Logo
image

প্ৰতিবাদী শিক্ষকক তাচ্ছিল্য শিক্ষামন্ত্ৰীৰঃ শিক্ষকৰ চাকৰি এৰি নিৰ্বাচন খেলক

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ জুনঃ প্ৰাপ্য বিচাৰি আন্দোলনৰ পথ লোৱাৰ কথা ঘোষণা কৰা শিক্ষকসকলক উদ্দেশ্যি পুনৰ তাচ্ছিল্যসূচক মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে৷ দাবী পূৰণ নহ’লে চাকৰি বাদ দিয়াৰ হুংকাৰ দিয়া শিক্ষকসকলে চাকৰি এৰি নিৰ্বাচন খেলা উচিত বুলি উপলুঙাসূচক মন্তব্য আগবঢ়াইছে শিক্ষামন্ত্ৰীয়ে৷ ৰাজনীতিৰ প্ৰতি আকৰ্ষিত শিক্ষকসকলক চাকৰি ইস্তফা দি প্ৰত্যক্ষ ৰাজনীতিত জড়িত হ’বলৈ ইতিকিংসূচক পৰামৰ্শ দিছে শিক্ষামন্ত্ৰীয়ে৷ সোমবাৰে গুৱাহাটীৰ দিছপুৰস্থিত নেডফি হাউচত এখন সংবাদমেল আয়োজন কৰি শিক্ষামন্ত্ৰী পেগুৱে কয়–ৰাজ্যৰ শিক্ষকসকলৰ সমস্যাক লৈ সকলো সজাগ৷ শিক্ষকৰ সমস্যা লৈ শিক্ষকসকলে চিন্তন বৈঠক অনুষ্ঠিত কৰিছে৷ কিন্তু ছাত্ৰ-ছাত্ৰীৰ সমস্যাক লৈ সৰৱ নহয় শিক্ষক সমাজ৷ শিক্ষকৰ সমস্যাক লৈ যদি চিন্তন বৈঠক অনুষ্ঠিত কৰা হয়, ছাত্ৰ-ছাত্ৰীৰ সমস্যাক লৈও চিন্তন বৈঠক অনুষ্ঠিত হ’ব লাগে৷ শিক্ষকসকলে যদি সঁচাকৈ ছাত্ৰ-ছাত্ৰীৰ কল্যাণ বিচাৰে তেনেহ’লে ছাত্ৰ-ছাত্ৰীৰ চিন্তন বৈঠকৰ নেতৃত্ব ল’ব লাগে শিক্ষক সমাজে৷ এচাম শিক্ষক ৰাজনীতিৰ প্ৰতি অধিক আকৰ্ষিক হোৱা দেখা গৈছে৷ তেওঁলোকে বিজেপিক ভোট নিদিও বুলি সিদ্ধান্ত লৈছে৷ তেওঁলোকে চাকৰি বাদ দি বিজেপি বিৰোধী দল গঠন কৰক বা আন বিৰোধী দলত যোগ দিয়ক৷ তাত কোনো বাধা নাই৷ কিন্তু চৰকাৰী চাকৰি কৰি থাকি ৰাজনীতি কৰি যাব এয়া হ’ব নোৱাৰে৷ তেওঁলোকে পদত্যাগ কৰি বিজেপি বিৰোধী দলত যোগদান কৰক৷ উল্লেখ্য, ৰাজ্যৰ ঠিকাভিত্তিক টেট্‌ শিক্ষকসকলে চাকৰি নিয়মীয়া নকৰিলে ইয়াৰে প্ৰতিবাদত পৰৱৰ্তী নিৰ্বাচনত বিজেপিক সমৰ্থন নকৰে বুলি ঘোষণা কৰিছিল৷ প্ৰতিবাদী টেট্‌ শিক্ষকসকলৰ এনে মন্তব্যৰ পাছত শিক্ষামন্ত্ৰী পেগুৱে শিক্ষকসকলক উপলুঙাসূচকভাৱে চাকৰি ইস্তফা দি নিৰ্বাচন খেলিবলৈ পৰামৰ্শ দিয়ে৷ ঠিকাভিত্তিক টেট্‌ শিক্ষকসকলে চাকৰি নিয়মীয়াকৰণৰ দাবীত দীৰ্ঘদিনে প্ৰতিবাদ কৰি আহিছে৷