Logo
image

ভূমিস্খলনৰ আশংকাঃ আজাৰা ৰাজহ চক্ৰ এলেকাত মাইকযোগে ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক দিনত কেবাদিনলৈ ৰাজ্যত বৰষুণ হ'ব বুলি ঘোষণা কৰাৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ৰাজ্যৰ সকলো জিলা উপায়ুক্তক সতৰ্কতা অবলম্বন কৰিবলৈ নিৰ্দেশ দিয়ে। এই নিৰ্দেশৰ পাছতেই সোমবাৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই প্ৰতিজন ৰাজহ চক্ৰ বিষয়াক নিজ নিজ এলেকাত সম্ভাব্য ভূমিস্খলন হ'ব পৰা পাহাৰীয়া অঞ্চলসমূহত ৰাইজক সতৰ্ক হৈ থকাৰ বাবে সজাগতা অভিযান আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে। নিৰ্দেশ অনুসৰি, মহানগৰীৰ পশ্চিম প্ৰান্তৰ আজাৰা ৰাজহ চক্ৰ এলেকাৰ কাঁহিকুছি ৰাজহ গাঁৱৰ মাটিয়া পাহাৰৰ সম্ভাব্য ভূমিস্খলন ঠাইসমূহৰ বাসিন্দাৰ মাজত সোমবাৰে আজাৰা ৰাজহ চক্ৰ কাৰ্যালয়ৰ জৰিয়তে সতৰ্কতামূলক জাননী জাৰি কৰা হয়। মাটিয়া পাহাৰৰ সম্ভাব্য ভূমিস্খলন এলেকাসমূহত দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ আজাৰা ৰাজহ চক্ৰৰ ক্ষেত্ৰ বিষয়া অজয় মজুমদাৰৰ নেতৃত্বত যোৱা দলটোয়ে উক্ত এলেকাৰ পৰিয়ালসমূহৰ ঘৰে ঘৰে গৈ জাননী বিতৰণ কৰাৰ লগতে মাইকযোগে সতৰ্কতামূলক প্ৰচাৰ চলায়। দলটোত আজাৰা ৰাজহ চক্ৰৰ লাট মণ্ডল মহেশ কলিতা, গয়াধৰ নাথ আৰু কাৰ্যালয় সহকাৰী মনোজ দাসো উপস্থিত থাকে।