Logo
image

দুপৰ টেঙাৰ ৰস খালেও পাব অনেক উপকাৰ

খাদ্যাভ্যাসৰ ফলত সাধাৰণতে কিডনীত পাথৰৰ সৃষ্টি হয়৷ কেতিয়াবা অপৰিশোধিত পানীৰ পৰাও কিডনীত পাথৰ হয়৷ সাধাৰণতে কিডনীত পাথৰ হ’লে অস্বাভাৱিক বিষ হোৱাৰ উপৰি প্ৰস্ৰাৱত গুৰুতৰ সমস্যাৰ সৃষ্টি হয়৷ তাৎক্ষণিকভাৱে ইয়াৰ চিকিৎসা নকৰিলে ৰোগীৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে৷ কিডনীৰ পাথৰ দূৰ কৰিবলৈ ঘৰুৱাভাৱে প্ৰস্তুত কৰা ঔষধো প্ৰাথমিক পৰ্যায়ত খাব পাৰি৷ এইক্ষেত্ৰত দুপৰ টেঙাৰ ৰস উপযোগী বুলি বিবেচিত হৈছে৷

- কিডনীত পাথৰ হ’লে দুপৰ টেঙাৰ পাত কেইটামান খুন্দি তাৰ ৰস দিনটোত দুই-তিনিবাৰকৈ খালে যথেষ্ট উপশম পাব পৰা যায়৷
- জণ্ডিছ নিৰাময়ঃ লিভাৰৰ যিকোনো সমস্যাৰ পৰা হাত সাৰিবলৈ সতেজ দুপৰ টেঙাৰ পাতৰ ৰস খাব পাৰে৷
- চৰ্দি নিৰাময়ঃ চৰ্দিৰ সমস্যাত বহুদিন ধৰি আক্ৰান্ত হৈ থাকিলে দুপৰ টেঙাৰ পাতৰ ৰস খালেও আৰোগ্য হ’ব পাৰে৷
- আঘাতপ্ৰাপ্ত অংশত লগালেঃ শৰীৰৰ যিকোনো ঠাইত পুৰিলে, অথবা আঘাত পালে ক্ষত স্থান পৰিষ্কাৰ কৰি লৈ দুপৰ টেঙাৰ পাত পিচি লগালে উপশম পাব পাৰি৷
-  উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণ আৰু মূত্ৰনলীৰ সমস্যাৰ পৰা হাত সাৰিবলৈ দুপৰ টেঙাৰ পাতৰ ৰস খাব পাৰে৷ ইয়াৰ উপৰি ছালৰ যত্ন লোৱাৰ বাবেও দুপৰ টেঙাৰ পাতৰ ৰস ব্যৱহাৰ কৰিব পাৰে৷ দুপৰ টেঙাৰ ৰসেৰে ছাল পৰিষ্কাৰ কৰিলে ছাল সতেজ আৰু সুন্দৰ হৈ পৰে৷
- কলেৰা-ডায়েৰিয়া, ৰক্তহীনতাত ভুগিলে দুপৰ টেঙাৰ ৰস খালে উপশম পাব পাৰে৷
- জলকীয়াৰ সৈতে দুপৰ টেঙাৰ ৰস খালে অৰ্শ ৰোগৰ পৰা হাত সাৰিব পাৰি৷