Logo
image

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰতৰ ব্যৰ্থতা

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী-মাৰ্চত ভাৰতত অনুষ্ঠিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী টেষ্ট শৃংখলাত ভাৰত জয়ী হৈছিল ২-ৰ ব্যৱধানত৷ অষ্ট্ৰেলিয়াই সেই পৰাজয়ৰ পোতক তুলিলে সদ্যসমাপ্ত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত৷ ভাৰতক ২০৯ ৰানত পৰাস্ত কৰি টেষ্ট ক্ৰিকেটৰ নতুন বিশ্ব চেম্পিয়নৰ সন্মান লাভ কৰিলে অষ্ট্ৰেলিয়াই৷ আনহাতে, ক্ৰমাগত দ্বিতীয়বাৰ ফাইনেলত উপনীত হোৱাৰ পাছত একেই ব্যৰ্থতা দেখা গ’ল টীম ইণ্ডিয়াৰ ক্ষেত্ৰত৷ ভাৰতীয় দলৰ এই ব্যৰ্থতাৰ বাবে টীম মেনেজমেণ্টক জগৰীয়া কৰিছে৷ আনহাতে, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰতৰ লজ্জাজনক পৰাজয়ৰ বাবে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগকো (আই পি এল) জগৰীয়া কৰা হৈছে৷ ইয়াকো কোৱা হৈছে যে এদিনীয়া ক্ৰিকেট আৰু টুৱেণ্টী২০ ক্ৰিকেটক অধিক গুৰুত্ব দিয়া বাবে টেষ্ট ক্ৰিকেটৰ গুৰুত্ব কমি গৈছে৷ এটা কথা স্বীকাৰ্য যে বৰ্তমান ব্যস্ততাৰ দিনত পাঁচদিন ধৰি টেষ্ট ক্ৰিকেট চোৱাৰ ধৈৰ্য বহুতৰে নাই৷ আনহাতে, কম সময়ত ৫০ আৰু ২০ অভাৰৰ ক্ৰিকেটত ভৰপূৰ আনন্দ পোৱা যায়৷ কেৱল সেয়াই নহয়, সীমিত অভাৰৰ ক্ৰিকেটৰ যোগেদি প্ৰচুৰ ৰাজহো সংগ্ৰহ হয়৷ কিন্তু এনে যুক্তিৰ বিপৰীতে ক’ব পাৰি যে ক্ৰিকেটৰ প্ৰকৃত মজা টেষ্ট ক্ৰিকেটতহে পোৱা যায়৷ যিসকলে ক্ৰিকেটীয় ব্যাকৰণ ভালদৰে জানে, তেওঁলোকে নিশ্চয় এই কথা মানি ল’ব৷
শেহতীয়া ব’ৰ্ডাৰ-গাভাস্কাৰ টেষ্ট শৃংখলাত ভাৰত জয়ী হ’লেও বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অষ্ট্ৰেলিয়াকে ফেৱৰিট আখ্যা দিছিল ক্ৰিকেট বিশেষজ্ঞসকলে, আৰু অষ্ট্ৰেলিয়ায়ো তেওঁলোকৰ পূৰ্বানুমানক সঠিক প্ৰমাণ কৰিলে৷ অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকী পণ্টিঙৰ লগতে আন কেইবাজনো প্ৰাক্তন ক্ৰিকেটাৰৰ অভিমত হৈছে যে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ বাবে ভাৰতৰ প্ৰস্তুতি সন্তোষজনক নাছিল৷ টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাৰ লগতে প্ৰশিক্ষক ৰাহুল দ্ৰাৱিড়েও ভাৰতৰ ব্যৰ্থতাৰ বাবে পৰোক্ষভাৱে আই পি এলকে জগৰীয়া কৰিছে৷ তেওঁলোকৰ যুক্তি হৈছে যে আই পি এল সমাপ্তিৰ পাছত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলিবলৈ তেওঁলোকৰ হাতত সময় আছিল কেৱল দহদিন৷সেইবাবে দলটোৰ প্ৰস্তুতি সন্তোষজনক নহ’ল৷ এইখিনিতে প্ৰশ্নৰ উদ্ৰেক হয় যে আই পি এলত খেলিবলগীয়া ক্ৰিকেটাৰসকলে যে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে প্ৰস্তুতিৰ সময় নাপাব সেই কথা ভাৰতীয়  ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে জনা নাছিল নেকি? তেওঁলোকে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে নিৰ্বাচন কৰা ক্ৰিকেটাৰসকলক কিছু সময়ৰ বাবে আই পি এলৰ পৰা আঁতৰাই ৰখাৰ কথা নাভাবিলে কিয়? এইখিনিতে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ এটা মন্তব্য বিশেষভাৱে উল্লেখযোগ্য৷ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰতৰ ব্যৰ্থতাৰ পাছত শাস্ত্ৰীয়ে কৈছিল যে দেশ আৰু ক্লাবৰ কোনটোক অগ্ৰাধিকাৰ দিয়া উচিত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে [বি চি চি আই] তাৰ সিদ্ধান্ত লোৱা উচিত৷ ক্ৰিকেট ব’ৰ্ডে আই পি এলৰ চুক্তিত এটা চৰ্ত ৰখা উচিত আছিল,¸ সেয়া হৈছে ৰাষ্ট্ৰীয় দলৰ স্বাৰ্থত যদি কোনো ক্ৰিকেটাৰক আই পি এলৰ বাবে মাতি পঠিওৱাৰ প্ৰয়োজন হয়, সেয়া যাতে সম্ভৱ হয়৷ যদি ক্ৰিকেট ব’ৰ্ডে ফ্ৰেঞ্চাইজী ক্ৰিকেটকে অগ্ৰাধিকাৰ দিয়ে, তেন্তে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ কথা পাহৰি যোৱা উচিত৷ শাস্ত্ৰীৰ এই মন্তব্য যথেষ্ট তাৎপৰ্যপূৰ্ণ৷ কোনো এটা গুৰুত্বপূৰ্ণ শৃংখলাৰ পূৰ্বে টেষ্ট দলৰ খেলুৱৈসকলক  টুৱেণ্টী২০ ক্ৰিকেটৰ পৰা আঁতৰাই ৰখাৰ কথা ভাবিব নোৱাৰিনে? এইখিনিতে অষ্টে˜লিয়াৰ পেচ বলাৰ মিচেল ষ্টাৰ্কৰ কথা উল্লেখ কৰিব পাৰি৷ ৰাষ্ট্ৰীয় দলত খেলাৰ স্বাৰ্থত তেওঁ আই পি এলত খেলিবলৈ অস্বীকাৰ কৰিছিল৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ পৰাজয়ৰ মূল কাৰণ হিচাপে তিনিটা দিশ উল্লেখ কৰা হৈছে৷ প্ৰথমটো হৈছে শীৰ্ষক্ৰমৰ বেটাৰৰ নিৰাশাজনক প্ৰদৰ্শন৷ ইংলেণ্ডৰ পিটচত পেচ বলাৰৰ সন্মুখত ভাৰতীয় বেটাৰৰ দুৰ্বলতাৰ আকৌ এবাৰ প্ৰমাণ পোৱা গ’ল৷ আনহাতে, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে ভাৰতীয় মূল একাদশ নিৰ্বাচনক লৈও টীম মেনেজমেণ্ট সমালোচনাৰ সন্মুখীন হৈছে৷ অভিজ্ঞ অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনক কিয় মূল একাদশত সুযোগ দিয়া নহ’ল বুলিও প্ৰশ্ন উত্থাপন হৈছে৷ আনহাতে, টছত জয়ী হোৱাৰ পাছত প্ৰথমে ফিল্ডিং লোৱাটোও অধিনায়ক ৰোহিত শৰ্মাৰ ভুল সিদ্ধান্ত আছিল বুলি বহুতে মন্তব্য কৰিছে৷ ২০১৩ চনৰ পাছৰ পৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলৰ কোনো টুৰ্নামেণ্টৰ খিতাপ জয় কৰিব পৰা নাই ভাৰতীয় দলে৷ এইবাৰো তাৰ ব্যতিক্ৰম নহ’ল৷ দলটোৰ এই ব্যৰ্থতাৰ কাৰণ বিশ্লেষণৰ প্ৰয়োজন আছে৷ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে যদি দলটোক বিশ্বৰ শীৰ্ষৰ টেষ্ট দলৰ ৰূপত চাব বিচাৰে, তেন্তে এইবোৰ দিশত গুৰুত্ব দিব লাগিব৷