Logo
image

বিজেপি নেত্ৰী জোনালী নাথৰ হত্যাকাণ্ডক তীব্ৰ গৰিহণা বিজেপিৰ মেঘালয় মহিলা মৰ্চাৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ বিজেপি দলৰ গোৱালপাৰা জিলাৰ সম্পাদিকা জোনালী নাথক ১১ জুনৰ সন্ধিয়া নিজ ঘৰৰ ওচৰতে কোনো দুস্কৃতিকাৰীয়ে বৰ্বৰভাবে হত্যা কৰা ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আনকি বিজেপি দলৰ অসম প্ৰদেশ কমিটিৰ ভিতৰচ'ৰাটো জোকাৰণিৰ সৃষ্টি কৰাৰ লগতে ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ নেতৃত্বত এটা সজাতি দল জোনালী নাথৰ ঘৰলৈ ৰাওনা হৈছে। আনকি মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এজন মহাপৰিদৰ্শক পৰ্যায়ৰ  শীৰ্ষ বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা উচ্চপদস্থ বিষয়াৰ দল তদন্তৰ বাবে ঘটনাস্থলীলৈ ৰাওনা হৈছে। ইফালে বৰ্বৰ হত্যাকাণ্ডৰ ঘটনাটোৱে বিজেপিৰ অসম মহিলা মৰ্চাৰ লগতে চুবুৰীয়া ৰাজ্যৰ মেঘালয় বিজেপিৰ মহিলা মৰ্চাকো বাৰুকৈয়ে শোকাকুল কৰিছে।  বিজেপিৰ মেঘালয় মহিলা মৰ্চাৰ সম্পাদিকা ৰিয়া চাংমাই এটা বিবৃতিত জোনালী নাথৰ হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে অসম চৰকাৰক ইয়াৰ আঁৰত থকা সকলো দোষীকে বিচাৰি উলিয়াই কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে। বিবৃতিটোত ৰিয়া চাংমাই এনেধৰণৰ জঘন্য ঘটনা কোনো কাৰণতে সভ্য সমাজৰ বাবে গ্ৰহণযোগ্য নহয় বুলি কয়। চাংমাই জোনালী নাথৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।