Logo
image

'মোদী থালি'ৰে আমেৰিকালৈ প্ৰধানমন্ত্ৰীক আদৰণি

ডিজিটেল ডেস্কঃ মাৰ্কিন ৰাষ্ট্ৰপতি জ' বাইডেনৰ আমন্ত্ৰণ ক্ৰমে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ২১ জুনত যুক্তৰাষ্ট্ৰত উপস্থিত হ'ব৷ মোদীৰ চাৰিদিনীয়া কাৰ্যসূচীক লৈ আমেৰিকাত বিশেষ চৰ্চা চলিছে৷ প্ৰধানমন্ত্ৰী মোদীৰ সন্মানাৰ্থে নিউ জাৰ্ছিৰ এখন ৰেস্তোৰাঁই 'মোদী থালি'ৰে গ্ৰাহকক আকৰ্ষিত কৰাৰ চেষ্টা চলাইছে৷ 'মোদী থালি'ত ভাৰতীয় খাদ্য বৈচিত্ৰই দেশখনৰ নাগৰিকক আকৰ্ষিত কৰিব বুলি ধাৰণা কৰা হৈছে৷ এই অভিনৱ থালিখনৰ পৰিকল্পনা কৰিছে ৰেস্তোৰাঁখনৰ শ্ৰীপদ কুলকাৰ্নিয়ে৷ আনহাতে বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ সন্মানাৰ্থেও আন এক থালিৰ পৰিকল্পনা কৰিছে৷