Logo
image

পাকিস্তানক কম দামতে তেল দিলে ৰাছিয়াই

ইছলামাবাদ, ১৩ জুনঃ ভয়ংকৰ আৰ্থিক সংকটে জুৰুলা কৰা পাকিস্তানত এতিয়া ইন্ধনৰ দাম আকাশচুম্বী হৈছে৷ গোলকীয় বজাৰত তেলৰ দাম উঠা-নমা কৰি থকাৰ ফলত পাকিস্তানে উচ্ছ দৰত তেল আমদানি কৰোঁতে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে৷ গতিকে ৰাছিয়াৰ পৰা কম দামতে খাৰুৱা তেল ক্ৰয়ৰ বাবে পাকিস্তানে চেষ্টা চলাই আছিল৷ পাকিস্তানৰ এই দুখৰ দিনত চীনৰ অনুৰোধত ৰাছিয়াই সহায় কৰিবলৈ আগবাঢ়ি আহে৷ ৰাছিয়াই কম দামত পাকিস্তানলৈ খাৰুৱা তেল আগবঢ়োৱাৰ সিদ্ধান্ত লয়৷ দেওবাৰে ৰাছিয়াৰ খাৰুৱা তেলৰ প্ৰথমটো খেপ পাকিস্তান পায়হি৷ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে এই সুখবৰটো জনায় দেশখনৰ জনতাক৷ ৰাছিয়াৰ পৰা খাৰুৱা তেল লাভ কৰাৰ ফলত পাকিস্তানৰ জনতাই ইন্ধনৰ উচ্ছ মূল্যবৃদ্ধিৰ পৰা কিছু সকাহ পাব৷ কম দামত খাৰুৱা তেল লাভ কৰাৰ ফলত দেশখনত পেট্ৰ’ল-ডিজেলৰ মূল্যও কিছু হ্ৰাস পাব বুলি ধৰি লোৱা হৈছে৷ চীনৰ অনুৰোধত ৰাছিয়াই পাকিস্তানৰ সৈতে তেলৰ চুক্তি স্বাক্ষৰ কৰিছিল৷ ৰাছিয়াই এই সহায় কৰাত আনন্দিত হৈ পৰা প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে টুইট কৰি কয় যে তেওঁ দেশবাসীৰ ওচৰত দিয়া আন এটা প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে৷