Logo
image

কোক্‌ৰাঝাৰত হৰিণাৰ মাংস বুলি গো-মাংস বিক্ৰী

‘আমাৰ অসম’, ১২ জুনঃ এমাহ পূৰ্বে কোকৰাঝাৰত গো-মাফিয়া এটাই লোকৰ গৰু চুৰি কৰি গো-মাংসৰ ব্যৱসায় চলাই ৰাইজ আৰু আৰক্ষীৰ ৰোষত পৰিবলগীয়া হোৱাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই এইবাৰ হৰিণাৰ মাংস বুলি গো মাংস বিক্ৰী কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ অৱশ্যে এই জঘন্য কাণ্ডত জড়িত চাৰিজন লোকক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে৷ আটকাধীন লোককেইজন হৈছে ভাৰত-ভূটান সীমান্তৰ সৰলপাৰাৰ খালুমন তামাং [৪৮], খেমৰাজ ছেত্ৰী [১৮], ভীম তামাং [৩০] আৰু চনম ছেত্ৰী নামৰ এজন নাবালক৷ তেওঁলোকৰ কবলৰ পৰা এটা হস্তনিৰ্মিত বন্দুক আৰু খুকুৰী জব্দ কৰা হৈছে৷