Logo
image

জোনালীক হত্যা কৰাৰ কথা স্বীকাৰ হাছানুৰৰঃ প্ৰেমজনিত কাৰণতে হত্যা কৰা হৈছিল বিজেপি নেত্ৰী জোনালী নাথক

ডিজিটেল সংবাদ, গুৱাহাটীঃ প্ৰেমজনিত কাৰণতে গোৱালপাৰাৰ বিজেপিৰ নেত্ৰী জোনালী নাথক হত্যা কৰিছিল মাটিয়া আৰক্ষী থানাৰ অন্তৰ্গত বৰবালু পাৰাৰ বাসিন্দা, বুদুচৰ গাওঁ পঞ্চায়তৰ সদস্য তথা মাটিয়া বজাৰৰ কাপোৰ দোকানী হাছানুৰ ইছলামে। সোমবাৰে সন্ধিয়া গোৱালপাৰা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি আইন শৃংখলাৰ আই জি পি দেৱৰাজ উপাধ্যায়ে কয় যে হাছানুৰ ইছলামৰ সৈতে জোনালী নাথৰ বিগত দুবছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল। কিন্তু কেইমাহ মান পূৰ্বে হাছানুৰ ইছলামৰ অন্য ছোৱালীৰ সৈতে সমাজিকভাৱে বিয়া ঠিক হয়৷ এইদৰে জোনালীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি অন্য ছোৱালীক বিয়া পাতিবলৈ যোৱাক লৈ দুয়োৰে মাজত সংঘাতৰ সৃষ্টি হয়। ইপিনে দেওবাৰে সন্ধিয়া ইয়াকে লৈ হাছানুৰ ইছলামৰ এ এছ ১৮ এল ৫৫৩৭ নম্বৰৰ গাড়ীত দুয়োৰে মাজত তীব্ৰ বাক-বিতণ্ডা হয় আৰু খঙত হাছানুৰে জোনালীক প্ৰচণ্ড জোৰেৰে কেবাটাও ঘোচা মাৰাৰ ফলত অচেতন হৈ পৰে। এইদৰে চলন্ত গাড়ীত হত্যা কৰি কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত ১৭ নং ৰাষ্ট্রীয় ঘাইপথৰ শালপাৰাত গাড়ীৰ পৰা জোনালীৰ মৃতদেহ গতিয়াই পেলাই দিয়া বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে হাছানুৰে। ইতিমধ্যে আৰক্ষীয়ে হাছানুৰক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাই ১৪ দিনৰ ন্যায়িক জিম্মালৈ বিচাৰে যদিও দণ্ডাধীশে ৫ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। ইপিনে আৰক্ষীয়ে জব্দ কৰা হাছানুৰৰ গাড়ীত থকা তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে পঠোৱা বুলিও জানিবলৈ দিয়ে আই জি পি দেৱৰাজ উপধ্যায়ে। আৰক্ষীৰ তদন্তত পৰৱৰ্তী সময়ত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে বুলিও সদৰি কৰে আই জি পি গৰাকীয়ে৷ হাছানুৰে অকলে হত্যাকাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰিছে যদিও আন কোনো ব্যক্তি জড়িত থাকিব পাৰে নেকি তাক লৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে৷ সংবাদমেলত অপৰাধ অনুসন্ধান শাখাৰ আই জি পি প্ৰশান্ত কুমাৰ ভূঞাৰ লগতে গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডী উপস্থিত থাকে।