Logo
image

মুমূৰ্ষু জীৱ-জন্তুৰ বাবে ১৯৬২

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ জুনঃ পশুপালক তথা প্ৰেমীসকলৰ বাবে সুখবৰ৷ আপোনাৰ পোহনীয়া জন্তু বা আন পশুধন যদি হঠাৎ অসুস্থ হৈ পৰে তেনেহ’লে চিন্তাৰ কোনো কাৰণ নাই৷ ১৯৬২ এই নম্বৰত ফোন কৰি দিলেই আপোনাৰ মুমূৰ্ষু জীৱ-জন্তুক চিকিৎসা সেৱা আগবঢ়াবলৈ পদুলিত উপস্থিত হ’ব ভ্ৰাম্যমান পশুচিকিৎসা গোট৷ উক্ত ভ্ৰাম্যমান পশু চিকিৎসা গোটত থাকিব এজন পশু চিকিৎসক, এজন পশু চিকিৎসা ক্ষেত্ৰ সহায়ক আৰু সহযোগী কৰ্মচাৰী৷ মঙলবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ১৯৬২ সেৱা৷ ১০৮ অৰ আৰ্হিত পশুৰ চিকিৎসাৰ বাবে প্ৰস্তুত কৰি উলিওৱা হৈছে ‘১৯৬২’ সেৱা৷ মঙলবাৰে আনুষ্ঠানিকভাৱে ১৮১ টা এনে ভ্ৰাম্যমান পশু চিকিৎসা গোট মুকলি কৰা হয়৷ কেন্দ্ৰীয় চৰকাৰৰ ৯০ শতাংশ আৰু ৰাজ্য চৰকাৰৰ ১০ শতাংশ ব্যয় পুঁজি সাপেক্ষে এই ভ্ৰাম্যমান পশু চিকিৎসা গোট প্ৰস্তুত কৰা বুলি মুখ্যমন্ত্ৰী শৰ্মাই সদৰি কৰিছে৷ পশুধনৰ চিকিৎসা, ৰোগ নিৰ্ণয়, পৰীক্ষা কৰা আৰু চেম্পুল সংগ্ৰহৰ সুবিধাও উপলব্ধ হ’ব উক্ত ভ্ৰাম্যমান পশু চিকিৎসা গোটত৷  উল্লেখ্য, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শমাৰ্ই মঙলবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত পশুধন পাম চৌহদৰ খেলপথাৰত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন জিলাৰ বাবে ভ্ৰাম্যমাণ পশু চিকিৎসা ইউনিটৰ সেৱাৰ ফ্লেগ অফ লগতে গুৱাহাটীত নিৰ্মাণ কৰা আঞ্চলিক কৃত্ৰিম প্ৰজনন প্ৰশিক্ষণ কেন্দ্ৰ আৰু বহুমুখী শীতল ভঁৰাল ৰাজ্যবাসীৰ সেৱাত উচৰ্গা কৰে৷  এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ অৰ্থনীতিত কৃষি আৰু পশুপালন খণ্ডই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷ পশুপালকসকলৰ সৈতে জড়িত বিভিন্ন সমবায় সমিতি সমূহৰ কষ্ট, অধ্যৱসায় আৰু উদ্ভাৱনী প্ৰচেষ্টাসমূহ সাৰ্থক কৰি তুলিবলৈ ৰাজ্য চৰকাৰে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে৷ তেওঁ কয় যে আমাৰ ৰাজ্যখনৰ প্ৰায় ৭০ শতাংশ লোক কৃষি কাৰ্যৰ ওপৰত নিৰ্ভৰশীল৷ কৃষিয়েই হ’ল আমাৰ গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ৷ বিজ্ঞানসন্মত পশুপালনৰ দ্বাৰা গাখীৰ, মাংস, কণী আদিৰ পৰ্যাপ্ত উৎপাদনৰ জৰিয়তে পশুজাত সামগ্ৰীৰ ক্ষেত্ৰত ৰাজ্যখনক স্বাৱলম্বী কৰি তুলি অসমৰ অৰ্থনীতিত যাতে এক সুদূৰপ্ৰসাৰী পৰিৱৰ্তন আনিব পাৰে তাৰ বাবে অনুকুল পৰিৱেশ সৃষ্টি কৰিবলৈ ৰাজ্য চৰকাৰে ধাৰাবাহিক প্ৰয়াস অব্যাহত ৰাখিছে৷ পশুপালকসকলৰ ঘৰে ঘৰে গৈ পশুচিকিৎসা সেৱা প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ৯০ শতাংশ আৰু অসম চৰকাৰৰ ১০ শতাংশ পুঁজিৰে ৰাজ্য চৰকাৰে ১৮১ খন ভ্ৰাম্যমান পশুচিকিৎসা বাহন ক্ৰয় কৰিছে৷ পশু চিকিৎসা সেৱা সুলভ আৰু সম্প্ৰসাৰিত কৰি পশুৰ ৰোগ নিয়ন্ত্ৰণৰ বাবে এই ভ্ৰাম্যমাণ পশু চিকিৎসা ইউনিট ৰাজ্যৰ বিভিন্ন জিলাত প্ৰদানৰ পদক্ষেপ লোৱা হৈছে৷ তেওঁ কয় যে এতিয়াৰে পৰা ৰাজ্যৰ পশুপালকসকলে এটা ফোনকলৰ জৰিয়তেই পশু চিকিৎসা সেৱা লাভ কৰিব পাৰিব৷ পশুপালকসকলৰ পৰা ফোন কল লাভ কৰি অগ্ৰাধিকাৰ ভিত্তিত কল চেণ্টাৰসমূহে ভ্ৰাম্যমান পশুপালন ইউনিট প্ৰেৰণৰ সিদ্ধান্ত ল’ব৷  মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ গাখীৰৰ চাহিদা পূৰণ কৰিবলৈ আৰু কৃষকসকলৰ বাবে দুগ্ধ উৎপাদন অধিক লাভজনক কৰি তুলিবলৈ এক বৃহৎ কৃত্ৰিম প্ৰজনন কাৰ্যসূচীৰ প্ৰয়োজন, যি গৰুৰ গাখীৰ উৎপাদন আৰু উৎপাদনশীলতা বৃদ্ধি কৰে৷ ৰাজ্যখনত চেউৰীৰ সংখ্যা বৃদ্ধি কৰাৰ লক্ষ্যৰে ২০২২-২৩ বৰ্ষত ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ অধীনত অসম চৰকাৰে ১.১৬ লাখ লিংগ নিৰ্ধাৰিত শুক্ৰ ক্ৰয় কৰিছে, যাতে ইয়াৰ ব্যৱহাৰৰ জৰিয়তে কৃত্ৰিম প্ৰজননৰ দ্বাৰা আমাৰ গো-পালক সকলে গাই গৰুৰ সংখ্যা বৃদ্ধি কৰি গাখীৰ উৎপাদনৰ পৰিমাণ বঢ়াব পাৰে৷ এই পদক্ষেপৰ সফল ৰূপায়ণৰ ফলত ৪ বছৰৰ ভিতৰত ১.২৮ লাখ উচ্ছ অনুবংশীয় যোগ্যতাসম্পন্ন চেউৰী উৎপাদন হ’ব৷ মুখ্যমন্ত্ৰীয়ে কয় যে মাংস আৰু মাংসজাতীয় সামগ্ৰী, ফলমূল আৰু শাক-পাচলি সংৰক্ষণৰ সুবিধা থকা বহুমুখী শীতল ভঁৰালটিয়ে গুৱাহাটী চহৰৰ বাবে বিশেষকৈ মাংস আৰু মাংসজাত সামগ্ৰীৰ ব্যৱসায়ীসকলৰ বাবে ক’ল্ড চেইনৰ প্ৰয়োজনীয়তা পূৰণ কৰিব৷ অসমত ইতিমধ্যে ক’ল্ড চেইন চলাই থকা ব্যক্তিগত উদ্যোগীৰ সৈতে পিপিপি মডিউলত এই প্ৰকল্পটো পৰিচালনা কৰিবলৈ বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হৈছে৷ পশুপালন বিভাগটোক অধিক গতিশীল কৰাৰ লগতে পশুপালকসকলক স্বাৱলম্বী কৰি তুলিবলৈ ৰাজ্য চৰকাৰে অসমত শ্বেত বিপ্লৱ সূচনা কৰিবলৈ পদক্ষেপ লোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে দুগ্ধ উৎপাদন বৃদ্ধিত অগ্ৰাধিকাৰ দিয়াৰ বাবে সমবায় সমিতিসমূহৰ অধীনত যিসকল গোপালকে গাখীৰ বিক্ৰী কৰে তেওঁলোকক প্ৰতি লিটাৰ মূল্যৰ বিপৰীতে প্ত টকাকৈ প্ৰিমিয়াম দিয়াৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা লৈছে৷ ৰাজ্যখনত বজাৰ-চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি গাহৰি পালন, হাঁহ-কুকুৰা পাম স্থাপন, কণী উৎপাদন ইত্যাদিৰ বাবে উদ্যমী যুৱকসকলক উৎসাহিত কৰাৰ বাবে ৰাজ্য চৰকাৰে পশুপালনৰ ক্ষেত্ৰত উদ্যমিতা শক্তিৰ বিকাশ আৰু ব্যৱসায়ৰ প্ৰসাৰতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে৷ এই অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰাই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শমাৰ্ নেতৃত্বাধীন ৰাজ্য চৰকাৰে কৃষিখণ্ডৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে বক্তব্য আগবঢ়ায়৷ অনুষ্ঠানত সমবায় আদি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা, অসম পশুধন আৰু হাঁহ-কুকুৰা নিগম লিমিটেডৰ অধ্যক্ষ মনোজ শইকীয়া, ৰাজ্য চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, অতিৰিক্ত মুখ্য সচিব আশীষ কুমাৰ ভূটানী, প্ৰধান সচিব মনীশ ঠাকুৰ প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷