Logo
image

খাদ্য নিয়ন্ত্ৰণ, শৰীৰ চৰ্চা কৰাৰ পাছতো ওজন নকমাৰ কাৰণ

বহুতে শৰীৰ চৰ্চা কৰি ওজন কমায়৷ কিছুমানৰ আকৌ বিপাকহাৰ উন্নত নোহোৱাত শৰীৰ চৰ্চা কৰিলেও অতিৰিক্ত ওজন নকমে৷ ফলত এনেলোকৰ বাবে খাদ্য নিয়ন্ত্ৰণৰ প্ৰয়োজন হয়৷ আন কিছুমানে আকৌ খাদ্য নিয়ন্ত্ৰণ আৰু শৰীৰ চৰ্চা দুয়োটাই কৰে৷ পুষ্টি বিশেষজ্ঞসকলৰ মতে জীৱনশৈলীৰ পৰিৱৰ্তনৰ পাছতো যদি ওজনৰ তাৰতম্য নঘটে, তেন্তে বুজিব লাগিব যে শৰীৰত সমস্যাৰ সৃষ্টি হৈছে৷

চিকিৎসকসকলৰ মতে জীৱনধাৰাৰ সৈতে সম্পৰ্ক থকা কিছুমান ৰোগ আছে, যিবোৰ ৰোগৰ বাবে মেদ কমোৱাটো সম্ভৱ নহয়৷ এনেক্ষেত্ৰত ওজন কমোৱাৰ বাবে চেষ্টা কৰাৰ পূৰ্বে কেইটামান কথা মনত ৰখাটো জৰুৰী–

⬛হাইপ’থাইৰয়েডিজমঃ তেজত থাইৰয়েড হ’ৰমনৰ ভাৰসাম্য বিঘ্নিত হ’লে বিপাকহাৰত তাৰ প্ৰভাৱ পৰে৷ ফলত ওজন বা মেদ কমাবলৈ বহু বেছি পৰিশ্ৰম কৰিবলগীয়া হয়৷

⬛ষ্ট্ৰেছঃ মানসিক চাপ আৰু উদ্বেগ যদি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়, তেতিয়াও ওজন কমোৱাটো কঠিন হৈ পৰে৷ কিয়নো ষ্ট্ৰেছ বা মানসিক অৱসাদৰ পৰা কৰ্টিজল হ’ৰমনৰ ভাৰসাম্য বিঘ্নিত হয়৷ দেহৰ ওজন বঢ়াৰ ক্ষেত্ৰত এইবিধ হ’ৰমনৰ যথেষ্ট ভূমিকা আছে৷

⬛টোপনি কমঃ কিছুমানে আকৌ ওজন কমোৱাৰ বাবে সকলো চেষ্টা অব্যাহত ৰাখে যদিও টোপনিক গুৰুত্ব নিদিয়ে৷ বহুতে দিনৰ দিনটো অক্লান্ত পৰিশ্ৰম কৰি ৰাতি টোপনি ক্ষতি কৰে৷ এনেকুৱা হ’লে  টোপনি নোহোৱা সময়খিনিত যিকোনো খাদ্য খোৱাৰ প্ৰৱণতা বাঢ়ে৷ ফলত পুৱা শুই উঠাত পলম হয়৷ এনেকুৱা হ’লে শৰীৰ চৰ্চাৰ প্ৰতি আগ্ৰহ কমে৷ পৰিণতিত ওজন কমোৱাটো কঠিন হৈ পৰে৷

⬛ইনছুলিনৰ ভাৰসাম্যঃ খাদ্য খোৱাৰ পাছত সেইবোৰ গ্লুক’জত পৰিণত হয়৷ গ্লুক’জে তেজত শৰ্কৰাৰ মাত্ৰা বঢ়ায়৷ অগ্নাশয়ৰ পৰা নিঃসৃত ইনছুলিনে সেই গ্লুক’জ দেহৰ বিভিন্ন কোষলৈ সঞ্চাৰিত কৰে৷ কিন্তু ইনছুলিনৰ কাৰ্যক্ষমতা কমি যোৱাৰ লগে লগে সেই নিয়ম বিঘ্নিত হয়৷ তেতিয়া তেজত থকা অতিৰিক্ত শৰ্কৰা আৰু মেদ বৃদ্ধি পায়৷

⬛পিচিওএছঃ মহিলাসকলৰ ক্ষেত্ৰত ওজন হ্ৰাস নোপোৱাৰ এটি প্ৰধান কাৰণ হৈছে পিচিওএছ৷ এইক্ষেত্ৰত মূলতঃ দায়ী হ’ৰমন৷ প্ৰজননৰ সহায়ক এই হ’ৰমনৰ ভাৰসাম্য বিঘ্নিত হ’লে পিচিওএছৰ সমস্যাই দেখা দিয়ে৷ ইয়াৰ প্ৰভাৱ পৰে বিপাকহাৰত৷ ফলত মহিলাসকলৰ বাবে অতিৰিক্ত ওজন হ্ৰাস কৰাটো কঠিন হৈ পৰে৷