Logo
image

এবছৰত সৰ্বাধিক পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ চীনৰ

‘আমাৰ অসম’ বিশেষ সেৱা, নতুন দিল্লী, ১৩ জুনঃ বিগত এটা বছৰত পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰ বৃদ্ধি কৰাৰ ক্ষেত্ৰত সবাতোকৈ আগত থাকে চীন৷ চীনৰ লগতে ৰুছ, ভাৰত, পাকিস্তান আৰু উত্তৰ কোৰিয়ায়ো পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰ বৃদ্ধি কৰে৷ এটা বছৰত চীনে ৬০টা, ৰাছিয়াই ১২টা, পাকিস্তানে পাঁচটা, উত্তৰ কোৰিয়াই পাঁচটা আৰু ভাৰতে চাৰিটা পাৰমাণৱিক অস্ত্ৰ বৃদ্ধি কৰে৷ কিন্তু চীনৰ তুলনাত আন দেশৰ পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণত সকলো দেশ পিছপৰি ৰয়৷ ‘ষ্টকহ’ম ইণ্টাৰনেশ্বনেল পীচ ৰিছাৰ্চ ইনষ্টিটিউট’ৰ দ্বাৰা প্ৰকাশিত তথ্যত এই কথা পোহৰলৈ আহে৷ সংস্থাটোৰ প্ৰতিবেদন অনুসৰি বৰ্তমান সমগ্ৰ বিশ্বতে আছে ১২,৫১২টা পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰ৷ তাৰ পাছতো বিশ্বৰ দেশবোৰৰ মাজত পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰ বৃদ্ধিৰ প্ৰতিযোগিতা অব্যাহত আছে৷ পৃথিৱীখন ধবংস কৰিবলৈ এই পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰবোৰেই যথেষ্ট৷ গতিকে বৰ্তমান মানৱ সমাজে অতি ভয়ংকৰ পৰিস্থিতিৰ মাজেৰে গতি কৰিছে৷ সংস্থাটোৰ মতে বৰ্তমান বিশ্বৰ দেশবোৰৰ মাজৰ সম্পৰ্কৰ অৱনতি ঘটাৰ ফলতে দিনক দিনে পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰ আহৰণৰ প্ৰতিযোগিতা বৃদ্ধি পাইছে৷ মুঠ ১২,৫১২টা পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰৰ ভিতৰত থাউকতে ব্যৱহাৰ কৰিব পৰাকৈ সাজু আছে ৯,৫৭৬টা৷ কিন্তু ৰাছিয়া আৰু আমেৰিকাৰ হাততে মজুত আছে বিশ্বৰ ৯০ শতাংশ পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰ৷ বৰ্তমান ৰাছিয়াৰ পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰৰ সংখ্যা হ’ল ৪,৪৮৯টা৷ আমেৰিকাৰ ওচৰত আছে ৩,৭০৮টা৷ চীনৰ ওচৰত আছে ৪১০টা, পাকিস্তানৰ আছে ১৭০টা আৰু ভাৰতৰ আছে ১৬৪টা৷ আমেৰিকাই যোৱা এটা বছৰত নতুনকৈ পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কৰা নাই৷ ভাৰততকৈ পাকিস্তানে পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰ প্ৰস্তুতত অধিক গুৰুত্ব দি আহিছে৷ সেয়ে ভাৰততকৈ পাকিস্তানত ৬টা পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰ অধিক আছে৷