো কঠোৰ পদক্ষেপ লোৱা নাছিল৷ সেই সময়ত ইণ্ডিগোৰ পাইলটৰ সৈতে পাকিস্তানৰ এ টি এছৰ যোগাযোগ স্থাপন হৈছিল আৰু পাক অসামৰিক বিমান পৰিবহণ কতৃৰ্পক্ষই ভাৰতীয় বিমান এখনে তেওঁলোকৰ আকাশসীমা উলংঘা কৰাৰ সবিশেষ জানিছিল৷

এই বিষয়ত ইণ্ডিগোৱে কোনো মন্তব্য কৰা নাই৷ ভাৰতীয় অসামৰিক বিমান পৰিবহণ বিভাগৰ মতে বিশেষ পৰিস্থিতিত এনেদৰে নিষিদ্ধ আকাশমাৰ্গত প্ৰৱেশ কৰাৰ ঘটনা অস্বাভাৱিক নহয়৷ বিগত মে’ত এনেদৰে পাকিস্তান ইণ্টাৰনেচনেল এয়াৰলাইন্সৰ এখন বিমানে ভাৰতৰ আকাশমাৰ্গত প্ৰৱেশ কৰিছিল৷ লাহোৰলৈ যোৱাৰ পথত দৃশ্যমানতা কম হোৱাৰ বাবে ভাৰতলৈ সোমাই অহা বিমানখন ভাৰতৰ আকাশমাৰ্গত ১০ মিনিট সময় আছিল৷ উল্লেখ্য, ইণ্ডিগো এয়াৰলাইন্সৰ শেহতীয়া কেতবোৰ বিজুতিয়ে যাত্ৰীক শংকিত কৰি ৰাখিছে৷ যোৱা ৪ জুনত ডিব্ৰুগড় অভিমুখী ইণ্ডিগোৰ এখন বিমানৰ যান্ত্ৰিক বিজুতি হোৱাত অৱতৰণৰ ১৫ মিনিট পূৰ্বে গুৱাহাটীলৈ ঘূৰাই আনি জৰুৰী অৱতৰণ কৰোৱা হয়৷ নতুন দিল্লীৰ পৰা অহা এই বিমানত কেন্দ্ৰীয় পেট্ৰ’লিয়াম-প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু দুই বিজেপি বিধায়ক তেৰছ গোৱালা তথা প্ৰশান্ত ফুকনো আছিল৷ যোৱা ১৫ মে’ত ইণ্ডিগোৰ ডুবাই অভিমুখী বিমানৰ পাখিত চৰায়ে খুন্দিওৱাত মাংগালুৰুত উৰিবলৈ লওতেই অচল হৈ গৈছিল বিমান৷ এটিএছৰ নিৰ্দেশত বিমানখন ৰখোৱাত ইণ্ডিগোৰ বিমানখন ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে৷ বিগত এপ্ৰিলত ইণ্ডিগোৰ বাৰাণসী অভিমুখী এখন বিমান ১৩৭ যাত্ৰীসহ যান্ত্ৰিক বিজুতিৰ বাবে হায়দৰাবাদত অৱতৰণ কৰিবলগীয়া হৈছিল৷ এপ্ৰিলতে দিল্লী-বেংগালুৰু ইণ্ডিগো বিমানৰ জৰুৰীকালীন দুৱাৰ প্ৰায় প্ৰায় খুলি দিছিল এজন যাত্ৰীয়ে৷ চলিত বছৰত দেশৰ ভিতৰতে ইণ্ডিগো বিমানত এনেধৰণৰ কমপক্ষেও ১০ টা ঘটনা সংঘটিত হোৱাত ইণ্ডিগোৰ যাত্ৰা কিমান সুৰক্ষিত সেই লৈ প্ৰশ্ন উঠিছে৷